A A A A A

जिंदगी: [बांझपन]

১ সামুয়েল 2:21
যিহোৱাই পুনৰ হান্নালৈ কৃপা কৰাৰ পাছত তেওঁ গৰ্ভৱতী হৈ কালক্ৰমে তিনিজন ল’ৰা আৰু দুজনী ছোৱালী প্ৰসৱ কৰিলে। ইতিমধ্যে চমূৱেল যিহোৱাৰ সাক্ষাতে বৃদ্ধি হ’ল।

দ্বিতীয় বিবরণ 7:14
সকলো জাতিতকৈ আপোনালোকে অধিকগুণে আশীৰ্ব্বাদ পাব আৰু আপোনালোকৰ মাজত কোনো পুৰুষেই সন্তানহীন নহ’ব বা মহিলা সকলো বন্ধ্যা নহ’ব। ল’ৰা সন্তান সকল আৰু জাকৰ পশুবোৰৰ পোৱালি নোহোৱাকৈ নাথাকিব।

দ্বিতীয় বিবরণ 8:2
আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।

আদিপুস্তক 1:28
পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”

আদিপুস্তক 25:21
ইচহাকৰ ভাৰ্যা নিঃসন্তান আছিল বাবে ইচহাকে তেওঁৰ বাবে যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে; তাতে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ’ল।

ইব্ৰী 11:11
বিশ্বাসৰ যোগেদি অব্ৰাহাম আৰু চাৰায়ো অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে; কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনক বিশ্বাসী বুলি জ্ঞান কৰিছিল।

১ কৰিন্থীয়া 3:16
আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে?

যাকোব 1:17
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতি বোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷

যোহন 16:33
এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”

সামসঙ্গীত 113:9
তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

সামসঙ্গীত 127:3
সন্তান সকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।

সামসঙ্গীত 128:3
তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব; তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।

সামসঙ্গীত 139:13
তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।

সামসঙ্গীত 147:3
তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।

মাৰ্ক 11:24
এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা; তেতিয়াহে পাবা,

ফিলিপীয়া 4:13
মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।

ৰোমীয়া 12:12
আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক;

লূক 1:36-37
[36] আৰু চোৱা, তোমাৰ আত্মীয় এলীচাবেতে বৃদ্ধাকালতো গর্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে; যদিও তেওঁক লোকে বাঁজী বুলিছিল, কিন্তু তেওঁ এতিয়া ছয় মাহৰ গর্ভৱতী।[37] কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।”

ৰোমীয়া 5:3-5
[3] অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ ৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷[4] ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷[5] সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।

লূক 1:13-21
[13] কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”[14] তেওঁৰ কাৰণে তোমাৰ আনন্দ আৰু উল্লাস হব, আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব।[15] কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হব।[16] ইস্ৰায়েলৰ সন্তান সকলৰ অনেকক তেওঁ তেওঁলোকৰ প্রভু ঈশ্বৰলৈ ঘূৰাব।[17] তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব।[18] তেতিয়া জখৰিয়াই সেই দূতক ক’লে, “ইয়াক মই কেনেকৈ জানিম? কিয়নো মই বৃদ্ধ হৈছোঁ আৰু মোৰ ভার্য্যাও অতি বৃদ্ধা হৈছে।”[19] তাতে দূতে উত্তৰ দি ক’লে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকোঁ; তোমাৰ সৈতে কথা হবলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল।[20] চোৱা, এইবোৰ ঘটনা নঘটা পর্যন্ত তুমি বোবা হৈ থাকিবা; কোনো কথা কব নোৱাৰিবা; কাৰণ তুমি মোৰ কথা বিশ্বাস নকৰিলা। কিন্তু এই সকলো কথা নিৰূপিত সময়ত পূর্ণ হব।”[21] আনপিনে, মানুহবোৰে জখৰিয়াৰ বাবে অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱা দেখি চিন্তিত হ’ল।

সামসঙ্গীত 112:1-10
[1] তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।[2] তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব; ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।[3] তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।[4] ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়; তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক।[5] যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।[6] কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব; ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।[7] দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।[8] তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে; শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।[9] তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে; তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়।[10] দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।

ইসাইয়া 54:1-17
[1] সন্তান জন্ম নিদিয়া মহিলা সকল গান গোৱা, কেতিয়াও প্ৰসৱ-বেদনা নোপোৱা মহিলা সকল, তোমালোকে আনন্দ গান আৰু উচ্চধ্বনিৰে উল্লাসিত হোৱা; কাৰণ যিহোৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক।[2] তোমালোকৰ তম্বু ডাঙৰ কৰা, আৰু তম্বুবোৰ পর্দাবোৰ যিমান পাৰা বহলাই দিয়া; তোমালোকৰ জৰীবোৰ দীঘল কৰা আৰু খুটিবোৰ শক্তিশালী কৰা।[3] তোমালোকৰ সোঁহাত আৰু বাওঁহাত মেলি দিয়া হ’ব, আৰু তোমালোকৰ বংশধৰসকলে দেশবোৰ জয় কৰিব, আৰু পৰিত্যক্ত নগৰবোৰ পুনৰ স্থাপন কৰিব।[4] ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।[5] তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা। ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত।[6] কাৰণ আত্মাত শোক পোৱা আৰু পৰিত্যাগ হোৱা, যৌৱনকালত বিয়া হৈ অগ্রাহ্য হোৱা মহিলাৰ দৰে, যিহোৱাই পুনৰ ভাৰ্যাৰ দৰে তোমালোকক আহ্বান কৰিছে, এই কথা তোমালোকৰ যিহোৱাই কৈছে।[7] “মই অলপ সময়ৰ বাবে তোমালোকক ত্যাগ কৰিছিলোঁ; কিন্তু অধিক দয়াৰে মই তোমালোকক চপাম।[8] অত্যন্ত ক্রোধত, মই ক্ষন্তেকৰ বাবে তোমালোকৰ পৰা মোৰ মুখ লুকুৱাইছিলোঁ; কিন্তু অনন্তকলীয়া বিশ্বাসযোগ্য চুক্তিৰে মই তোমালোকক দয়া কৰিম,” তোমালোকক উদ্ধাৰ কৰা যিহোৱাই কৈছে,[9] “এইয়া মোৰ বাবে নোহৰ সময়ৰ জল সমূহৰ দৰে; সেই নোহৰ সময়ৰ জল সমূহে পুনৰায় পৃথিৱী প্লাবিত নকৰিব বুলি মই যেনেকৈ শপত কৰিছিলোঁ, সেই দৰে মই এতিয়া শপত কৰিছোঁ যে, মই তোমালোকক খং নকৰোঁ, আৰু ধমকিও নিদিওঁ।[10] যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।[11] হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন, চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ, আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম।[12] মই ৰুবী বাখৰৰে তোমালোকৰ চূড়াবোৰ, আৰু চিকমিকিৱা পাথৰেৰে তোমালোকৰ দুৱাৰবোৰ স্হাপন কৰিম, আৰু তোমালোকৰ চাৰিও সীমা ধুনীয়া পাথৰেৰে নিৰ্ম্মাণ কৰিম।[13] তোমালোকৰ সকলো সন্তান যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমালোকৰ সন্তান সকলৰ শান্তি মহান হ’ব।[14] ধাৰ্মিকতাত মই তোমালোকক পুনৰ স্থাপন কৰিম; তোমালোকৰ আৰু অত্যাচাৰ অভিজ্ঞতা নহ’ব, কাৰণ তোমালোকৰ ভয় নহ’ব; আৰু আতঙ্কজনক কোনো কথাই তোমালোকৰ ওচৰলৈ নাহিব।[15] চোৱা, যদি কোনো এজন যন্ত্রণাৰে আলোড়িত কৰে, সেইয়া মোৰ পৰা নহয়; যি কোনোৱে তোমালোকক যন্ত্রণাৰে আলোড়িত কৰাৰ সৈতে তোমালোকক পৰাজিত কৰিব।[16] চোৱা, মই কাৰিকৰ সৃষ্টি কৰিলোঁ, যি জনে জ্বলি থকা কয়লাত ফু মাৰে, ধাতুৰে অস্ত্ৰ-শস্ত্র গঢ়া তেওঁৰ কাম, সেই কমাৰক ময়েই সৃষ্টি কৰিলোঁ, আৰু মই ধ্বংস কৰিবলৈ ধ্বংসকাৰী সৃষ্টি কৰিলোঁ।[17] তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাফল নহ’ব; আৰু তোমালোকক দোষাৰোপ কৰা প্রতিজনকে তোমালোকে দোষাৰোপ কৰিবা। যিহোৱাৰ দাস সকলৰ এয়ে জন্ম স্বত্ত্ব, আৰু তেওঁলোকে মোৰ পৰা পোৱা সমর্থন” এয়াই যিহোৱাৰ ঘোষনা।

১ সামুয়েল 1:1-28
[1] পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ’ল ইলীহূ, ইলীহূৰ পিতৃ হ’ল তহূৰ, তহূৰৰ পিতৃ হ’ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল।[2] তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল।[3] এই ব্যক্তিজনে চীলোত বাহিনী সমূহৰ যিহোৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলীৰ দুজন পুতেক হফনী আৰু পীনহচ যিহোৱাৰ পুৰোহিত আছিল।[4] প্ৰতি বছৰে যেতিয়া ইলকানাই সেই দিনত বলি দিবলৈ আহে, তেতিয়া তাৰে এভাগ তেওঁ ভাৰ্যা পিনিন্নাক দিয়ে, আৰু তেওঁৰ পুতেক জীয়েক সকলকো দিয়ে।[5] যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল; কিন্তু তেওঁৰ স্ৱামী ইলকানাই তেওঁক প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে।[6] যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰখা বাবে, সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল।[7] বছৰৰ পিছত বছৰ ধৰি হান্না যেতিয়া পৰিয়ালৰ সৈতে যিহোৱাৰ গৃহলৈ যায়, তেতিয়া তেওঁৰ সতিনীয়ে সদায় তেওঁক বিৰক্ত কৰে; এই হেতুকে তেওঁ ভোজন নকৰি কান্দি কান্দি দিন অতিবাহিত কৰিছিল।[8] তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”[9] এদিন তেওঁলোকে চীলোত ভোজন-পান কৰাৰ পাছত, হান্না থিয় হ’ল। সেই সময়ত যিহোৱাৰ মন্দিৰৰ দুৱাৰৰ খুটাৰ ওচৰত এলী পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল।[10] তেতিয়া হান্নাই মনৰ বেজাৰত ভাগি পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক্ৰন্দন কৰিলে।[11] আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহ’ব।”[12] এনেদৰে হান্নাই বহু সময় ধৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, আৰু এলীয়ে তেওঁৰ মুখলৈ লক্ষ্য কৰি আছিল।[13] সেই সময়ত হান্নাই নিৰৱে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছিল, তেওঁৰ কেৱল ওঁঠ দুটিহে লৰি আছিল, কিন্তু কোনো শব্দ শুনা নাছিল; সেয়েহে এলীয়ে তেওঁক মতলীয়া হৈছে বুলি ভাবিছিল৷[14] এলীয়ে তেওঁক ক’লে, “তুমি কিমান সময় মতলীয়া হৈ থাকিবা? তোমাৰ পৰা দ্ৰাক্ষাৰস দূৰ কৰা।”[15] হান্নাই উত্তৰ দি তেওঁক ক’লে, “নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ, মই দ্ৰাক্ষাৰস বা কোনো ৰাগীয়াল দ্ৰব্য পান কৰা নাই, কিন্তু যিহোৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ।[16] আপোনাৰ এই দাসীক দুষ্ট তিৰোতা বুলি নাভাবিব; মোক নানা কথাৰে বিৰক্ত কৰাত, বেজাৰ পাই অসন্তুষ্ট মনেৰে মই যিহোৱাৰ সৈতে কথা পাতি আছিলোঁ।”[17] এলীয়ে উত্তৰ দি তেওঁক ক’লে, “তুমি শান্তিৰে যোৱা; ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত তুমি যি নিবেদন কৰিলা, সেয়া তেওঁ গ্ৰহণ কৰক।”[18] তেতিয়া তেওঁ ক’লে, “আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।” তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ’ল।[19] পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে।[20] পাছত হান্নাই গৰ্ভধাৰণ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ তাক চমূৱেল বুলি মাতিলে, আৰু ক’লে, “কাৰণ মই যিহোৱাৰ পৰা ইয়াক খুজিছিলোঁ৷”[21] আকৌ ইলকানা আৰু তেওঁৰ আটাই পৰিয়ালে যিহোৱাৰ উদ্দেশ্যে বাৰ্ষিক বলিদান কৰিবৰ বাবে আৰু নিজৰ সংকল্প সিদ্ধ কৰিবলৈ গ’ল।[22] কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, “সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।”[23] তেতিয়া তেওঁৰ স্বামী ইলকানাই তেওঁক ক’লে, “তুমি যি ভাল দেখা, তাকে কৰা। পিয়াহ নেৰালৈকে তুমি অপেক্ষা কৰা। যিহোৱাই নিজ বাক্য সিদ্ধ কৰক।” সেয়ে সন্তানটিয়ে পিয়াহ নেৰালৈকে হান্না ঘৰতে থাকিল৷[24] সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ’ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল।[25] তাতে তেওঁলোকে ভতৰা গৰুটো বধ কৰিলে আৰু সন্তানটোক এলীৰ ওচৰলৈ লৈ গ’ল।[26] হান্নাই এলীক ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ উদ্দেশ্যে এই ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰা মহিলা গৰাকী ময়েই।[27] এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে।[28] সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ’ল।” ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions