A A A A A

मठ के संकेत: [नंबर 10]


১ রাজাবলি 7:23
পাছত হীৰমে সাঁচত ঢলা এটা ঘূৰণীয়া সমুদ্ৰ-পাত্ৰ নিৰ্ম্মাণ কৰিলে৷ সেই পাত্ৰটোৰ এখন কানৰ পৰা আন খনলৈ দহ হাত, তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি ত্ৰিশ হাত আছিল৷

গণনা পুস্তক 11:11
পাছে মোচিয়ে যিহোৱাক জনালে, “তুমি কি কাৰণে তোমাৰ দাসক ইমান ক্লেশ দিছা? কি কাৰণে বা মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পোৱা নাই? তুমি এই সকলো লোকৰ ভাৰ মোৰ ওপৰত দিছা?

দ্বিতীয় বিবরণ 1:11
আপোনালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই বর্তমানতকৈ আপোনালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক; তেওঁৰ প্রতিজ্ঞা অনুসাৰেই আপোনালোকক তেওঁ আশীৰ্ব্বাদ কৰক।

লেবীয় পুস্তক 20:13
আৰু কোনো পুৰুষে যদি মহিলাৰ দৰে পুৰুষে সৈতে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো ঘিণ লগীয়া কৰ্ম কৰে। তেওঁলোকৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।

১ কৰিন্থীয়া 6:9-11
[9] যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,[10] যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।[11] আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।

১ কৰিন্থীয়া 10:13
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।

ৰোমীয়া 1:20
কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে;

ফিলিপীয়া 4:19
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।

সামসঙ্গীত 55:22
যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।

২ তীমথিয় 3:16
সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক;

লূক 23:34
তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।

আদিপুস্তক 1:31
পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।

সামসঙ্গীত 104:9
এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।

আদিপুস্তক 6:12
ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে।

আদিপুস্তক 7:20
পাহাৰ-পর্ব্বতবোৰ ডুব গৈ পোন্ধৰ হাত ওপৰলৈকে পানী উঠিল।

আদিপুস্তক 8:5-9
[5] তাৰ পাছতো পানী ক্রমে কমি কমি গৈ থাকিল আৰু দশম মাহৰ প্ৰথম দিনা পৰ্ব্বতশ্রেণীৰ টিংবোৰ দেখা গ’ল।[6] তাৰ পাছত চল্লিশ দিন পাৰ হোৱাত নোহে নিজে সজা জাহাজৰ খিড়িকিখন মেলিলে।[7] তেওঁ এটি ঢোৰা কাউৰী বাহিৰলৈ উড়ুৱাই পঠালে। পৃথিৱীৰ পৰা পানী নুশুকুৱা পর্যন্ত কাউৰীজনীয়ে অহা-যোৱা কৰি উড়ি ফুৰিছিল।[8] তাৰ পাছত পৃথিবীৰ পৰা পানী শুকাল নে নাই, তাক জানিবৰ কাৰণে তেওঁ এটা কপৌ বাহিৰলৈ উড়ুৱাই পঠালে।[9] কিন্তু তেতিয়াও গোটেই পৃথিৱীত পানী আছিল আৰু সেয়ে কপৌজনীয়ে নিজৰ ভৰি থ’বলৈ ঠাই বিচাৰি নাপাই জাহাজলৈ নোহৰ ওচৰলৈ উভটি আহিল। তেতিয়া নোহে হাত মেলি তাক ধৰি জাহাজত নিজৰ ওচৰলৈ সুমুৱাই আনিলে।

আদিপুস্তক 9:11
মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।”

দ্বিতীয় বিবরণ 11:11
কিন্তু যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈছে, সেই ঠাই পাহাৰ আৰু উপত্যকাৰে ভৰা। সেই দেশে পানী আকাশৰ পৰা পানী পায়;

লূক 11:11
তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব?

গণনা পুস্তক 1:11
বিন্যামীন ফৈদৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান।

যোশুয়া 1:11
“তোমালোকে চাউনিৰ মাজেদি গৈ লোকসকলক এই আজ্ঞা কৰা, ‘তোমালোক প্ৰত্যেকে নিজৰ কাৰণে বাটৰ সম্বল যুগুত কৰা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ বাবে তিনি দিনৰ ভিতৰত তোমালোকে সেই যৰ্দ্দন নদী পাৰ হৈ যাব লাগিব’।”

১ কৰিন্থীয়া 6:9
যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,

যোহন 1:8
যোহন নিজে সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে আহিছিল।

গণনা পুস্তক 10:29
পাছে মোচিয়ে তেওঁৰ শহুৰেক মিদিয়ন দেশৰ ৰূৱেলৰ পুত্ৰ হোববক ক’লে, “যিহোৱাই আমাক যি দেশ দিম বুলি কৈছে, আমি সেই দেশলৈ যাত্ৰা কৰিছোঁ। যিহোৱাই ক’লে, ‘এই দেশ মই তোমাক দিম’। তুমিও আমাৰ লগত ব’লা, তাতে আমি তোমাৰ মঙ্গল কৰিম; কিয়নো যিহোৱাই ইস্ৰায়েলৰ মঙ্গল কৰিবলৈ প্রতিজ্ঞা কৰিছে।”

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions