A A A A A

जिंदगी: [痛]

যেরেমিয়া 29:11
耶 和 華 說 ,我 知 道 我 向 你 們 所 懷 的 意 念 ,是 賜 平 安 的 意 念 ,不 是 降 災 禍 的 意 念 ,要 叫 你 們 末 後 有 指 望 。

সামসঙ্গীত 34:18
যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।

সামসঙ্গীত 147:3
তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।

প্ৰকাশিত বাক্য 21:4
তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।

মথি 4:23-25
[23] যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে।[24] সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।[25] তাতে গালীল, দিকাপলি, যিৰূচালেম, আৰু যিহুদীয়া লগতে যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহ দল বান্ধি যীচুৰ পাছে পাছে আহিল।

সামসঙ্গীত 23:1-6
[1] যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।[2] তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।[3] তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।[4] এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।[5] তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে ।[6] অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব, আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।

২ কৰিন্থীয়া 1:3-8
[3] আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ।[4] আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।[5] কিয়নো খ্ৰীষ্টৰ দুখ আমাৰ বাবে যেনেকৈ উপচি পৰে, তেনেকৈ খ্ৰীষ্টৰ দ্বাৰাই আমাৰ সান্ত্বনা উপচি পৰে।[6] কিন্তু আমি যদি যন্ত্রণাগ্রস্ত, তেনেহলে সেয়ে আপোনালোকৰ সান্ত্বনা আৰু পৰিত্রাণ নাইবা আমি যদি সান্ত্বনা প্রাপ্ত, তেনেহলে সেই জনো আপোনালোকৰ সান্ত্বনাৰ বাবে আৰু সেই সান্ত্বনাই, আমি ভোগ কৰা একে দুখকে ধৈৰ্যৰে সহন কৰাই, নিজ কাৰ্য সাধন কৰে।[7] আৰু আপোনালোক যেনেকৈ দুখভোগৰ, তেনেকৈ সান্ত্বনাৰো যে সহভাগী ইয়াকে জানিবলৈ পাই, আপোনালোকৰ অৰ্থে আমাৰ আশা নিশ্চিত হৈ আছে।[8] কিয়নো, হে ভাই সকল, এচিয়া দেশত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।

১ পিতৰ 4:12-19
[12] হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷[13] কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব।[14] আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে।[15] কিন্তু আপোনালোকৰ মাজত কোনেও যেন নৰবধী, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক;[16] যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।[17] কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?[18] আৰু যদি ধাৰ্মিক লোকেই কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায়, তেনেহলে ভক্তিহীন আৰু পাপিষ্ঠ লোকে ক’ত মুখ দেখুৱাব?[19] এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।

যোহন 16:16-24
[16] কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।”[17] তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, “তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; ‘কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ’? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই৷”[18] এতেকে তেওঁলোকে ক’লে, “তেওঁনো এইটো কি কৈছে, ‘অলপ সময়’? তেওঁ কি কথা কৈ আছে আমি নাজানো।”[19] যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক ক’লে, “মই যে তোমালোকক কলোঁ, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?”[20] মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব।[21] প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।[22] ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।[23] সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।[24] এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।

ইব্ৰী 12:1-11
[1] এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,[2] আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।[3] এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।[4] আপোনালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই;[5] আৰু যি আশ্বাসৰ বাণীয়ে, পুত্ৰ বুলি আপোনালোকৰ লগত কথা-বাৰ্ত্তা কৰিছে, বোলে- “হে মোৰ পুত্ৰ প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা”;[6] কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে, তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰহন কৰা প্ৰতিজন পুত্ৰক কোবায়; এই কথা আপোনালোকে পাহৰিলে।[7] আপোনালোকে যি সহন কৰি আছে, সেয়ে আপোনালোকৰ শাসনৰ অৰ্থে, ঈশ্বৰে পুত্ৰ সকলৰ প্ৰতি যেনেকৈ, তেনেকৈ আপোনালোকৰ প্ৰতিও ব্যৱহাৰ কৰি আছে; কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে?[8] কিন্তু সকলোৱে যি শাসনৰ সহভাগী হ’ল, আপোনালোকে যদি তাৰ ভাগী নহয়, তেনেহলে আপোনালোক জাৰজহে পুত্ৰ নহয়।[9] ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃ সকল শাসনকৰ্তা আছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ, যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে?[10] তেওঁলোকে হ’লে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল; কিন্তু তেওঁ হ’লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে।[11] সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।

ৰোমীয়া 8:18-28
[18] কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ’ব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ।[19] কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ আশাই বাট চাই আছে।[20] কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ’ল, এনে নহয়; কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল; সেয়ে এই আশাৰে হ’ল যে,[21] সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান সকলৰ প্ৰতাপ মূলক মুক্তি পাব।[22] কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো।[23] অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই, আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছোঁ।[24] কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ; কিন্তু দেখাত যি আশা, সেয়েই আশা নহয়; কাৰণ যিহক দেখা যায়, তালৈ কোনে আশা কৰে?[25] কিন্তু আমি যিহক দেখা নাই, তালৈ যদি আশা কৰোঁ, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ।[26] সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে।[27] আত্মাৰ ভাব কি, সেই বিষয়ে অন্তৰ্য্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি, তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে।[28] আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।

সামসঙ্গীত 91:1-16
[1] যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে[2] তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”[3] তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব।[4] তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।[5] তুমি ৰাতিৰ আতঙ্কলৈ; আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা।[6] অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা।[7] হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক, আৰু তোমাৰ সোঁফালে অযুত অযুত; কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব।[8] তুমি কেৱল নিজ চকুৰে দেখা পাবা; দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা।[9] ‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’ তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা।[10] সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব।[11] কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব।[12] তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায়[13] তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা।[14] কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।[15] তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।[16] মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions