A A A A A

अच्छा चरित्र : [अखंडता]

প্রবচন 11:3
সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।

প্রবচন 28:6
কুটিল পথত চলা ধনী মানুহতকৈ, ন্যায়পৰায়ণতাত চলা দৰিদ্ৰ লোকেই শ্ৰেষ্ঠ।

১ পিতৰ 3:16
যি সকলে খ্ৰীষ্টত থাকি কৰা আপোনালোকৰ সদাচৰণৰ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয়, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব।

প্রবচন 12:22
মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।

প্রবচন 21:3
যি সত্য আৰু ন্যায়, এনে কাৰ্য কৰা; বলিদানতকৈ এই কার্য সমূহ যিহোৱাৰ গ্রহণীয়।

২ কৰিন্থীয়া ৮:২১
কিয়নো কেৱল প্ৰভুৰ দৃষ্টিত নহয় কিন্তু মানুহৰ আগতো যি যি উচিত, সেইটোহে আমি চিন্তা কৰিছোঁ।

যোহন 14:6
যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।

প্রবচন 4:25-27
[25] তোমাৰ চকুৱে সন্মুখলৈ চাওক, আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা।[26] তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা, তেতিয়া তোমাৰ সকলো পথ সুৰক্ষিত হ’ব।[27] সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা, মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।”

ইব্ৰী 13:18
আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব; কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছোঁ, আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ;

লূক 6:31
লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা।

সামসঙ্গীত 41:11-12
[11] ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট, কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে।[12] তুমি মোৰ সততাৰ কাৰণে মোক ধৰি ৰাখিলা; তুমি অনন্ত কালৰ কাৰণে মোক তোমাৰ সন্মুখত উপস্থিত কৰিলা।

ফিলিপীয়া 4:8
শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।

ইসাইয়া 26:7
ধাৰ্মিকলোকৰ পথ সৰল; আপুনি ধাৰ্মিকসকলৰ পথ সমান কৰিছে।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions