A A A A A

जिंदगी: [युद्ध]


উপদেশক 3:8
ভালপোৱাৰ সময় আৰু ঘৃণা কৰাৰ সময় আছে; যুদ্ধ কৰাৰ এক সময় আছে আৰু শান্তি ৰক্ষা কৰাৰো সঠিক সময় আছে।

ইফিচীয়া 6:11
ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে।

ইসাইয়া 2:4
তেওঁ দেশবোৰৰ মাজত বিচাৰ কৰিব, আৰু অনেক লোকৰ বাবে সিদ্ধান্ত ল’ব; তেওঁলোকে নিজৰ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াব; এখন দেশে আনখন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, নাইবা তেওঁলোকে যুদ্ধ-বিদ্যা আৰু নিশিকিব।

ইসাইয়া 19:2
“মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব; নগৰৰ বিৰুদ্ধে নগৰ, আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব।

যেরেমিয়া 46:16
তেওঁ অনেকক উজুটি খুৱালে, এনেকি তেওঁলোকে পৰস্পৰে পৰা-পৰি হ’ল; আৰু তেওঁলোকে ক’লে, “উঠা আমি এই সংহাৰক তৰোৱালৰ মুখৰ পৰা নিজ জাতিৰ ওচৰলৈ আৰু আমাৰ জন্মৰ দেশলৈ উলটি যাওঁহঁক।”

যেরেমিয়া 51:20
তুমি মোৰ গদা আৰু যুদ্ধৰ অস্ত্ৰ; তোমাৰ দ্বাৰাই মই নানা জাতিক খণ্ড খণ্ড কৰিম আৰু তোমাৰ দ্বাৰাই নানা ৰাজ্য সংহাৰ কৰিম;

যোয়েল 3:9
তোমালোকে জাতি সমূহৰ মাজত এই কথা ঘোষণা কৰা: ‘যুদ্ধ কৰিবলৈ সাজু হোৱা, বীৰ লোকসকলক জাগ্ৰত কৰা, তেওঁলোকক ওচৰলৈ আনা, আৰু আটাই ৰণুৱা উপস্থিত হওঁক।

মিখা 7:8
হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা; মই পৰি যোৱাৰ পাছত, পুনৰ উঠিম, মই যেতিয়া অন্ধকাৰত বহোঁ, তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়।

মথি 24:6
তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা৷ সাৱধান হোৱা, ব্যাকুল নহ’বা; কিয়নো এইদৰে ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নহব।

সামসঙ্গীত 68:30
নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা।

প্ৰকাশিত বাক্য 21:7
যি জনে জয় কৰে, তেওঁ এইবোৰৰ অধিকাৰী হ’ব; মই তেওঁৰ ঈশ্বৰ হ’ম আৰু তেওঁ মোৰ পুত্ৰ হ’ব।

ৰোমীয়া 8:37
তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।

ৰোমীয়া 12:19
হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”

১ তীমথিয় 6:12
বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷

২ কৰিন্থীয়া 10:4
কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷

ৰোমীয়া 13:4
কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা।

জাখারিয়া 10:5
তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব।

জাখারিয়া 14:2
কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।

যাকোব 4:1-2
[1] আপোনালোকৰ মাজত হাই-কাজিয়া আৰু বিৰোধ নো ক’ৰ পৰা হয়? আপোনালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি কু-অভিলাষ, সেইবোৰৰ পৰা নহয় নে?[2] আপোনালোকৰ যি নাই, তাকে পাব বিচাৰে কিন্তু নাপায়৷ তেতিয়া আপোনালোকে বধ কৰে আৰু হিংসা কৰে, কিন্তু তেতিয়াও আপোনালোকৰ অভিলাষ পুৰণ নহয়; সেয়েহে আপোনালোকে কাজিয়া কৰে, মাৰ-পিত কৰে৷ আপোনালোকে যি বিচাৰে, সেয়া নাপায়, কাৰণ আপোনালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰে৷

দ্বিতীয় বিবরণ 20:1-4
[1] যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে।[2] যেতিয়া আপোনালোকে যুদ্ধলৈ যাবলৈ সাজু হ’ব, পুৰোহিতে আগবাঢ়ি আহি সৈন্যদলক উদ্দেশ্যি ক’ব,[3] “হে ইস্ৰায়েলীয়াসকল, শুনা, আজি তোমালোকৰ শত্রুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা; তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা; ভয় নকৰিবা বা কম্পিত নহ’বা আৰু শত্রুপক্ষক দেখি ভয়ত ত্ৰাসিত নহ’বা।[4] কিয়নো, তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱায়েই তোমালোকৰ লগত গৈছে।”

ৰোমীয়া 13:1-5
[1] প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তা সকলৰ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নাহিলে, কোনোৱে কতৃত্ব নাপায়; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত।[2] এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে; আৰু যি সকলে প্ৰতিৰোধ কৰে, তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে।[3] কিয়নো শাসনকৰ্তা সকল ভাল কৰ্মলৈ নহয় কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয়। আপুনি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে? তেনেহলে ভাল কৰ্ম কৰক, তেতিয়াহে প্ৰশংসা পাব;[4] কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা।[5] এই কাৰণে বশীভূত হওক, অকল ক্ৰোধৰ ভয়ত নহয়; বিবেকৰ কাৰণেও ঈশ্বৰৰ বশীভূত হ’ব লাগে।

সামসঙ্গীত 144:1-15
[1] যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।[2] তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ, মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা; তেওঁ মোৰ ঢাল আৰু মই তেওঁতে আশ্ৰয় লওঁ। তেৱেঁই জাতি সমূহক মোৰ অধীনত আনে।[3] হে যিহোৱা, মানুহ নো কি যে তুমি মানুহক গণ্য কৰা? মনুষ্যই বা কি যে তুমি তেওঁলোকলৈ মনোযোগ দিয়া?[4] মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।[5] হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ; পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধুঁৱা ওলাব।[6] তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা; তোমাৰ কাঁড় মাৰি তেওঁলোকক বিহ্বল কৰি তোলা।[7] তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া; মোক মুক্ত কৰা, মহাজলৰ পৰা মোক ৰক্ষা কৰা; সেই অন্য জাতিৰ হাতৰ পৰা মোক ৰক্ষা কৰা।[8] তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকৰ কার্য কৰে।[9] হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম; দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।[10] তুমিয়েই ৰজাসকলক জয়দান কৰা; তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।[11] নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা আৰু বিদেশীবিলাকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা; তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকতাৰ কার্য কৰে।[12] আমাৰ পুত্ৰবোৰ যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়, আমাৰ কন্যাবোৰ যেন ৰাজঅট্টালিকাৰ গাঁথনিৰ খোদিত কৰা চুকৰ স্তম্ভৰ নিচিনা হয়;[13] আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে; আমাৰ মেৰ-ছাগবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে, লাখে লাখে পোৱালি জগায়;[14] আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে; দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়; আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।[15] ধন্য সেই জাতি, যাৰ এনে আশীর্বাদপূর্ণ অৱস্থা হয়; ধন্য সেই জাতি, যিহোৱা যাৰ ঈশ্বৰ।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions