A A A A A

जिंदगी: [आचार विचार]

পাঁচনি 2:38
তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷

কলচীয়া 3:17-23
[17] আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।[18] হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক কিয়নো এয়ে প্ৰভুৰ মতে উচিত।[19] হে পুৰুষ সকল, আপোনালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰক আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিব।[20] হে সন্তান সকল, আপোনালোকে সকলো বিষয়তে পিতৃ-মাতৃৰ আজ্ঞাধীন হওক; কিয়নো প্ৰভুত সেয়ে সন্তোষজনক।[21] হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলক প্ৰৰোচিত কৰি নাথাকিব, তাতে তেওঁলোক যেন নিৰাশ নহয়।[22] হে দাস সকল, আপোনালোকে সকলো বিষয়তে মাংস-সম্বন্ধীয় নিজ নিজ প্ৰভু সকলৰ আজ্ঞাধীন হওক। আপোনালোকৰ চকুৰ সন্মুখত, মানুহৰ সন্তোষজনক নহৈ কিন্তু আন্তৰিকতাৰে প্ৰভুলৈ ভয় ৰাখি, তেওঁলোকৰ সেৱা কৰক৷[23] আপোনালোকে যি কৰে, সেইবোৰ মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিত্তে সৈতে কৰক;

দ্বিতীয় বিবরণ 23:17
ইস্ৰায়েলৰ যুৱতীসকলৰ মাজত যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়; ইস্ৰায়েলীয়া পুৰুষৰ মাজতো যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়।

উপদেশক 9:10
তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।

যোহন 16:13
কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।

লেবীয় পুস্তক 19:2
“তুমি ইস্ৰায়েলৰ সমুদায় মণ্ডলীক এই কথা কোৱা, ‘তোমালোক পবিত্ৰ হ’ব লাগে; কিয়নো মই তোমালোকৰ যি ঈশ্বৰ যিহোৱা, মই পবিত্ৰ।

লেবীয় পুস্তক 19:13-18
[13] তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।[14] তুমি কলাক শাও নিদিবা আৰু অন্ধৰ আগত উজুতি খোৱা মুঢ়া নথবা, কিন্তু তোমাৰ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।[15] তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।[16] তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ’বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্রাণ হত্যাকাৰী নহ’বা; মই যিহোৱা।[17] তুমি নিজ ভাইক নিজ মনত ঘিণ নকৰিবা; তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নব’বলৈ, অৱশ্যে তেওঁক সতৰ্ক কৰিবা।[18] তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।

লূক 6:31
লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা।

লূক 16:10
যিজন অলপ কথাত বিশ্বাসী তেওঁ অধিক কথাতো বিশ্বাসী; যিজন সৰুতকৈ সৰুত অধর্মি, তেওঁ অধিকতো অধর্মি৷

প্রবচন 11:1-3
[1] ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।[2] যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে।[3] সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।

প্রবচন 19:1
নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল।

প্রবচন 22:6
সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।

প্রবচন 25:21
তোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া; আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া।

ৰোমীয়া 1:26
এই কাৰণে, ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে; কিয়নো তেওঁলোকৰ স্ত্ৰী লোক সকলে স্বাভাৱিক সঙ্গ এৰি, স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে;

ৰোমীয়া 2:1
হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে।

মথি 7:12-21
[12] এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।[13] ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যিয়ে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ ডাঙৰ আৰু বাটো বহল। তাৰ মাজেদি সোমোৱা লোকো অনেক।[14] কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়।[15] ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।[16] সিহঁতৰ জীৱনৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙুৰ ফল বা কাঁইট গছৰ পৰা ডিমৰু ফল পাব পাৰে?[17] ঠিক তেনেদৰে প্রত্যেক ভাল গছত ভাল ফল ধৰে আৰু বেয়া গছত বেয়া ফল ধৰে।[18] ভাল গছত বেয়া ফল আৰু বেয়া গছত ভাল ফল ধৰিব নোৱাৰে।[19] যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়।[20] এতেকে সিহঁতৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা।[21] যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।

যোহন 13:34-35
[34] মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰিবা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা ।[35] তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেনেহলে তোমালোক যে মোৰ শিষ্য হয়, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”

২ তীমথিয় 3:16-17
[16] সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক;[17] যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷

এজেকিয়েল 16:49-50
[49] চোৱা! তোমাৰ ভনী চদোমৰ এই অপৰাধ আছিল: যে, তাইৰ আৰু তাইৰ জীসকলৰ অহংকাৰ, আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখ আছিল; তাই দুখী দৰিদ্ৰৰ হাত সবল নকৰিছিল।[50] তেওঁলোক গৰ্ব্বী আছিল আৰু মোৰ আগত ঘিণলগীয়া কাৰ্য কৰিছিল; এই হেতুকে মই যি ভাল দেখিলোঁ, তাকে কৰি তেওঁলোকক দূৰ কৰিলোঁ।

গালাতীয়া 5:19-21
[19] এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ,[20] মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা,[21] হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।

১ কৰিন্থীয়া 6:9-11
[9] যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,[10] যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।[11] আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।

ৰোমীয়া 13:8-10
[8] পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।[9] কিয়নো “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আদি কৰি আন কোনো আজ্ঞাও যদি আছে, তেনেহলে এই কথাতে এইবোৰো পোৱা যায়- “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷”[10] প্ৰেমে চুবুৰীয়াৰ অনিষ্ট সাধন নকৰে; এই কাৰণে প্ৰেমেৰে বিধান পালন কৰা হয়।

যাকোব 1:12-15
[12] যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।[13] কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।[14] কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।[15] তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷

মাৰ্ক 12:28-31
[28] তেতিয়া বিধানৰ অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভালদৰেই উত্তৰ দিলে৷ তেতিয়া তেওঁ যীচুক সুধিলে, “কোনটো আজ্ঞা সকলোতকৈ প্রয়োজনীয়?”[29] যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,[30] আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’।[31] দ্বিতীয়টো এই, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।”

লূক 10:10-28
[10] কিন্তু কোনো নগৰত সোমালে, মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক’বা,[11] তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো, তথাপি এই কথা জানি লোৱা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে৷’[12] মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ’ব।[13] হায় হায় কোৰাচীন! হায় হায় বৈৎ-চৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল, সেইবোৰ কাৰ্য তুৰ আৰু চীদোনত যদি কৰিলোঁ হয়, তেতিয়া তাৰ নিবাসী সকলে বহু দিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি অনুতাপ কৰিলেহেঁতেন।[14] কিন্তু মহা-বিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চীদোনৰ দশা সহিবলৈ বেছি সহনীয় হ’ব।[15] হে কফৰনাহূম, তুমি ভাবা নে, তুমি স্বৰ্গলৈ তোলা হ’বা বুলি? তুমি নৰকলৈহে পেলোৱা হ’বা।[16] যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”[17] পাছত সেই সত্তৰ জনে আনন্দেৰে ঘূৰি আহি ক’লে, “হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হ’ল।”[18] যীচুৱে তেওঁলোকক ক’লে, “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।[19] চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব।[20] তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ’ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, সেই বাবেহে অধিক আনন্দ কৰা।”[21] সেই ক্ষণতে তেওঁ পবিত্ৰ আত্মাত উল্লাসিত হৈ ক’লে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ৷ হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।”[22] “মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছে আৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”[23] ইয়াৰ পাছত যীচুৱে শিষ্য সকলৰ ফালে ঘূৰি গুপুতে ক’লে, “তোমালোকে যি যি দেখিছা সেইবোৰ দেখা চকুবোৰ ধন্য;[24] কিয়নো মই তোমালোকক কওঁ যে, তোমালোকে যি যি দেখিছা, তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে আৰু তোমালোকে যি যি শুনিছা, সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও, শুনিবলৈ নাপালে।”[25] ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?”[26] তেতিয়া যীচুৱে ক’লে, “বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?”[27] তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”[28] তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷”

ইফিচীয়া 6:5-9
[5] দাস সকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে নিজ নিজ জগতৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা;[6] কেৱল চকু-চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ, বৰং নিজকে খ্ৰীষ্টৰ দাস ৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভু সকলৰ সেৱাকর্ম কৰা।[7] তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা যাতে মানুহক নহয় ঈশ্বৰৰহে সেৱা কৰিছা।[8] মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নহোৱা প্রতিজনে সকলো সৎকর্ম্মৰ কাৰণে নিজে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা।[9] আপোনালোক যি সকল প্রভু, আপোনালোকেও আপোনালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে স্বৰ্গত তেওঁলোক আৰু আপোনালোকৰ একেই হব আৰু তেওঁত কোনো পক্ষপাত নাই।

১ কৰিন্থীয়া 13:1-13
[1] যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।[2] মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।[3] আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।[4] প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,[5] ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷[6] ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,[7] প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।[8] প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব।[9] কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ;[10] কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব।[11] যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ।[12] কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।[13] কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।

ৰোমীয়া 6:1-23
[1] তেনেহলে আমি কি ক’ম? অনুগ্ৰহ অধিক হ’বলৈ পাপ কৰি থাকিম নে?[2] এনে নহওক। পাপৰ সম্বন্ধে মৰা যি আমি, আমি তাত পুণৰ কেনেকৈ জীয়াই থাকিম?[3] নতুবা, আমি যিমান লোক খ্ৰীষ্ট যীচুৰ উদ্দেশ্যে বাপ্তাইজিত হ’লো, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হ’লো, ইয়াক আপোনালোকে নাজানা নে কি?[4] এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হ’ল, তেনেকৈ আমিও যেন নতুনতাত জীৱন-যাপন কৰোঁ, এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ’লোঁ ।[5] কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ’লোঁ, তেনেহলে উত্থানৰ সাদৃশ্যেৰেও সংযুক্ত হ’ম৷[6] আমি যেন পুণৰ পাপৰ সেৱক নহওঁ, এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হ’বৰ বাবে, আমাৰ পুৰণি পুৰুষক তেওঁৰ সৈতে ক্ৰুচত দিয়া হ’ল, ইয়াক আমি জানো;[7] কিয়নো যি জন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ’ল।[8] কিন্তু আমি যদি খ্ৰীষ্টে সৈতে মৰিলোঁ, তেনেহলে তেওঁৰ সৈতে যে জীয়াই উঠি জীৱনৰো ভাগী হ’ম, সেই বিষয়ে আমি বিশ্বাস কৰোঁ৷[9] কিয়নো মৃত লোকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ পুণৰ কেতিয়াও নমৰে আৰু মৃত্যুৱে যে তেওঁৰ ওপৰত পুণৰ প্ৰভুত্ব কৰিব নোৱাৰে, ইয়াকো আমি জানো।[10] কাৰণ তেওঁ যি মৃত্যুভোগ কৰিলে, সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে; কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে, সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে।[11] সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীচুত জীয়াই থকা বুলি গণ্য কৰক ।[12] এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হ’বলৈ, আপোনালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব৷[13] নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক।[14] কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব; কাৰণ আপোনালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰহে অধীন হৈ আছে।[15] তেনেহলে কি? আমি বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিম নে? এনে নহওক।[16] মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰে, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানে নে?[17] কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ’ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ’ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক।[18] আপোনালোকক পাপৰ পৰা মুক্ত কৰা হ’ল, এতিয়া আপোনালোক ধাৰ্মিকতাৰ দাস।[19] আপোনালোকৰ মাংসৰ দূৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পুৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্ম অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক।[20] কাৰণ যেতিয়া আপোনালোক পাপৰ দাস আছিল, তেতিয়া ধাৰ্মিকতাৰ সম্বন্ধে স্বাধীন আছিল।[21] তেনেহলে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু।[22] কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত, আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে; আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন।[23] কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।

মথি 19:1-30
[1] এইবোৰ কথা কোৱাৰ অন্তত যীচু গালীল প্ৰদেশৰ পৰা যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ আহিল৷[2] মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোক সকলক সুস্থ কৰিলে।[3] সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, “কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধান সন্মত হয় নে?”[4] তাতে যীচুৱে উত্তৰ দি ক’লে, “আৰম্ভণীতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে অাপোনালোকে জানো পঢ়া নাই?[5] তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, ‘এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ’ব’?[6] তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।”[7] তেতিয়া ফৰীচী সকলে তেওঁক সুধিলে, “তেনেহলে মোচিয়ে কিয় ত্যাগ-পত্ৰ দি ভার্যাক এৰিবলৈ আজ্ঞা দিছে”?[8] যীচুৱে তেওঁলোকক ক’লে, “অাপোনালোকৰ কঠোৰ মনৰ কাৰণে মোচিয়ে নিজৰ ভার্যাক ত্যাগ কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; অাৰম্ভণীতে কিন্তু এনেকুৱা নাছিল।[9] সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”[10] তেতিয়া শিষ্য সকলে যীচুক ক’লে, “যদি নিজৰ ভার্যাৰ সৈতে এজন পুৰুষৰ সম্পর্ক এনেকুৱাই হয়, তেনেহলে বিয়া নকৰোঁৱাই ভাল”।[11] যীচুৱে তেওঁলোকক ক’লে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে।[12] কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে; আন কাৰোবাক মানুহেই নপুংসক কৰিছে; পুণৰ এনে কোনো কোনো লোক আছে যি সকলে স্বৰ্গৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যি জনে এই শিক্ষা গ্রহণ কৰিব পাৰে, তেওঁ গ্ৰহণ কৰক।”[13] তাৰ পাছত লোক সকলে সৰু সৰু ল’ৰা ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক ডবিয়াব ধৰিলে।[14] তেতিয়া যীচুৱে ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।”[15] ইয়াৰ পাছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে৷ পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গ’ল।[16] এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, “হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎ কৰ্ম কৰিব লাগিব”?[17] যীচুৱে তেওঁক ক’লে, “সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।”[18] মানুহ জনে তেওঁক সুধিলে, “কোনবোৰ আজ্ঞা”? যীচুৱে ক’লে, “নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা;[19] মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”।[20] সেই যুৱক জনে তেতিয়া তেওঁক ক’লে, “মইতো এই সকলোবোৰ পালন কৰি আহিছোঁ; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে”?[21] যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা”।[22] এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল।[23] তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন।[24] পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।”[25] এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ ক’লে, “তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?”[26] যীচুৱে তেওঁলোকলৈ চাই ক’লে, “ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।”[27] তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক’লে, “চাওক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছোঁ, তেনেহলে আমি পাম নে?”[28] যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ’লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰতাপেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা।[29] যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব।[30] যি সকল এতিয়া প্রথমত আছে, তেওঁলোকৰ মাজৰ অনেক পাছ হ’ব, আৰু যি সকল শেষত আছে, তেওঁলোকৰ মাজৰ বহু লোক আগ হ’ব।”

আদিপুস্তক 19:1-38
[1] সেইদিনা সন্ধিয়া দুজন দূত চদোম নগৰলৈ আহিল। লোট তেতিয়া চদোম নগৰৰ প্রৱেশ দুৱাৰত বহি আছিল। তেওঁলোকক দেখা পাই লোটে উঠি সাক্ষাৎ কৰিবলৈ গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।[2] তেওঁ ক’লে, “হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।” তেতিয়া তেওঁলোকে ক’লে, “নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।”[3] কিন্তু বৰকৈ জোৰ কৰিবলৈ ধৰাত, তেওঁলোক লোটৰ লগত গৈ তেওঁৰ ঘৰত সোমাল; লোটে তেওঁলোকৰ কাৰণে খমীৰ নিদিয়া পিঠা সেকি এসাঁজ আহাৰ যুগুত কৰিলে আৰু তেওঁলোকক খাবলৈ দিলে।[4] কিন্তু তেওঁলোকে শুবলৈ যোৱাৰ আগতে নগৰৰ লোকসকলে অৰ্থাৎ চদোমৰ ল’ৰা-বৃদ্ধ আদি কৰি সকলো লোক নগৰৰ চাৰিওফালৰ পৰা আহি ঘৰটো বেৰি ধৰিলেহি।[5] তেওঁলোকে লোটক মাতি ক’লে, “আজি ৰাতি যি কেইজন লোক তোমাৰ ইয়াত সোমাল, তেওঁলোক ক’ত আছে? তেওঁলোকক আমাৰ ওচৰলৈ উলিয়াই আনা; আমি সিহঁতৰ পৰিচয় লওঁ।”[6] তেতিয়া লোটে দুৱাৰৰ বাহিৰত ওলাই গৈ দুৱাৰখন জপাই ক’লে,[7] “হে ভাইসকল, মই বিনয় কৰিছোঁ, আপোনালোকে এনে কু-আচৰণ নকৰিব;[8] চাওঁক, মোৰ দুজনী ছোৱালী আছে; কোনো পুৰুষৰ সৈতে সিহঁতৰ সংস্পৰ্শ হোৱা নাই; সিহঁতকে মই আপোনালোকৰ ওচৰলৈ উলিয়াই আনো; সিহঁতৰ লগত আপোনালোকে যি ভাল দেখে কৰক; কেৱল এই লোকসকলক একো নকৰিব; কিয়নো তেওঁলোকে এতিয়া মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।”[9] তেতিয়া তেওঁলোকে ক’লে, “যোৱা, আমাৰ পথৰ পৰা আঁতৰ হৈ যোৱা!” তেওঁলোকে আকৌ ক’লে, “এইজন বিদেশী হিচাবে আমাৰ ইয়ালৈ আহিছিল আৰু এতিয়া আমাৰে বিচাৰক হ’বলৈ গৈছে। এতিয়া আমি সিহঁততকৈ তোৰ লগত আৰু বেয়া আচৰণ কৰিম।” এই বুলি কৈ লোকসকলে সেই মানুহৰ বিৰুদ্ধে আগবঢ়িল আৰু লোটক ঠেলা মাৰি দুৱাৰ ভাঙিবলৈ কাষ চাপি গ’ল।[10] তেতিয়া সেই দুজন পুৰুষে হাত মেলি লোটক ঘৰৰ ভিতৰলৈ টানি নিলে আৰু ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলে;[11] তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে।[12] তাৰ পাছত সেই লোক দুজনে লোটক সুধিলে, “এই ঠাইত তোমাৰ আৰু কোনোবা আছে নেকি? তোমাৰ জোঁৱাই, পো, জী বা কোনো আত্মীয়-স্বজন আদি কৰি যিসকল লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিয়াই লৈ যোৱা।[13] কিয়নো আমি এই নগৰ ধ্বংস কৰিবৰ কাৰণে যুগুত হৈছোঁ। যিহোৱাৰ আগত এই ঠাইৰ লোকসকলৰ বিৰুদ্ধে ভীষণ হৈ চৈ হৈছে আৰু সেইবাবে তেওঁ তাক ধ্বংস কৰিবলৈ আমাক পঠাইছে।”[14] তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ হবলগীয়া জোৱাঁইসকলক ক’লে, “সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।” কিন্তু জোঁৱায়েকহঁতে ভাৱিলে, তেওঁ ধেমালি কৰিছে।[15] তাৰ পাছত ৰাতিপুৱা সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক’লে, “ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; তেতিয়াহে নগৰৰ লগত তোমালোকক এই শাস্তিত ধ্বংস কৰা নহ’ব।”[16] লোটে সংকোচ কৰি পলম কৰিবলৈ ধৰিলে। কিন্তু যিহোৱাৰ দয়া তেওঁৰ ওপৰত থকা কাৰণে সেই পুৰুষ দুজনে তেওঁক, তেওঁৰ ভার্য্যাক আৰু দুজনী জীয়েককো হাতত ধৰি টানি নগৰৰ বাহিৰলৈ উলিয়াই আনিলে।[17] সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক’লে, “প্ৰাণ বচাবলৈ হ’লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ’লে তোমালোকো বিনষ্ট হ’বা।”[18] তেতিয়া লোটে তেওঁলোকক ক’লে, “নহয়, হে মোৰ প্ৰভু, তেনে নকব![19] চাওঁক, আপোনালোকৰ দৃষ্টিত আপোনালোকৰ এই দাসে অনুগ্ৰহ পাইছো আৰু মোৰ জীৱন ৰক্ষা কৰাত আপোনালোকে মোলৈ দয়াও দেখুৱালে; কিন্তু মই পাহাৰটোলৈ পলাই যাব নোৱাৰোঁ; কিয়নো মই গৈ পোৱাৰ আগেয়ে হয়তো সেই বিপদ আহি পৰিব আৰু মই মৰিম।[20] চাওঁক, পলাই যাবলৈ হ’লে যথেষ্ট কাষতে সেইখন সৰু চহৰ আছে। প্রাণ ৰক্ষাৰ বাবে মোক তালৈকে পলাই যাবলৈ দিয়ক। ই জানো সৰু নহয়? তাতেই মোৰ প্ৰাণ ৰক্ষা পৰিব।”[21] তেতিয়া দূতে ক’লে, “বাৰু, মই তোমাৰ এই অনুৰোধ ৰাখিলোঁ। যি চহৰখনৰ কথা তুমি ক’লা, তাক মই ধ্বংস নকৰোঁ;[22] কিন্তু সোনকাল কৰা! বেগাই সেই ঠাইলৈকে পলোৱা; কিয়নো তুমি সেই ঠাই নোপোৱালৈকে, মই একো কৰিব নোৱাৰোঁ।” সেয়ে সেই চহৰখনৰ নাম হ’ল চোৱৰ ।[23] লোটে যেতিয়া চোৱৰ গৈ পালে তেতিয়া সূৰ্য উদয় হৈছিল।[24] তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে।[25] তেওঁ সেই নগৰকেইখন, গোটেই সমথল, নগৰৰ সকলো লোক আৰু ভূমিত গজা সকলো বস্তুকে বিনষ্ট কৰিলে।[26] কিন্তু পাছত গৈ থকা লোটৰ ভার্য্যাই পাছফালে উভটি চালে, তাতে তেওঁ লোণৰ এটা স্তম্ভ হৈ গ’ল।[27] অব্ৰাহামে অতি পুৱাতে উঠি যি ঠাইত পূৰ্বতে যিহোৱাৰ সন্মুখত থিয় হৈছিল, সেই ঠাইলৈ গ’ল।[28] তেওঁ তলৰ ফালে চদোম, ঘমোৰা আৰু গোটেই সমতল ভূমিলৈ চাই দেখিলে যে অগ্নিকুণ্ডৰ ধুঁৱাৰ দৰে সেই সকলো ঠাইৰ পৰা ধুঁৱা উঠিছে।[29] যেতিয়া ঈশ্বৰে সমথলৰ নগৰবোৰ বিনষ্ট কৰিলে, তেতিয়া ঈশ্বৰে অব্ৰাহামক সোঁৱৰণ কৰিলে; তেওঁ লোটে য’ত বাস কৰিছিল, সেই নগৰবোৰৰ ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই পঠালে।[30] পাছত লোটৰ চোৱৰত থাকিবলৈ সাহস নহ’ল আৰু সেয়ে তেওঁ জীয়েক দুজনীক লগত লৈ চোৱৰৰ পৰা ওলাই পাহাৰত বাস কৰিবলৈ উঠি গ’ল; তাত তেওঁ জীয়েক দুজনীৰে সৈতে এটা গুহাত বাস কৰিলে।[31] পাছত ডাঙৰ জীয়েকে সৰু জনীক ক’লে, “আমাৰ পিতৃ বৃদ্ধ হৈ গৈছে। এই এলেকাত এনে কোনো পুৰুষ নাই যেয়ে পৃথিৱীৰ নিয়ম অনুসাৰে আমাৰ লগত সম্বন্ধ কৰিব পাৰে।[32] আহাঁ, আমি আমাৰ পিতৃক দ্ৰাক্ষাৰস পান কৰাই তেওঁৰ লগত শয়ন কৰোঁহক। তাতে আমি আমাৰ পিতৃৰ বংশ ৰক্ষা কৰিব পাৰিম।”[33] সেই কথা অনুসাৰে সেইদিনা ৰাতি তেওঁলোকে বাপেকক দ্ৰাক্ষাৰস পান কৰাই মতলীয়া কৰিলে। তাৰ পাছত ডাঙৰজনীয়ে সোমাই গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া তাই শুলে আৰু কেতিয়ানো উঠি গ’ল লোটে গমকে নাপালে।[34] পাছদিনা ডাঙৰজনীয়ে সৰু জনীক ক’লে, “শুনা, যোৱাকালি ৰাতি মই পিতৃৰ লগত শয়ন কৰিলোঁ; আহাঁ আজি ৰাতিও আমি পিতৃক দ্ৰাক্ষাৰস পান কৰাওঁ আৰু তুমি সোমাই গৈ তেওঁৰ লগত শয়ন কৰিবা। তাতে পিতৃৰ পৰা আমি আমাৰ বংশ ৰক্ষা কৰিব পাৰিম।”[35] এইদৰে সেইদিনা ৰাতিও তেওঁলোকে নিজৰ বাপেকক দ্ৰাক্ষাৰস পান কৰালে আৰু সৰু জীয়েকে গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া যে তেওঁৰ ওচৰত শুলে আৰু কেতিয়ানো উঠি গ’ল, তাক লোটে গম নাপালে।[36] এইদৰে লোটৰ দুয়ো জনী জীয়েক নিজ বাপেকৰ দ্বাৰা গৰ্ভৱতী হ’ল।[37] পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ’ল আৰু তেওঁ তাৰ নাম মোৱাব ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ।[38] পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি হ’ল; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions