A A A A A

अच्छा चरित्र : [स्वच्छता]

ইসাইয়া 1:16
নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,

সামসঙ্গীত 51:7
এচোব বনেৰে তুমি মোক পবিত্র কৰা আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম।

১ যোহন 1:7-9
[7] কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।[8] আমাৰ পাপ নাই বুলি যদি কওঁ, তেনেহলে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই।[9] কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।

এজেকিয়েল 36:25
তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।

সামসঙ্গীত 51:10
হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।

পাঁচনি 9:1-31
[1] সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ’ল,[2] আৰু দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ললে যাতে তেওঁ সেই পথৰ যি কোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি যিৰূচালেমলৈ আনিব পাৰে।[3] এই উদ্দেশ্যৰে যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ’ল;[4] তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?”[5] চৌলে উত্তৰ দি কলে- “হে প্ৰভু, আপুনি কোন?” তেতিয়া প্ৰভুৱে কলে, “যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু;[6] কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ’ব।”[7] তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে কিন্তু সেই আকাশ-বাণী শুনি অবাক হৈ থাকিল।[8] পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দম্মেচক নগৰলৈ আনিলে৷[9] তাতে তেওঁ তিন দিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন-পানো নকৰিলে।[10] সেই সময়ত দম্মেচক নগৰত থকা অননিয় নামেৰে এজন শিষ্যক প্ৰভুৱে দৰ্শন দি কলে, “হে অননিয়।” তেওঁ ক’লে, “হে প্ৰভু, চাওক, মই আছোঁ।”[11] তেতিয়া প্ৰভুৱে তেওঁক কলে, “তুমি উঠা, পোন নামৰ আলিবাটেৰে যোৱা, আৰু যিহূদাৰ ঘৰলৈ গৈ তাৰ্চ নগৰৰ চৌল নামৰ ব্যক্তি জনৰ খবৰ লোৱা৷ তাতে তুমি দেখিবা, তেওঁ প্ৰাৰ্থনা কৰি আছে৷”[12] তেতিয়া চৌলে দৃষ্টি পাবৰ কাৰণে অননিয় নামেৰে এজন মানুহ তেওঁৰ ওচৰলৈ আহি তেওঁৰ গাত হাত দিয়া, এনে দৰ্শনত দেখা পালে।[13] কিন্তু অননিয়ই উত্তৰ দিলে, “হে প্ৰভু, সেই মানুহে যিৰূচালেমত আপোনাৰ নিযুক্ত পবিত্ৰ লোক সকলৰ কিমান অপকাৰ কৰিলে, সেই বিষয়ে মই অনেকৰ পৰা শুনিলোঁ৷[14] আৰু ইয়াতো আপোনাৰ নামেৰে প্ৰাৰ্থনা কৰা লোক সকলক বান্ধিবলৈ তেওঁ প্ৰধান পুৰোহিত সকলৰ পৰা ক্ষমতালৈ আহিছে৷”[15] কিন্তু প্ৰভুৱে তেওঁক কলে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।[16] কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।”[17] তেতিয়াই অননিয় গ’ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি কলে, “হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যি জন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।”[18] তেতিয়াই তেওঁৰ চকুৰ পৰা মাছৰ বাকলিৰ নিচিনা এচটা ওলাই আহিল আৰু পুনৰায় দৃষ্টি পালে; তাৰ পাছত তেওঁ উঠি বাপ্তাইজিত হ’ল৷[19] ইয়াৰ পাছত তেওঁ খোৱা-বোৱা কৰি বলৱান হ’ল৷ এনেদৰে কিছুদিন তেওঁ শিষ্য সকলৰ সৈতে দম্মেচক নগৰতে থাকিল৷[20] আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে।[21] তাতে সকলোৱে শুনি বিস্ময় মানি কলে, “বোলে, যি জনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰা সকলক লণ্ড-ভণ্ড কৰিছিল আৰু এতিয়াও তেনেলোকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছে, সেই জন এৱেই নহয় নে?”[22] কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে।[23] এনেদৰে বহু দিনৰ পাছত ইহুদী সকলে তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলে৷[24] আৰু তেওঁলোকে তেওঁক বধ কৰিবলৈ দিনে-ৰাতিয়ে দুৱাৰ বোৰত খাপ দি থাকিল; কিন্তু চৌলে তেওঁলোকৰ চক্ৰান্ত বুজি পালে৷[25] তাৰ পাছত তেওঁৰ শিষ্য সকলে ৰাতিতেই তেওঁক পাচিত ভৰাই, গড়েদি নমাই দিলে।[26] পাছত চৌলে যিৰূচালেমলৈ গৈ শিষ্য সকলৰ লগ লবলৈ চেষ্টা কৰাত, সকলোৱে তেওঁলৈ ভয় কৰিলে, আৰু তেওঁ যে শিষ্য হয়, ইয়াকো বিশ্বাস নকৰিলে।[27] কিন্তু বাৰ্ণব্বাই তেওঁক পাঁচনি সকলৰ আগলৈ আনিলে৷ ইয়াৰ পাছত দম্মেচকৰ পথত কেনেকৈ চৌলে প্ৰভুক দেখা পাইছিল, আৰু প্ৰভুৱে তেওঁৰ আগত কি কথা কৈছিল, আৰু তেওঁ কেনেকৈ দম্মেচকত যীচুৰ নামত সাহসেৰে প্ৰচাৰ কৰিছিল, সেই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰিলে।[28] চৌলে তেওঁলোকৰ লগত যিৰূচালেমত অহা-যোৱা কৰি প্ৰভু যীচুৰ নামেৰে সাহসেৰে প্ৰচাৰ কৰিলে।[29] তাতে তেওঁ গ্ৰীকভাষী ইহুদী সকলৰ সৈতে কথোপকথন আৰু বাদ-বিবাদ কৰিলে, কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰি আছিল।[30] ভাই সকলে এই বিষয়ে জানিবলৈ পোৱাত তেওঁক চীজাৰিয়ালৈ নি তাৰ্চ নগৰলৈ পঠাই দিলে।[31] সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷

দ্বিতীয় বিবরণ 23:12-14
[12] পায়খানাৰ কাৰণে আপোনালোকে ছাউনিৰ বাহিৰত এটা ঠাই ঠিক কৰি ল’ব লাগিব।[13] আপোনালোৰ সা-সামগ্রীৰ মাজত মাটি খান্দিবলৈ এখন খন্তি থাকিব। পায়খানা কৰাৰ আগতে আপোনালোকে তাৰে গাত কৰি মলখিনি আকৌ মাটিৰে ঢাকি দিব।[14] আপোনালোকক ৰক্ষা কৰিবলৈ, আৰু আপোনালোকৰ শত্রুবোৰক আপোনালোকৰ হাতত তুলি দিবলৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, আপোনালোকে ছাউনি পবিত্ৰ কৰি ৰাখিব লাগিব যাতে আপোনালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ আপোনালোকৰ পৰা বিমুখ হৈ নাযায়।

প্রবচন 20:9
কোনে ক’ব পাৰে “মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছোঁ, আৰু মোৰ পাপৰ পৰা মই মুক্ত হ’লো?

ফিলিপীয়া 4:8
শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।

সামসঙ্গীত 73:1
অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক; তেওঁ শুদ্ধ চিত্তৰ লোকসকললৈ শুভ কৰোঁতা।

প্ৰকাশিত বাক্য 1:5
আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,

২ কৰিন্থীয়া 7:1
এই হেতুকে, হে প্ৰিয় ভাই আৰু ভনী সকল, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।

লেবীয় পুস্তক 19:28
আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট-কুট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা।

লেবীয় পুস্তক 20:13
আৰু কোনো পুৰুষে যদি মহিলাৰ দৰে পুৰুষে সৈতে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো ঘিণ লগীয়া কৰ্ম কৰে। তেওঁলোকৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।

২ পিতৰ 3:8
কিন্তু, প্ৰিয় সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা।

২ কৰিন্থীয়া 5:17
এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল।

মথি 23:25-28
[25] হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে বাটি-কাঁহীৰ বাহিৰফাল শুচি কৰে, কিন্তু ভিতৰফাল অপহৰণ আৰু অতিশয্যৰে পৰিপূৰ্ণ।[26] হে অন্ধ ফৰীচী সকল, আপোনালোকে আগেয়ে বাটি-কাঁহীৰ ভিতৰফাল পৰিষ্কাৰ কৰক, তেতিয়াহে তাৰ বাহিৰ ফালো শুচি হ’ব।[27] হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোক বগাকৈ লিপা মৈদামৰ নিচিনা; সেইবোৰৰ বাহিৰফাল দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰফাল মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ মলিৰে পৰিপূৰ্ণ৷[28] সেইদৰে আপোনালোকো বাহিৰফালে মানুহে দেখাত ধাৰ্মিক; কিন্তু ভিতৰত, কপট আৰু অধৰ্মেৰে পূৰ হৈ আছে।

লূক 6:31
লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা।

১ কৰিন্থীয়া 10:13
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।

মথি 23:26
হে অন্ধ ফৰীচী সকল, আপোনালোকে আগেয়ে বাটি-কাঁহীৰ ভিতৰফাল পৰিষ্কাৰ কৰক, তেতিয়াহে তাৰ বাহিৰ ফালো শুচি হ’ব।

মথি ๕:๘
নিৰ্মল চিত্তৰ লোক সকল ধন্য; কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব।

আদিপুস্তক 18:4
মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওঁক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওঁক।

যাত্রাপুস্তক 19:14
তেতিয়া মোচিয়ে পৰ্ব্বতৰ পৰা লোকসকলৰ ওচৰলৈ নামি আহিল। তেওঁ লোকসকলক পবিত্ৰকৃত কৰিলে; আৰু তেওঁলোকে নিজৰ নিজৰ কাপোৰবোৰ ধুলে।

দ্বিতীয় বিবরণ 23:12
পায়খানাৰ কাৰণে আপোনালোকে ছাউনিৰ বাহিৰত এটা ঠাই ঠিক কৰি ল’ব লাগিব।

ৰোমীয়া 5:8
কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।

১ তীমথিয় 4:12
তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।

২ কৰিন্থীয়া 6:14-18
[14] অবিশ্বাসী সকলৰ সৈতে আপোনালোক অসমানভাবে সংযুক্ত নহব; কিয়নো ধাৰ্মিকতা আৰু অধৰ্মৰ মাজত পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সহভাগিতা?[15] বেলিয়ালে সৈতে খ্ৰীষ্টৰ কি মিলন? অবিশ্বাসী জনৰ লগত বিশ্বাস কৰা জনৰ কি সম্পৰ্ক?[16] আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি বিধান আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।”[17] এতেকে, প্ৰভুৱে কৈছে, “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহা আৰু পৃথক হোৱা, আৰু কোনো অশুচি বস্তুক নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম,[18] আৰু তোমালোকৰ পিতৃ হ’ম আৰু তোমালোকো মোৰ পো-জী হ’বা, ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে”।

পাঁচনি 9:1-20
[1] সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ’ল,[2] আৰু দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ললে যাতে তেওঁ সেই পথৰ যি কোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি যিৰূচালেমলৈ আনিব পাৰে।[3] এই উদ্দেশ্যৰে যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ’ল;[4] তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?”[5] চৌলে উত্তৰ দি কলে- “হে প্ৰভু, আপুনি কোন?” তেতিয়া প্ৰভুৱে কলে, “যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু;[6] কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ’ব।”[7] তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে কিন্তু সেই আকাশ-বাণী শুনি অবাক হৈ থাকিল।[8] পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দম্মেচক নগৰলৈ আনিলে৷[9] তাতে তেওঁ তিন দিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন-পানো নকৰিলে।[10] সেই সময়ত দম্মেচক নগৰত থকা অননিয় নামেৰে এজন শিষ্যক প্ৰভুৱে দৰ্শন দি কলে, “হে অননিয়।” তেওঁ ক’লে, “হে প্ৰভু, চাওক, মই আছোঁ।”[11] তেতিয়া প্ৰভুৱে তেওঁক কলে, “তুমি উঠা, পোন নামৰ আলিবাটেৰে যোৱা, আৰু যিহূদাৰ ঘৰলৈ গৈ তাৰ্চ নগৰৰ চৌল নামৰ ব্যক্তি জনৰ খবৰ লোৱা৷ তাতে তুমি দেখিবা, তেওঁ প্ৰাৰ্থনা কৰি আছে৷”[12] তেতিয়া চৌলে দৃষ্টি পাবৰ কাৰণে অননিয় নামেৰে এজন মানুহ তেওঁৰ ওচৰলৈ আহি তেওঁৰ গাত হাত দিয়া, এনে দৰ্শনত দেখা পালে।[13] কিন্তু অননিয়ই উত্তৰ দিলে, “হে প্ৰভু, সেই মানুহে যিৰূচালেমত আপোনাৰ নিযুক্ত পবিত্ৰ লোক সকলৰ কিমান অপকাৰ কৰিলে, সেই বিষয়ে মই অনেকৰ পৰা শুনিলোঁ৷[14] আৰু ইয়াতো আপোনাৰ নামেৰে প্ৰাৰ্থনা কৰা লোক সকলক বান্ধিবলৈ তেওঁ প্ৰধান পুৰোহিত সকলৰ পৰা ক্ষমতালৈ আহিছে৷”[15] কিন্তু প্ৰভুৱে তেওঁক কলে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।[16] কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।”[17] তেতিয়াই অননিয় গ’ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি কলে, “হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যি জন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।”[18] তেতিয়াই তেওঁৰ চকুৰ পৰা মাছৰ বাকলিৰ নিচিনা এচটা ওলাই আহিল আৰু পুনৰায় দৃষ্টি পালে; তাৰ পাছত তেওঁ উঠি বাপ্তাইজিত হ’ল৷[19] ইয়াৰ পাছত তেওঁ খোৱা-বোৱা কৰি বলৱান হ’ল৷ এনেদৰে কিছুদিন তেওঁ শিষ্য সকলৰ সৈতে দম্মেচক নগৰতে থাকিল৷[20] আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে।

১ কৰিন্থীয়া 15:29
আৰু মৃতবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবোৰক সমুলি তোলা নহয়, তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?

লেবীয় পুস্তক 18:22
তুমি মহিলাৰ লগত শয়ন কৰাৰ দৰে পুৰুষে সৈতে শয়ন নকৰিবা। সেয়ে ঘিণলগীয়া কৰ্ম।

ৰোমীয়া 1:26-27
[26] এই কাৰণে, ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে; কিয়নো তেওঁলোকৰ স্ত্ৰী লোক সকলে স্বাভাৱিক সঙ্গ এৰি, স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে;[27] সেইদৰে পুৰুষ সকলেও স্বাভাৱিক স্ত্ৰী সঙ্গ এৰি, পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজলৈ ভ্ৰান্তিৰ উচিত প্ৰতিফল আনিলে।

১ কৰিন্থীয়া 14:40
কিন্তু সকলো কৰ্ম সুন্দৰকৈ শালিনতা বজাই কৰা হওক।

মথি 7:18-23
[18] ভাল গছত বেয়া ফল আৰু বেয়া গছত ভাল ফল ধৰিব নোৱাৰে।[19] যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়।[20] এতেকে সিহঁতৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা।[21] যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।[22] সেইদিনা বহুলোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূত খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে?[23] তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, ‘মই তহঁতক কেতিয়াও চিনি নাপাও, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’।

যোহন 5:39-40
[39] আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;[40] তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ, মোৰ ওচৰলৈ আহিব নিবিচাৰে।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions