A A A A A

अच्छा चरित्र : [ईमानदार]

২ কৰিন্থীয়া 8:21
কিয়নো কেৱল প্ৰভুৰ দৃষ্টিত নহয় কিন্তু মানুহৰ আগতো যি যি উচিত, সেইটোহে আমি চিন্তা কৰিছোঁ।

২ তীমথিয় 2:15
তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুন হবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা।

কলচীয়া 3:9
ইজনে সিজনক মিছা কথা নক’ব; কিয়নো আপোনালোকে তাৰ কর্মৰ সৈতে সেই আগৰ পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালে;

ইফিচীয়া 4:25
সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ।

যাকোব 1:26
কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।

যাকোব 3:17
কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল ।

লূক 6:31
লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা।

মথি 5:8
নিৰ্মল চিত্তৰ লোক সকল ধন্য; কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব।

প্রবচন 10:9
যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।

প্রবচন 11:3
সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।

প্রবচন 12:17-22
[17] যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।[18] যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।[19] সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।[20] কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে; কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়।[21] সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে; কিন্তু দুষ্টলোক সমস্যাৰে পৰিপূৰ্ণ হয়।[22] মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।

প্রবচন 14:5
বিশ্বাসী সাক্ষীয়ে মিছা কথা নকয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাকেহে কয়।

প্রবচন 21:3
যি সত্য আৰু ন্যায়, এনে কাৰ্য কৰা; বলিদানতকৈ এই কার্য সমূহ যিহোৱাৰ গ্রহণীয়।

প্রবচন 24:26
যিজনে সত্যতাত উত্তৰ দিয়ে, তেওঁ ওঁঠক চুমা খায়।

প্রবচন 28:18
যি কোনোৱে শুদ্ধ পথত চলে, তেওঁ ৰক্ষা পায়, কিন্তু যিজনে কুটিল পথত চলে; তেওঁ হঠাৎ পতিত হয়।

সামসঙ্গীত 112:5
যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।

১ বংশাবলি 29:17
হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তোষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।

যোহন 1:3
তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ’ল।

যোহন 3:18
তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই।

ফিলিপীয়া 4:8-9
[8] শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।[9] আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে, তেনেদৰে সকলোৱে আচৰণ কৰক; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।

১ পিতৰ 3:10-12
[10] “কাৰণ, যি জনে জীৱনক প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেখেতে কু-কথাৰ পৰা নিজৰ জিভা, আৰু ছলনা-বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক;[11] কু-পথৰ পৰা ঘূৰক আৰু ভাল কৰ্ম কৰক৷ শান্তি বিচাৰক আৰু তাতে লাগি থাকক৷[12] প্ৰভুৰ চকুৱে ধাৰ্মিক সকলক দৃষ্টি কৰে, আৰু তেওঁৰ কাণে তেখেত সকলৰ প্ৰাৰ্থনা শুনে৷ কিন্তু যি সকল কু-কৰ্মী, তেখেত সকললৈ প্ৰভুৰ মুখ বিৰোধী৷”

প্রবচন 6:16-20
[16] যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।[17] গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,[18] বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,[19] মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।[20] হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions