পাঁচনি 4:29-31 |
[29] হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা।[30] তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।[31] এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে। |
|
২ কৰিন্থীয়া 3:12 |
আমাৰ এনে আশা থকাত, আমি অতি উদাৰ চিত্তেৰে কথা কওঁ, |
|
পাঁচনি 14:3 |
সেয়ে, পৌল আৰু বার্ণব্বাই প্রভুত থাকি, সাহসেৰে প্রচাৰ কৰি সেই নগৰতে বেছ কিছুদিন থাকিল। প্রভুৱে তেওঁলোকৰ মাধ্যমেদি অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্য কৰি, তেওঁৰ অনুগ্রহৰ বাক্যৰ সাক্ষ্য দিলে। |
|
পাঁচনি 13:46 |
তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে কলে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷ |
|
পাঁচনি 19:8 |
পাছত পৌল নাম-ঘৰলৈ গ’ল আৰু সেই ঠাইত তিনি মাহ মান থাকি নিৰ্ভীক ভাবে প্ৰচাৰ কৰিলে; আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে নানা কথাৰে বাদ-বিচাৰ কৰি লোক সকলক মনোনিবেশ কৰিবলৈ তেওঁ বুজাই দিলে৷ |
|
ফিলীমন 1:8 |
গতিকে যি উচিত সেইটো কৰিবৰ বাবে তোমাক আজ্ঞা দিবলৈ যীচু খ্রীষ্টত মোৰ সাহস আছে, |
|
পাঁচনি 18:26 |
পাছত তেওঁ নাম-ঘৰত সাহসেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে; তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাই তেওঁৰ এই কথা শুনাত, তেওঁক তেওঁলোকৰ ওচৰলৈ লৈ আহিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে বিশদভাবে বুজাই দিলে। |
|
মাৰ্ক 15:43 |
অৰিমাথিয়াৰ যোচেফ সেই ঠাইলৈ আহিল৷ তেওঁ পৰিষদ মণ্ডলীৰ এজন সন্মানীয় সদস্য আছিল৷ তেওঁ ঈশ্ৱৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷ তেওঁ সাহসেৰে পীলাতৰ ওচৰলৈ গ’ল আৰু যীচুৰ দেহ বিচাৰিলে। |
|
পাঁচনি 28:31 |
মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি; |
|
পাঁচনি 4:29-30 |
[29] হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা।[30] তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”। |
|
প্রবচন 28:1 |
কোনো লোকে খেদি নগলেও দুষ্টলোক দৌৰি পলায়; কিন্তু ন্যায় কাৰ্য কৰা সকল যুৱা সিংহৰ দৰে সাহসী হয়। |
|
আদিপুস্তক 18:23-32 |
[23] অব্ৰাহামে যিহোৱাৰ ওচৰলৈ আগবাঢ়ি গৈ সুধিলে, “আপুনি দুষ্টৰ লগত ধাৰ্মিককো বিনষ্ট কৰিব নে?[24] সেই নগৰৰ মাজত যদি পঞ্চাশজন ধাৰ্মিক লোক আছে, সেই পঞ্চাশ জনৰ কাৰণে আপুনি সেই নগৰক ক্ষমা নিদি বিনষ্ট কৰিব নে?[25] ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”[26] তেতিয়া যিহোৱাই ক’লে, “যদি চদোম নগৰত পঞ্চাশ জনও ধাৰ্মিক লোক পাওঁ, তেন্তে তেওঁলোকৰ কাৰণে মই সেই গোটেই নগৰ খনকে ক্ষমা দিম।”[27] অব্ৰাহামে উত্তৰ দি ক’লে, “চাওক, যদিও মই কেৱল ধুলি আৰু ছাঁই, তথাপিও মই প্ৰভুৰ লগত কথা ক’বলৈ সাহ কৰিছোঁ;[28] যদি পঞ্চাশজন ধাৰ্মিক লোক নহৈ পাঁচজন কম হয় তেনেহলে কি সেই পাঁচজন কম হোৱাৰ কাৰণে গোটেইখন নগৰকে আপুনি বিনষ্ট কৰিব নে?” তেতিয়া তেওঁ ক’লে, “মই তাত পঞ্চল্লিশজনক পালেও বিনষ্ট নকৰোঁ।”[29] অব্রাহামে আকৌ তেওঁক ক’লে, “ধৰক, যদি তাত মাত্র চল্লিশজন ধার্মিক লোকক পোৱা গ’ল!” তেওঁ ক’লে, “সেই চল্লিশজনৰ কাৰণেও মই বিনষ্ট নকৰোঁ।”[30] তেতিয়া অব্রাহামে ক’লে, “মোৰ প্ৰভুৱে যেন ক্ৰোধ নকৰে, মই পুনৰ কওঁ যদি তাত ত্ৰিশজনকো পোৱা যায়?” তেওঁ ক’লে, “মই যদি তাত ত্ৰিশজনকো পাওঁ, তেতিয়াও বিনষ্ট নকৰোঁ।”[31] অব্রাহামে ক’লে, “চাওক, মই আকৌ এবাৰ সাহস কৰি প্ৰভুক কব বিচাৰিছোঁ! যদি তাত বিশজনক পোৱা যায়?” “বিশজনৰ কাৰণেও মই সেই নগৰ বিনষ্ট নকৰোঁ।”[32] অৱশেষত অব্রাহামে ক’লে, “প্ৰভুৱে যেন মোক ক্ৰোধ নকৰে; মই কেৱল আৰু এবাৰহে মাথেন কওঁ, তাত যদি দহজনকো পোৱা যায়?” তেতিয়া তেওঁ ক’লে, “সেই দহজনৰ কাৰণেও মই তাক বিনষ্ট নকৰোঁ।” |
|
সামসঙ্গীত 138:3 |
মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা; তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা। |
|
ইফিচীয়া 3:12 |
খ্রীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস আৰু দৃঢ় প্ৰত্যয়েৰে সৈতে ঈশ্বৰৰ সন্মুখলৈ আহিব ক্ষমতা পালোঁ। |
|
যোহন 4:17 |
সেই মহিলাই উত্তৰ দি তেওঁক ক’লে, “মোৰ স্বামী নাই।” যীচুৱে তেওঁক ক’লে, “তুমি ঠিকেই কৈছা যে তোমাৰ স্বামী নাই। |
|
ইব্ৰী 10:19 |
এতেকে, হে ভাই সকল, সেই মহা-পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে৷ যীচুৰ তেজৰ গুণত আমি নিৰ্ভিকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ৷ |
|
ইব্ৰী 4:16 |
এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ। |
|
ইব্ৰী 13:6 |
এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব? |
|
ইফিচীয়া 6:19-20 |
[19] মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷[20] কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷ |
|
পাঁচনি 4:13 |
পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল। |
|
১ তীমথিয় 3:13 |
কিয়নো যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচাৰকৰ কাৰ্য কৰে, তেওঁলোকে নিজলৈ সুনাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীচুত তেওঁলোক বিশ্বাসত সাহসী হয়৷ |
|
১ থিচলনীকীয়া 2:2 |
আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ। |
|
ফিলিপীয়া 1:20 |
এয়ে মোৰ আকাংক্ষা আৰু আশা সিদ্ধ হ’ব যে, মই কোনোমতে লজ্জিত নহম৷ কিন্তু সাহসেৰে যেনেকৈ সদায়, তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰায়েই হওক, মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ’ব। |
|
২ তীমথিয় 1:7 |
কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। |
|
১ কৰিন্থীয়া 16:13 |
আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হওক। |
|
প্রবচন 14:26 |
যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস, আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব। |
|
সামসঙ্গীত 27:14 |
তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা। |
|
ৰোমীয়া 1:16 |
কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। |
|
১ বংশাবলি 28:20 |
দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব। |
|
১ কৰিন্থীয়া 15:58 |
এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়। |
|
ইফিচীয়া 6:10 |
অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক। |
|
ইসাইয়া 54:4 |
ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা। |
|
যোহন 14:27 |
মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক। |
|
মাৰ্ক 5:36 |
কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম-ঘৰৰ অধিকাৰী জনক কলে, “ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।” |
|
ফিলিপীয়া 1:28 |
আপোনালোকৰ বিৰুদ্ধী সকলৰ বাবে কোনো বিষয়ত ত্ৰাসযুক্ত নহ’ব; সেয়ে তেখেত সকলৰ অৰ্থে বিনাশ, কিন্তু আপোনালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্রাণৰ প্ৰমাণ হয়। |
|
যোহন 7:26 |
কিন্তু চোৱা, এওঁতো মুকলিকৈ কথা কৈ আছে, তথাপি তেওঁলোকে এওঁক একো কোৱা নাই। তেনেহলে, এনে হব পাৰে নেকি, শাসনকর্তা সকলে সঁচাই জানিব পাৰিছে যে এই লোক জনেই খ্ৰীষ্ট? |
|
পাঁচনি 5:29 |
তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত। |
|
যোশুয়া 1:7 |
মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা। |
|
এজেকিয়েল 3:9 |
মই তোমাৰ কপাল চকমকিয়া পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁলোক বিদ্ৰোহী বংশ হলেও, তেওঁলোকলৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা।” |
|
পাঁচনি 9:29 |
তাতে তেওঁ গ্ৰীকভাষী ইহুদী সকলৰ সৈতে কথোপকথন আৰু বাদ-বিবাদ কৰিলে, কিন্তু তেওঁলোকে তেওঁক বধ কৰিবলৈ চেষ্টা কৰি আছিল। |
|
ফিলিপীয়া 1:1 |
খ্ৰীষ্ট যীচুৰ দাস পৌল আৰু তীমথিয়, খ্ৰীষ্ট যীচুত থকা যি সকল পবিত্ৰ লোক ফিলিপীত আছে তেখেত সকলৰ সৈতে তেখেত সকলৰ অধ্যক্ষ আৰু পৰিচাৰক সকলৰ সমীপলৈ। |
|
১ তীমথিয় 3:1 |
কোনোৱে যদি অধ্যক্ষ পদৰ বাবে আকাংক্ষা কৰে, তেনেহলে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাসযোগ্য। |
|
১ কৰিন্থীয়া 3:12 |
এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে, |
|
ইব্ৰী 10:1 |
কিয়নো বিধান ভাবি মঙ্গলৰ ছায়া বিশিষ্ট হৈ, বিধান সেইবোৰ বিষয়ৰ প্ৰকৃত ৰূপ নহয়৷ সেয়েহে যি সকল পুৰোহিতে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহে, তেওঁলোকে বছৰ বছৰ একে ৰূপে বাৰে বাৰে বলিদান কৰে; কিন্তু বিধানে সেইবোৰৰ দ্বাৰাই চাপি যোৱা সকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে। |
|
১ পিতৰ 5:10 |
আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব। |
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |