A A A A A

जिंदगी: [उपवास]


১ কৰিন্থীয়া 7:5
আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়।

২ সামুয়েল 1:12
চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল।

পাঁচনি 13:2
যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”

পাঁচনি 14:23
পৌল আৰু বার্ণব্বাই প্ৰাৰ্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।

দানিয়েল 10:3
সেই তিনি সপ্তাহ সম্পূৰ্ণ নোহোৱালৈকে মই সুস্বাদু আহাৰ, মাংস খোৱা নাছিলো, দ্রাক্ষাৰস পান কৰা নাছিলো, আৰু মই গাত তেলো ঘঁহা নাছিলো।

এস্থার 4:16
“আপুনি যাওক; আৰু চুচনত বাস কৰা সকলো যিহুদী লোকসকলক একগোট কৰক। অাপোনালোক মোৰ কাৰণে লঘোন দিয়ক। তিনি দিন তিনি ৰাতি একো পান নকৰিব নাইবা ভোজন নকৰিব। মই আৰু মোৰ যুৱতী দাস সকলেও সেই একেদৰে লঘোন দিম। তাৰ পাছত যদিও এই কাৰ্য নিয়মৰ বিৰুদ্ধে হয়, তথাপি মই ৰজাৰ ওচৰলৈ যাম। যদি বিনষ্ট হ’ব লাগে তেনেহ’লে মই হ’ম।”

যাত্রাপুস্তক 34:28
মোচি সেই ঠাইত যিহোৱাৰ সৈতে চল্লিশ দিন চল্লিশ ৰাতি বাস কৰিছিল। মোচিয়ে চল্লিশ দিন একো ভোজন পান কৰা নাছিল; আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য, দহ আজ্ঞা লিখিছিল।

যোয়েল 2:12
যিহোৱাই কৈছে, “তথাপি এতিয়াও”, “তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা। লঘোন, ক্ৰন্দন আৰু শোক কৰা।”

লূক 2:37
আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল।

লূক 18:12
মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।

নেহেমিয়া 1:4
এই কথা শুনাৰ লগে লগে, মই বহি ক্ৰন্দন কৰিলোঁ, আৰু মই কিছুদিন শোক কৰি লঘোন দি স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।

সামসঙ্গীত 69:10
যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ; তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল।

সামসঙ্গীত 35:13-14
[13] কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলোঁ; মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল, মই উত্তৰ নাপালোঁ।[14] মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলোঁ; মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।

যোয়েল 2:12-13
[12] যিহোৱাই কৈছে, “তথাপি এতিয়াও”, “তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা। লঘোন, ক্ৰন্দন আৰু শোক কৰা।”[13] আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।

পাঁচনি 13:3-4
[3] তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে৷[4] এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণব্বা আৰু চৌল চিলুকিয়ালৈ গ’ল; তাৰ পৰা জাহাজেৰে কুপ্ৰ দ্বীপলৈ গ’ল৷

দানিয়েল 9:3-5
[3] তেতিয়া মই লঘোন দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ।[4] মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰোঁ, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্ৱাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,[5] আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;

২ সামুয়েল 12:15-17
[15] তেতিয়া নাথন নিজৰ ঘৰলৈ গুচি গ’ল। পাছত যিহোৱাই ঊৰিয়াৰ ভাৰ্য্যাই জন্ম দিয়া দায়ূদৰ পুত্ৰটিক আঘাত কৰিলে, তাতে সি অতিশয় নৰিয়াত পৰিল।[16] তেতিয়া দায়ূদে ল’ৰাৰ বাবে যিহোৱাৰ আগত কাবৌ-কাকূতি কৰি প্ৰাৰ্থনা কৰিলে৷ লঘোন দিলে আৰু ভিতৰত সোমাই ওৰে ৰাতি মাটিত পৰি থাকিল।[17] তেতিয়া তেওঁৰ ঘৰৰ বৃদ্ধ লোকসকলে উঠি তেওঁক মাটিৰ পৰা তুলিবলৈ তেওঁৰ কাষত থিয় হ’ল; কিন্তু তেওঁ উঠিবলৈ সন্মত নহ’ল আৰু তেওঁলোকে সৈতে ভোজনো নকৰিলে।

১ রাজাবলি 21:25-27
[25] কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল।[26] আৰু যিহোৱাই যি ইমোৰীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা দূৰ কৰিলে, তেওঁলোকৰ সকলো কৰ্মৰ দৰে, তেওঁ প্ৰতিমাবোৰৰ পাছত চলোঁতা হৈ অতিশয় ঘিণলগীয়া কাৰ্য কৰিলে।[27] যেতিয়া আহাবে এইবোৰ কথা শুনিলে, তেতিয়া তেওঁ নিজৰ কাপোৰ ফালিলে আৰু গাত চট কাপোৰ পিন্ধি লঘোন দিলে আৰু চটত শয়ন কৰি অতি দুখী হ’ল।

লূক 4:2-4
[2] তাত চল্লিশ দিন ধৰি চয়তানে তেওঁক প্রলোভনত পেলাব বিচাৰিলে। এই চল্লিশ দিন যীচুৱে একোকে নাখালে; সেয়ে, এই সময় পাৰ হোৱাৰ পাছত তেওঁৰ ভোক লাগিল।[3] তেতিয়া চয়তানে যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ দিয়ক।”[4] যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে।”

এজরা 8:21-23
[21] তাৰ পাছত আমি ঈশ্বৰৰ সন্মূখত নিজকে নম্র কৰিবৰ বাবে অহবা নদীৰ দাঁতিত উপবাস ঘোষণা কৰিলোঁ, তাতে আমি আমাৰ সৰু সকলৰ বাবে আৰু আমাৰ সম্পত্তিৰ বাবে এটা সুবিধাজনক পথ বিচাৰিলো।[22] শত্রুবোৰৰ পৰা আমাক ৰক্ষা কৰিবলৈ মই আমাৰ লগত সৈন্য বা অশ্বাৰোহী ৰজাক খুজিবলৈ অত্যন্ত দ্বিধাবোধ কৰিছিলোঁ। আমি ৰজাক কৈছিলোঁ যে, “আমাৰ ঈশ্বৰে, তেওঁক মঙ্গল খোজা সকলৰ ওপৰত তেওঁৰ হাত থাকে, কিন্তু তেওঁক ত্যাগ কৰা সকলৰ ওপৰত তেওঁৰ পৰাক্ৰম আৰু ক্ৰোধ থাকে।”[23] সেয়ে আমি উপবাস কৰি, আমাৰ ঈশ্বৰৰ আগত সেই বিষয়ে প্ৰাৰ্থনা কৰিলোঁ, আৰু তেওঁ আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে।

মথি 6:16-18
[16] যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।[17] কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই ল’বা;[18] যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।

ইসাইয়া 58:3-7
[3] তেওঁলোকে কয়, “আমি কিয় লঘোনে থাকিলো?” তুমি দৃষ্টি নকৰিলা? আমি কিয় নিজকে নম্র কৰিলোঁ, তুমি মন নিদিলা? চোৱা, তোমালোকে লঘোনত থকা দিনাও তোমালোকৰ নিজৰ আনন্দ বিচাৰা আৰু তোমালোকৰ বনুৱাসকলক উপদ্ৰৱ কৰা।[4] চোৱা, তোমালোকে বিবাদ আৰু দ্বন্দ কৰা, আৰু খঙেৰে ভুকু মাৰিবৰ অৰ্থেহে লঘোন দিয়া; বৰ্ত্তমানে তোমালোকে ঊৰ্দ্ধলোকত তোমালোকৰ মাত শুনাব পৰাকৈ লঘোন নিদিয়া।[5] মই বিচাৰা লঘোন সঁচাই এইয়ে নে? প্রতিজনে নিজকে নম্র কৰিবলৈ এদিন, নলখাগড়ৰিৰ দৰে তেওঁৰ মূৰ দোঁওৱা, আৰু চটকাপোৰ বিস্তাৰ কৰা আৰু ছাঁইত বহা, তুমি সঁচাই ইয়াকে লঘোন বোলা নে আৰু যিহোৱাৰ গ্রহণীয় দিন বোলা নে?[6] মই মনোনীত কৰা লঘোন এয়া নহয়: দুষ্টতাৰ বান্ধ মুকলি কৰা, ষাঁড়গৰুৰ যুৱলিৰ শলমাৰি সোলোকোৱা, ভগ্ন কৰিবলৈ লোৱা লোকক স্ৱাধীন কৰা, আৰু প্ৰত্যেক যুৱলি ভঙাই জানো মোৰ মনোনীত লঘোন নহয়?[7] ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।

যোনা 3:5-9
[5] তেতিয়া নীনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে; ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট্ কাপোৰ পিন্ধিলে।[6] শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল।[7] তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে: “মানুহ বা পশু, গৰু বা মেৰ-ছাগৰ জাক কোনেও একো বস্তুৰ আস্বাদ নলওক; আহাৰ কি পানী নাখাওঁক।[8] মানুহ আৰু পশু সকলোৱে গাত চট্ কাপোৰ পিন্ধক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাতৰোক্তি কৰক। প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু হিংস্রতাৰ কার্য এৰি দিয়ক।[9] কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”

লূক 18:1-12
[1] নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে,[2] “এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা, এনে এজন বিচাৰক আছিল।[3] সেই নগৰত এজনী বাৰী মহিলাও আছিল; তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, ‘অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক’।[4] তাতে তেওঁ কিছু দিনলৈ সন্মত নহ’ল; কিন্তু পাছত নিজৰ মনতে ক’লে, ‘মই যদিও ঈশ্বৰক ভয় নকৰোঁ, আৰু মানুহকো নামানো,[5] তথাপি এই বিধৱা গৰাকীয়ে মোক বাৰে বাৰে আমনি দিয়াৰ কাৰণে, অন্যায়ৰ প্ৰতিকাৰ কৰি উদ্ধাৰ কৰিম; নহলে তেওঁ পুণৰ আহি মোক আমনি দিব’।”[6] পাছত প্ৰভুৱে ক’লে, “সেই অধাৰ্মিক বিচাৰকে কি কয়, ‘শুনা।[7] তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?’[8] মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?”[9] ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে।[10] “দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ’ল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকৰী।[11] ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী, নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।[12] মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions