ৰোমীয়া 14:12 |
এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব। |
|
ৰোমীয়া 1:20 |
কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে; |
|
প্রবচন 27:17 |
যেনেকৈ লোহাই লোহাক চোকা কৰে, তেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ মুখ উজ্জ্বল কৰে। |
|
যাকোব 5:16 |
এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট। |
|
ৰোমীয়া 2:12 |
সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হ’ব আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধ-বিচাৰ হ’ব। |
|
লূক 12:47-48 |
[47] যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সেই দাসে ভালেমান কোব খাব।[48] কিন্তু যি জনে নাজানি কোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব। |
|
১ থিচলনীকীয়া 5:11 |
এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক। |
|
যাকোব 4:17 |
এতেকে যিজনে সৎ কৰ্ম কৰিবলৈ জানিও, উচিত ভাবে নকৰে, সেই জনে পাপ কৰে। |
|
ৰোমীয়া 4:15 |
কিয়নো বিধানে ক্ৰোধ সাধন কৰায়; কিন্তু য’ত বিধান নাই, তাত উলঙ্ঘনো নাই। |
|
১ তীমথিয় 1:10 |
ব্যভিচাৰী, সমকামী, দাস বিক্ৰীৰ সৰবৰাহকাৰী, মিছলীয়া, মিছা সাক্ষী আৰু যি সকলে সত্য শিক্ষাৰ বিপৰীতে আন কিবা কাম কৰা, মিছা শপতকাৰী, |
|
মথি 12:36 |
কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব। |
|
লূক 12:48 |
কিন্তু যি জনে নাজানি কোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব। |
|
এজেকিয়েল 18:20 |
যিজনে পাপ কৰে, তেওঁ মৰিব। পুত্রই পিতৃৰ অপৰাধৰৰ ভাৰ নবব আৰু ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব। |
|
ইফিচীয়া 5:21 |
খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বশীভূত হওক। |
|
ইব্ৰী 10:25 |
কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক। |
|
এজেকিয়েল 33:8 |
যদি মই এজন দুষ্ট লোকক কওঁ, ‘হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা!’ কিন্তু যদি তুমি সেই দুষ্টজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবলৈ একো নোকোৱা, তেতিয়া সেই দুষ্ট লোকজনে নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম! |
|
মথি 12:36-37 |
[36] কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।[37] কিয়নো আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপুনি নিৰ্দ্দোষী বুলি প্ৰমাণিত হব আৰু আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপোনাক দোষী বুলি প্ৰমাণিত কৰা হব। |
|
গালাতীয়া 6:1-2 |
[1] হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷[2] আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক। |
|
ইব্ৰী 10:24 |
সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক; |
|
সামসঙ্গীত 51:5 |
চোৱা, অধৰ্মতে মোৰ জন্ম হল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। |
|
১ যোহন 2:2 |
তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা; কেৱল আমাৰেই নহয়, গোটেই জগতৰে, |
|
২ কৰিন্থীয়া 5:10 |
কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব। |
|
২ কৰিন্থীয়া 4:17-18 |
[17] আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়।[18] এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। |
|
ইফিচীয়া 4:25 |
সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ। |
|
গালাতীয়া 6:2 |
আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক। |
|
পাঁচনি 14:17 |
কিন্তু তথাপি তেওঁ নিজৰ বিষয়ে প্রমাণ নিদিয়াকৈ নাথাকিল। তেওঁ সকলোৰে মঙ্গল কৰে। তেওঁ আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত শস্য দিয়ে। তেওঁ আপোনালোকলৈ আহাৰ যোগায় আৰু আপোনালোকৰ হৃদয় আনন্দেৰে পূর্ণ কৰে।” |
|
২ কৰিন্থীয়া 2:6 |
এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তিয়েই যথেষ্ট। |
|
১ সামুয়েল 16:7 |
কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।” |
|
১ কৰিন্থীয়া 1:10 |
কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়। |
|
২ রাজাবলি 12:4-5 |
[4] যোৱাচে পুৰোহিতসকলক ক’লে, “যিহোৱাৰ গৃহলৈ বিশেষ উদ্দেশ্যৰ কাৰণে পবিত্র দান হিচাবে ধন অনা হওঁক; গণিত লোকৰ পৰা মন্দিৰৰ কৰ, যিহোৱাৰ দ্বাৰা উৎসাহিত হৈ লোকসকলে মন্দিৰৰ কাৰণে নিজ মনোবাঞ্ছাৰে অনা দান-বৰঙনি, সেই সকলো লৈ আপোনালোকে জমা কৰিব।[5] পাছত পুৰোহিতসকলে এই সকলো ধন তেওঁলোকৰ কৰদাতাসকলৰ পৰা লৈ প্রয়োজনৰ সময়ত মন্দিৰ মেৰামতিৰ কামত সেই ধন ব্যৱহাৰ কৰিব।” |
|
সামসঙ্গীত 82:1 |
ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে। |
|
সামসঙ্গীত 82:6 |
মই ক’লো, “তোমালোকেই দেৱতাবোৰ; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান। |
|
যোব 1:6-12 |
[6] এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল।[7] তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰিলোঁ, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।”[8] তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।”[9] তেতিয়া চয়তানে উত্তৰ দি যিহোৱাক ক’লে, “ইয়োবে জানো লাভ নোপোৱাকৈ ঈশ্বৰলৈ ভয় ৰাখিছে?[10] আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে।[11] কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”[12] তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল। |
|
যোব 2:1-7 |
[1] আকৌ এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হ’বলৈ উপস্থিত হ’ল।[2] তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰি আহিলোঁ আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।[3] তেতিয়া যিহোৱাই চয়তানক সুধিলে, “মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই; যদিও তুমি অকাৰণে তেওঁৰ সৰ্ব্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি আছে।”[4] তেতিয়া চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব পাৰে।[5] কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”[6] তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁ তোমাৰ হাতত আছে; কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হবা।”[7] তাৰ পাছত চয়তান যিহোৱাৰ সন্মুখৰ পৰা ওলাই গ’ল আৰু ইয়োবক আঘাত কৰিলে, তেতিয়া তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষ খহু উৎপন্ন হ’ল। |
|
১ বংশাবলি 28:8 |
এই হেতুকে এতিয়া ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাৰ উদ্দেশে সমবেত হোৱা আৰু আমাৰ ঈশ্বৰৰ উপস্থিতিত ঈশ্ৱৰ যিহোৱাৰ সকলো আজ্ঞা পালন কৰিবলৈ তোমালোক সকলোৱে চেষ্টা কৰা। এই উত্তম দেশৰ অধিকাৰী হবলৈ আৰু তোমালোকৰ পাছত চিৰকালৰ বাবে পুৰুষানুক্রমে তোমালোকৰ সন্তান সকলৰ অধিকাৰত যেন থাকে তাৰ কাৰণে এই সকলো কৰা। |
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |