১ কৰিন্থীয়া 10:13-14 |
[13] যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।[14] এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল সকলো প্ৰকাৰৰ মূৰ্তিপূজাৰ পৰা দূৰৈত থাকক৷ |
|
১ যোহন 2:16 |
কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। |
|
১ কৰিন্থীয়া 15:33 |
আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে। |
|
যাকোব 4:7 |
এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব। |
|
১ কৰিন্থীয়া 6:12 |
“মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰে মই দাস নহ’ম। |
|
১ পিতৰ 5:10 |
আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব। |
|
সামসঙ্গীত 50:15 |
সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।” |
|
ৰোমীয়া 5:3-5 |
[3] অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ ৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷[4] ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷[5] সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে। |
|
১ কৰিন্থীয়া 6:9-11 |
[9] যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,[10] যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।[11] আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল। |
|
তীত 2:12 |
আৰু আমি ভক্তি লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধার্মিক আৰু সৎ ভাবেৰে এই বর্তমান সংসাৰত যেন জীৱন-যাপন কৰিব পাৰোঁ, তাৰ বাবে এই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে। |
|
যাকোব 1:2-3 |
[2] হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;[3] কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে। |
|
ইব্ৰী 4:15-16 |
[15] কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।[16] এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ। |
|
যোহন 3:16-17 |
[16] কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।[17] কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে। |
|
ফিলিপীয়া 4:13 |
মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে। |
|
সামসঙ্গীত 95:8 |
তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা; তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল। |
|
মথি 6:13 |
আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷’ |
|
মথি 26:41 |
পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল”। |
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |