A A A A A

पाप: [टालमटोल]

১ কৰিন্থীয়া 14:40
কিন্তু সকলো কৰ্ম সুন্দৰকৈ শালিনতা বজাই কৰা হওক।

উপদেশক 9:10
তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।

উপদেশক 11:4
যি কোনোৱে বতাহক নিৰীক্ষণ কৰে, তেওঁ বীজ ৰোপন কৰিব নোৱাৰে, যি কোনোৱে বৰষুণক নিৰীক্ষণ কৰে, তেওঁ শস্য দাব নোৱাৰে।

গালাতীয়া 6:9
আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।

ইব্ৰী 12:11
সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।

ইব্ৰী 10:12
কিন্তু খ্ৰীষ্টে হ’লে, একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰিলে আৰু সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহিল৷

যাকোব 4:17
এতেকে যিজনে সৎ কৰ্ম কৰিবলৈ জানিও, উচিত ভাবে নকৰে, সেই জনে পাপ কৰে।

যোহন 9:4
আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।

লূক 12:35
“তোমালোকে কঁকাল বান্ধা আৰু তোমালোকৰ চাকি জ্বলি থাকক,

লূক 12:40
তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।”

মথি 6:33
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।

ফিলিপীয়া 4:13
মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।

প্রবচন 10:4
এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।

প্রবচন 12:24-25
[24] পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।[25] মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে; কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে।

প্রবচন 13:4
এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়।

প্রবচন 14:23
সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়; কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।

প্রবচন 18:9
আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে, তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে।

প্রবচন 20:4
এলেহুৱা লোকে শৰৎ কালত হাল নাবায়; আৰু তেওঁ শস্য দোৱাৰ সময়ত অলপ শস্য বিচাৰে, কিন্তু একোকে নাপায়।

প্রবচন 21:17
যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব; আৰু যি জনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনৱান নহ’ব।

প্রবচন 27:1
কাইলৈৰ বিষয়ে অহংকাৰ নকৰিবা; কাৰণ দিনটোত কি হ’ব, সেই বিষয়ে তুমি নাজানা।

ৰোমীয়া 7:20-21
[20] কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰোঁ, তেনেহলে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে।[21] এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে।

ইফিচীয়া 5:15-17
[15] এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক;[16] সুসময়ক কিনি লব; কিয়নো এই কাল মন্দ।[17] এই হেতুকে আপোনালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক।

লূক 9:59-62
[59] পাছত যীচুৱে আন এজনক ক’লে, “তুমি মোৰ পাছে পাছে আহা।” কিন্তু তেওঁ ক’লে, “হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক মৈদাম দিবলৈ অনুমতি দিয়ক৷”[60] তেতিয়া তেওঁ সেই মানুহ জনক কলে, “মৃতবোৰে নিজৰ নিজৰ মৃতবোৰক মৈদাম দিয়ক কিন্তু তুমি গৈ ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰা।”[61] আন এজনে ক’লে, “হে প্ৰভু, ময়ো আপোনাৰ পাছে পাছে যাম কিন্তু প্ৰথমতে মোৰ ঘৰৰ মানুহবোৰৰ পৰা বিদায় লবলৈ মোক অনুমতি দিয়ক।”[62] যীচুৱে তেওঁক ক’লে, “যি কোনোৱে নাঙলত হাত থৈ পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।”

প্রবচন 24:30-34
[30] মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ, জ্ঞানশূন্য মানুহৰ দ্ৰাক্ষাবাৰীৰ ওচৰেদি গৈছিলোঁ।[31] চাৰিওফালে কাঁইটীয়া বন গজিছিল, গোটেই পথাৰ কাঁইটে ঢাকি ধৰিছিল, আৰু সীমাত থকা শিলৰ বেৰা ভাঙি গৈছিল।[32] তাৰ পাছত মই চাই বিবেচনা কৰিলোঁ; আৰু চালোঁ আৰু শিক্ষা পালোঁ।[33] “অলপ টোপনি, আৰু অলপ টোপনি, জীৰণি লবলৈ হাত সাৱটি থাকিলে,[34] দৰিদ্ৰতা ডকাইতৰ দৰে তোমালৈ আহিব, আৰু তোমাৰ প্রয়োজনীয়তা সুসজ্জিত যুদ্ধাৰুৰ দৰে আহিব।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions