A A A A A

अच्छा चरित्र : [विनम्र / विनम्रता]

কলচীয়া 3:12
এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;

ইফিচীয়া 4:2
আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক।

যাকোব 4:6-10
[6] কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”[7] এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।[8] ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।[9] বিলাপ, শোক আৰু ক্ৰন্দন কৰক; আপোনালোকৰ হাঁহি শোক হৈ যাওঁক, আৰু আপোনালোকৰ আনন্দ বিষাদ হৈ যাওঁক।[10] প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব।

১ পিতৰ 5:5
সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।

২ বংশাবলি 7:14
তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।

লূক 14:11
কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।

মিখা 6:8
হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।

প্রবচন 3:3-4
[3] বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।[4] তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।

প্রবচন 11:2
যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে।

প্রবচন 12:15
অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে।

প্রবচন 15:33
যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।

প্রবচন 18:12
পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।

প্রবচন 22:4
যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।

প্রবচন 27:2
আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক।

সামসঙ্গীত 25:9
তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।

সামসঙ্গীত 149:4
কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।

ৰোমীয়া 12:3
কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।

ৰোমীয়া 12:16
আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক ৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।

২ কৰিন্থীয়া 12:9-10
[9] তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷[10] এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।

ফিলিপীয়া 2:3-4
[3] আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷[4] প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।

মথি 23:10-12
[10] আৰু তোমালোকে আচাৰ্য্য বুলি মতা নহ’বা; কিয়নো খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য।[11] কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব।[12] যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।

যাকোব 4:14-16
[14] কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ৷[15] তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।”[16] কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ।

ফিলিপীয়া 2:5-8
[5] খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে আপোনালোকৰ হওক,[6] যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী আছিল৷ তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷[7] বৰং নিজকে শূণ্য কৰিলে৷ আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷ তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷ আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷[8] তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে, এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ’ল ।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions