A A A A A

जिंदगी: [ख़ुशी]

সামসঙ্গীত 37:4
যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।

ইসাইয়া 12:2-3
[2] চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”[3] পৰিত্ৰাণৰ নাদৰ পৰা তুমি আনন্দেৰে সৈতে পানী তুলিবা।

ৰোমীয়া 5:2
তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ, ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰেও আছোঁ৷ ইয়াতে আমি আনন্দ কৰোঁ, এই ভাৰসালৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম।

২ কৰিন্থীয়া 12:10-11
[10] এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।[11] মই নির্বোধ হ’লো! এনে হবলৈ আপোনালোকে মোক অগত্যা কৰিলে, কিয়নো আপোনালোকৰ দ্বাৰাই মই প্ৰশংসিতহে হব লাগিছিল; কিয়নো মই একো নহলেও, ‘অতি প্ৰধান পাঁচনি’ সকলতকৈ অলপো নিকৃষ্ট নাছিলো৷

মথি 5:8
নিৰ্মল চিত্তৰ লোক সকল ধন্য; কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব।

১ যোহন 3:18
হে প্রিয় সন্তানসকল, আহক; আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।

১ পিতৰ 4:13
কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব।

দ্বিতীয় বিবরণ 33:29-30
[29] হে ইস্ৰায়েল, তুমি ধন্য; যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক, তোমালোকৰ সদৃশ কোন আছে? তেওঁ তোমালোকৰ সাহার্যকাৰী ঢাল, তোমালোকৰ গৌৰৱৰ তৰোৱাল; শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব; তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”[30] পাছত মোচিয়ে মোৱাবৰ সমথলৰ পৰা যিৰীহোৰ বিপৰীতে থকা নবো পৰ্ব্বতলৈ পিচগাৰ চূড়ালৈ উঠি গ’ল। তাৰ পৰা যিহোৱাই তেওঁক গোটেই দেশ দেখুৱালে। তেওঁ তেওঁক গিলিয়দৰ পৰা দান পর্যন্ত গোটেই দেশ,

২ বংশাবলি 9:7
আপোনাৰ লোকসকল কেনে ধন্য আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক ধন্য।

যোব 5:17
চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।

প্রবচন 16:20
যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়।

সামসঙ্গীত 37:4-14
[4] যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।[5] তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।[6] তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব; তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব।[7] যিহোৱাৰ আগত শান্ত হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;[8] ক্ৰোধ এৰা, কোপ ত্যাগ কৰা; বেজাৰ নকৰিবা, কেৱল হানিহে হয়।[9] কিন্তু দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব।[10] কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব।[11] কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব।[12] দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে; তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে।[13] প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে।[14] দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions