A A A A A

जिंदगी: [नुकसान]

১ কৰিন্থীয়া 3:15
আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হ’ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব।

পাঁচনি 27:21
তাতে তেওঁলোকে কেইবাদিনো লঘোনে থকাত, পৌলে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “হে লোকসকল, আপোনালোকৰ এই বিপদ আৰু ক্ষতি নহলেহেতেন যদি মোৰ কথা শুনি ক্ৰীতীৰ পৰা জাহাজ এৰি নিদিলেহেঁতেন৷

ফিলিপীয়া 3:7-8
[7] কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলো;[8] মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷

১ কৰিন্থীয়া 3:13-15
[13] তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব।[14] তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয়, তেনেহলে তেওঁ পুৰস্কাৰ পাব।[15] আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হ’ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব।

আদিপুস্তক 31:39
এনেকি বন্য জন্তুৱে মৰা কোনো পশুও মই আপোনাৰ ওচৰলৈ অনা নাছিলো; সেই ক্ষতি মই নিজেই বহন কৰিছিলোঁ; কিন্তু কোনো পশু চুৰ হ’লে - সেইয়া দিনতেই হওঁক বা ৰাতিয়েই হওঁক, আপুনি তাৰ ক্ষতিপূৰণ মোৰ পৰা আদায় কৰিছিল।

ইসাইয়া 47:8
নিশ্চিন্ত মনে বহি থকা হে ইন্দ্রিয়াসক্ত, সেইয়ে তুমি এতিয়া এই কথা শুনা, তুমি নিজৰ মনতে কৈছা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই; মই কেতিয়াও বিধৱা হৈ নাথাকিম, নাইবা সন্তান হানি হোৱা অনুভব নকৰিম।”

প্ৰকাশিত বাক্য 21:4
তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।

মথি 5:4
শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে সান্ত্বনা পাব।

যোহন 8:32
আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”

১ তীমথিয় 3:15
কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷

১ কৰিন্থীয়া 15:55
“হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?”

উপদেশক 9:5
কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়।

যোহন 6:54
যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।

মাৰ্ক 6:3
ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচিৰ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।

যোহন 14:1-3
[1] “তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।[2] মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হ’লে তোমালোকক ক’লোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।[3] যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহলে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।

যোহন 5:28-29
[28] এই কথা শুনি বিস্মিত নহ’ব; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব[29] আৰু ওলাই আহিব। সৎকৰ্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।

উপদেশক 12:7
মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।

ৰোমীয়া 14:8
কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।

ৰোমীয়া 8:28
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।

১ থিচলনীকীয়া 4:13-18
[13] হে ভাইসকল, যিসকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।[14] কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।[15] প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি আপোনালোকক এই কথা কওঁ যে, আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমণত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত লোক সকলতকৈ আগেয়ে নাযাওঁ।[16] কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;[17] তাৰ পাছত আমি যি সকল জীয়াই থাকিম, সেই সময়ত আকাশত প্ৰভুৰ লগ লবলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হব আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম।[18] এতেকে, এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্ত্বনা দিয়ক।

গালাতীয়া 1:19
তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ।

মালাখি 1:11
কিয়নো সূৰ্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,

১ থিচলনীকীয়া 4:16
কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;

আদিপুস্তক 2:7
ঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল।

যোহন 11:25
যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;

সামসঙ্গীত 146:4
তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।

সামসঙ্গীত 115:17
মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে; যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।

১ কৰিন্থীয়া 15:54
পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব”

২ কৰিন্থীয়া 5:8
এতেকে আমি সাহিয়াল হৈছোঁৱেই; শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাই ভাল দেখিছোঁ।

১ থিচলনীকীয়া 4:13-14
[13] হে ভাইসকল, যিসকল লোক নিদ্রিত হ’ল তেওঁলোকৰ কি হ’ব সেই সম্বন্ধে আপোনালোকে একো নজনাকৈ থকাটো আমি নিবিচাৰোঁ; কাৰণ আশাহীন অন্য লোকৰ নিচিনাকৈ আপোনালোক শোকাকুল হোৱাটো আমি নিবিচাৰোঁ।[14] কিয়নো যীচু মৰি পুনৰায় উঠিল, ইয়াক যদি আমি বিশ্বাস কৰোঁ, তেনেহলে আমি ইয়াকো বিশ্বাস কৰোঁ যে, ঈশ্বৰে যীচুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলকো যীচুৰ লগত লৈ যাব।

সামসঙ্গীত 23:4
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।

২ কৰিন্থীয়া 5:10
কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব।

মথি 25:21
প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’

ৰোমীয়া 6:23
কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।

ইব্ৰী 9:27
আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,

যোহন 3:3-5
[3] উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”[4] নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?”[5] যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”

ইব্ৰী 12:14
সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;

যোহন 3:16
কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।

যোহন 11:11-13
[11] এই কথা কোৱাৰ পাছত তেওঁ শিষ্য সকলক ক’লে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে; তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।”[12] তাতে শিষ্য সকলে তেওঁক ক’লে, “প্ৰভু, তেওঁ যদি টোপনি গৈছে, তেনেহলে ভাল হৈ যাব।”[13] যীচুৱে লাজাৰৰ মৃত্যুৰ বিষয়ে কৈছিল, কিন্তু শিষ্য সকলে ভাৱিলে যে যীচুৱে স্বাভাৱিক টোপনিত জিৰণি লোৱাৰ কথা কৈছে।

পাঁচনি 2:29
হে ভাইসকল, পিতৃ কুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ’ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions