A A A A A

अच्छा चरित्र : [स्वीकार]


১ কৰিন্থীয়া ၅:၁၁-၁၃
[၁၁] মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে, খ্রীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেনেহলে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিব।[၁၂] কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি দৰকাৰ? মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো আপোনালোকে নকৰে?[၁၃] কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে। “আপোনালোকৰ মাজৰ পৰা সেই দুষ্ট লোকক বাহিৰ কৰি দিয়ক।”

১ যোহন 1:9
কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।

১ পিতৰ 3:8-9
[8] অৱশেষত কওঁ, আপোনালোক সকলোৱে একে মনৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হওক৷[9] অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।

যোহন 3:16
কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।

প্রবচন 13:20
জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব।

ৰোমীয়া 2:11
কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷

ৰোমীয়া 5:8
কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে।

ৰোমীয়া 8:31
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?

ৰোমীয়া 14:1-2
[1] যি জন বিশ্বাসত দূৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়।[2] কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দূৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়।

ইব্ৰী 10:24-25
[24] সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক;[25] কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক।

যোহন 6:35-37
[35] যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।[36] মই আপোনালোকক কৈছোঁ যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে।[37] পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।

কলচীয়া 3:12-14
[12] এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;[13] আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷[14] এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।

মথি ၅:၃၈-၄၂
[၃၈] তোমালোকে ‘চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত’ এই যি কথা কোৱা হৈছিল, সেই বিষয়ে শুনিছা।[၃၉] কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুষ্ট লোক সকলৰ প্ৰতিৰোধ নকৰিবা; বৰং কোনোৱে যদি তোমাৰ সোঁ গালত চৰ মাৰে, তেনেহলে তেওঁলৈ আন খন গালো পাতি দিবা।[၄၀] কোনোৱে যদি আদালতত তোমাৰ ওপৰত গোচৰ তৰি তোমাৰ চোলা ল’ব খোজে, তেনেহলে তেওঁক তোমাৰ চাদৰখনো এৰি দিবা।[၄၁] যি কোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাইল যাবা।[၄၂] যি জনে তোমাক খোজে, সেই জনক দিবা আৰু কোনোৱে তোমাৰ পৰা ধাৰ বিচাৰিলে, তেওঁক বিমুখ নকৰিবা।

মথি ၂၅:၃၄-၄၀
[၃၄] তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।[၃၅] কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা; মোৰ পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা; অতিথি হৈছিলোঁ, মোক আশ্ৰয় দিছিলা:[၃၆] উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা’।[၃၇] তেতিয়া ধাৰ্মিক সকলে তেওঁক উত্তৰ দি ক’ব, ‘হে প্ৰভু আমি কেতিয়া আপোনাৰ ভোক লগা দেখি, খাবলৈ দিছিলোঁ? পিয়াহ লাগোতে পান কৰাইছিলো?[၃၈] আমি কেতিয়া আপোনাক অচিন-অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ? নাইবা উদঙে থকা দেখি, কাপোৰ পিন্ধাইছিলো?[၃၉] আমি কেতিয়া আপোনাক নৰিয়া পৰা, বা বন্দীশালত থকা দেখি, আপোনাৰ ওচৰলৈ গৈছিলোঁ’?[၄၀] তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।

ৰোমীয়া ၁၅:၁-၇
[၁] কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দূৰ্বল লোক সকলৰ দূৰ্বলতাৰূপ ভাৰ বোৱা উচিত।[၂] আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ ভাললৈ চাই, তেওঁক সন্তুষ্ট কৰক।[၃] কিয়নো খ্ৰীষ্টয়ো নিজকে নিজে সন্তুষ্ট নকৰিলে; কিন্তু যেনেদৰে লিখা আছে, বোলে, “তোমাক নিন্দা কৰা সকলৰ নিন্দাও মোৰ ওপৰত পৰিল”, ঠিক সেইদৰে হ’ল;[၄] কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।[၅] এতিয়া যি জন ধৈৰ্য আৰু সান্ত্বনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক;[၆] এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷[၇] এতেকে ঈশ্বৰৰ মহিমাৰ অৰ্থে, যেনেকৈ খ্ৰীষ্টে আপোনালোকক গ্ৰহণ কৰিলে, তেনেকৈ আপোনালোকেও ইজনে সিজনক গ্ৰহণ কৰক।

ৰোমীয়া 14:10-19
[10] কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম।[11] কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে কৈছে, “মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল’ব, আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।”[12] এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব।[13] এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।[14] স্বভাৱতে কোনো বস্তু যে অশুচি নহয়, ইয়াক মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰোঁ; কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অশুচি হয়।[15] কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই যদি আপোনাৰ ভাই দুঃখিত হয়, তেনেহলে আপুনি প্ৰেম আচৰণ কৰা নহ’ল। যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল, সেই জনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব।[16] এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব;[17] কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।[18] কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱাকৰ্ম কৰে, তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষাসিদ্ধ।[19] এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions