A A A A A

परमेश्वर: [वित्तीय आशीर्वाद]


১ সামুয়েল 2:7
যিহোৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে৷

২ কৰিন্থীয়া 8:9
কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷

৩ যোহন 1:2
হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।

উপদেশক 9:10
তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।

গালাতীয়া 6:9
আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।

আদিপুস্তক 13:2
এই সময়ত অব্ৰাম অতিশয় ধনী আছিল। তেওঁৰ অনেক পশু, সোণ আৰু ৰূপ আছিল।

হোসেয়া 4:6
জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।

যাকোব 5:12
কিন্তু, হে মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব; কিন্তু আপোনালোকে যেন সোধ-বিচাৰত নপৰে এই কাৰণে আপোনালোকৰ ‘হয়’ যেন ‘হয়’ হওক আৰু ‘নহয়’ যেন ‘নহয়’ হওক।

যোহন 6:12
তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক ক’লে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।”

লূক 6:38
দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।

লূক 12:34
কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।”

প্রবচন 10:22
যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।

প্রবচন 11:14
যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়; কিন্তু বহুত উপদেষ্টাৰ আলোচনাৰ দ্বাৰাই দেশৰ উন্নতি হয়।

প্রবচন 19:17
যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।

প্রবচন 21:17
যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব; আৰু যি জনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনৱান নহ’ব।

প্রবচন 22:9
উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।

প্রবচন 28:22-27
[22] কৃপণ লোকে ধনী হ’বলৈ অগ্রসৰ হয়; কিন্তু দৰিদ্ৰতা যে তেওঁৰ ওচৰলৈ আহি আছে, সেই বিষয়ে তেওঁ নাজানে।[23] কথাৰে খুচামোদ কৰা লোকতকৈ, কোনো এজনক অনুযোগ কৰা জনে পৰৱৰ্তি সময়ত অধিক অনুগ্ৰহ পায়।[24] যি কোনোৱে নিজৰ পিতৃ আৰু মাতৃৰ ধন-সম্পত্তি অপহৰণ কৰি কয়, “এয়া পাপ নহয়,” তেওঁ বিনাশকাৰীৰ সঙ্গী হয়।[25] লুভীয়া স্বভাৱৰ লোকে বিবাদ উৎপন্ন কৰে; কিন্তু যিহোৱাত ভাৰসা কৰা লোকৰ উন্নতি হয়।[26] যিজনে নিজৰ হৃদয়ত ভাৰসা কৰে, তেওঁ অজ্ঞানী হ’য়; কিন্তু যি মানুহে প্ৰজ্ঞাৰ পথত চলে, তেওঁ বিপদৰ পৰা ৰক্ষা পায়।[27] যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহয়; কিন্তু যি কোনোৱে তেওঁলোকলৈ চকু মুদে, তেওঁ অধিক শাও পায়।

সামসঙ্গীত 24:1
পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।

মথি 6:33
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।

মথি 23:23
হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।

মথি 25:21
প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’

ৰোমীয়া 13:8
পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।

প্রবচন 3:9-10
[9] আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।[10] সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।

সামসঙ্গীত 121:1-2
[1] মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব?[2] যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।

মাৰ্ক 11:22-23
[22] যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা;[23] মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্বতটোক যদি কয়, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, আৰু মনত সন্দেহ নকৰি যি জনে কয় আৰু তেওঁ যদি সেয়ে ঘটিব বুলি বিশ্বাস কৰে, তেনেহলে তেওঁলৈ ঈশ্বৰে সেয়ে সিদ্ধ কৰিব।

আদিপুস্তক 1:26-27
[26] তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”[27] তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।

২ কৰিন্থীয়া 9:6-8
[6] কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।[7] প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।[8] ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷

লূক 14:28-30
[28] কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে?[29] তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেনেহলে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি ক’ব ধৰিব,[30] ‘এই মানুহ জনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে’।

লূক 6:34-36
[34] ধাৰ পৰিশোধৰ আশা কৰিব পৰা লোককে যদি তোমালোকে কেৱল ধাৰ দিয়া, তেনেহলে তোমালোকে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও পাপীক ধাৰ দিয়ে আৰু সেই ধাৰ পুণৰ ঘূৰাই পোৱাৰ আশা কৰে।[35] কিন্তু তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু উপকাৰ কৰিবা। কেতিয়াও কোনো বস্তু ঘূৰাই পাবলৈ আশা নকৰি ধাৰ দিবা; এইদৰে উচিত কৰ্ম কৰিলে তোমালোকৰ পুৰস্কাৰ অধিক হ’ব আৰু তোমালোক সৰ্বোপৰি জনাৰ সন্তান হ’বা। কিয়নো তেওঁ অকৃতজ্ঞ আৰু দুষ্ট সকলৰ প্ৰতিও দয়াৱান হয়।[36] তোমালোকৰ পিতৃ যেনে দয়ালু, তোমালোকো তেনে দয়ালু হোৱা।

যাকোব 5:1-3
[1] এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক ।[2] আপোনালোকৰ ধন-সম্পত্তি গেলি পচি যাব ধৰিছে; আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ল।[3] আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলে।

আদিপুস্তক 12:1-20
[1] যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা।[2] মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।[3] যিসকলে তোমাক আশীৰ্ব্বাদ কৰে, মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম আৰু যিসকলে তোমাক শাও দিয়ে, মই তেওঁলোকক শাও দিম। তোমাৰ দ্বাৰায়েই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।”[4] পাছত অব্ৰামে যিহোৱাৰ কথা মতে যাত্ৰা কৰিলে আৰু লোট তেওঁৰ লগত গ’ল। হাৰণ নগৰৰ পৰা ওলাই যোৱাৰ সময়ত অব্ৰামৰ বয়স আছিল পঁয়সত্তৰ বছৰ।[5] অব্ৰামে তেওঁৰ ভার্য্যা চাৰী আৰু ভতিজা পুতেক লোটক লগত লৈ ওলাই গ’ল। তেওঁৰ সকলো উপাৰ্জিত ধন, সম্পত্তি আৰু তেওঁ হাৰণত পোৱা সকলো দাসবোৰক লৈ কনান দেশ অভিমুখে যাত্রা কৰিলে। পাছত তেওঁলোকে কনান দেশ গৈ পালে।[6] কনান দেশৰ মাজেদি অব্ৰাম চিখিম নগৰলৈ গ’ল আৰু তাৰ পাছত মোৰিৰ ওক গছজোপা পর্যন্ত গ’ল। সেইসময়ত কনানীয়াসকলে সেই দেশত বাস কৰিছিল।[7] পাছত যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “এই দেশখনকে মই তোমাৰ বংশ ক দিম।” তাতে অব্রামে তেওঁক দৰ্শন দিয়া যিহোৱাৰ উদ্দেশ্যে সেই ঠাইত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।[8] তাৰ পাছত চিখিমৰ পৰা অব্রামে বৈৎএলৰ পূবফালে পাহাৰীয়া এলেকালৈ আগুৱাই গ’ল আৰু তাত তেওঁ বৈৎএলক পশ্চিম আৰু অয়ক পূব কৰি তম্বু তৰিলে; সেই ঠাইতো তেওঁ যিহোৱালৈ এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে।[9] তাৰ পাছত অব্ৰামে পুনৰ যাত্রা আৰম্ভ কৰিলে আৰু তেওঁ নেগেভৰ ফালে অগ্রসৰ হ’ল।[10] পাছত কনান দেশত আকাল হ’ল; আকাল অতিশয়ৰূপে বৃদ্ধি হোৱাত অব্ৰামে মিচৰ দেশত প্ৰবাস কৰিবলৈ নামি গ’ল।[11] তেওঁ মিচৰ দেশত প্রৱেশ কৰাৰ ঠিক আগমুহূর্তত তেওঁৰ ভাৰ্যা চাৰীক ক’লে, “শুনা, মই জানো তুমি এগৰাকী সুন্দৰী মহিলা।[12] তোমাক যেতিয়া মিচৰীয়াসকলে দেখিব, তেতিয়া তেওঁলোকে ক’ব, ‘এই মহিলাগৰাকী সেই লোকজনৰ ভাৰ্যা।’ পাছত তেওঁলোকে মোক বধ কৰি তোমাক জীয়াই ৰাখিব।[13] সেয়ে তুমি ক’বা যে, তুমি মোৰ ভনী হয়। তাতে তোমাৰ কাৰণে মোলৈ ভাল হ’ব পাৰে আৰু মোৰ প্ৰাণো ৰক্ষা পৰিব পাৰে।”[14] অব্ৰাম যেতিয়া মিচৰ দেশত সোমাল, তেতিয়া মিচৰীয়াসকলে চাৰীক অতি সুন্দৰী দেখিলে।[15] ফৰৌণৰ ৰাজপুত্রসকলেও চাৰীক দেখা পাই ফৰৌণ ৰজাৰ আগত তেওঁৰ প্রশংসা কৰিলে। ফলত চাৰীক ফৰৌণৰ ৰাজপ্রাসাদলৈ লৈ গ’ল।[16] চাৰীৰ কাৰণে ফৰৌণে অব্ৰামলৈ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে; তেওঁ অব্রামক অনেক মেৰ-ছাগ, গৰু, গাধ, গাধী, দাস-দাসী আৰু উট দিলে।[17] কিন্তু অব্ৰামৰ ভাৰ্যা চাৰীৰ কাৰণে যিহোৱাই ফৰৌণ আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকৰ মাজত ভয়ঙ্কৰ মহামাৰী ঘটালে।[18] ফৰৌণে অব্ৰামক মাতি ক’লে, “আপুনি মোৰ লগত এইটো কি কাম কৰিলে? এওঁ যে আপোনাৰ ভাৰ্যা, তাক মোক কিয় কোৱা নাছিল?[19] আপুনি কিয় ‘তাই মোৰ ভনী’ বুলি কৈছিল? সেই কাৰণেহে মই তেওঁক বিয়া কৰিবলৈ আনিছিলোঁ। এতিয়া, এয়া আপোনাৰ ভাৰ্যা; তেওঁক লৈ আপুনি গুছি যাওঁক।”[20] তাৰ পাছতে অব্রামৰ বিষয়ে ফৰৌণে তেওঁৰ লোকসকলক আজ্ঞা দিলে আৰু তেওঁলোকে অব্রামক তেওঁৰ ভার্য্যা আৰু তেওঁৰ সকলো সম্পদেৰে সৈতে দূৰলৈ পঠিয়াই দিলে।

মথি 6:1-34
[1] সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধাৰ্মিকতাৰ কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা।[2] এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।[3] কিন্তু তোমালোকে যেতিয়া দান দিবা, তেতিয়া তোমালোকৰ সোঁ হাতে কি কৰে বাঁও হাতক সেই বিষয়ে জানিবলৈ নিদিবা;[4] কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।[5] তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ দৰে নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভালপায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।[6] কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ-কোঠালীলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।[7] প্ৰাৰ্থনা কৰা সময়ত অনা-ইহুদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুণৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাৱে, তেওঁলোকৰ বেচি কথাৰ কাৰণে তেওঁলোকৰ প্রার্থনা তেওঁ শুনিব।[8] এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই বিষয়ে তোমালোকে পিতৃৰ পৰা খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।[9] এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা; ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক;[10] তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক।[11] আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া।[12] আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।[13] আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷’[14] কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;[15] কিন্তু তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।[16] যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।[17] কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই ল’বা;[18] যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।[19] যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা;[20] কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা।[21] কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।[22] চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমালোকৰ চকু যদি ভালে থাকে, তেনেহলে তোমালোকৰ গোটেই শৰীৰ দীপ্তিময় হ’ব;[23] কিন্তু তোমালোকৰ চকু যদি বেয়া হয়, তেনেহলে তোমালোকৰ গোটেই শৰীৰ অন্ধকাৰময় হ’ব। এতেকে তোমালোকৰ তাত থকা পোহৰ যদি আচলতে অন্ধকাৰময় হয়, তেনেহলে সেই আন্ধাৰ কিমান গভীৰ হব![24] কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।[25] এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?[26] আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?[27] আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?[28] বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলি ফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, কাপোৰো নবয়;[29] তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল।[30] এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে?[31] এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা।[32] কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।[33] কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।[34] এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।

দ্বিতীয় বিবরণ 28:1-68
[1] আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব।[2] আপোনালোকে ঈশ্বৰ যিহোৱাৰ বাক্যলৈ মনোযোগ দিলে, এই সকলো আশীৰ্ব্বাদ আপোনালোকলৈ আহিব আৰু সেয়ে আপোনালোকৰ লগত থাকিব।[3] আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে আশীৰ্ব্বাদ পাব।[4] আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত আশীৰ্ব্বাদ পাব।[5] আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো আশীৰ্ব্বাদ পাব।[6] ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে আশীৰ্ব্বাদ পাব।[7] যিহোৱাই আপোনালোকৰ বিৰুদ্ধে উঠা শত্ৰুবোৰক আপোনালোকৰ আগত ঘটুৱাব; সিহঁতে তেওঁলোকে এক বাটদি আপোনালোকক আক্রমণ কৰিবলৈ আহি সাত বাটেদি পলাই যাব।[8] যিহোৱাই আপোনালোকৰ ভঁৰালবোৰত, আৰু যি কার্যত আপোনালোকে হাত দিব, সেই সকলোৰে ওপৰত আশীৰ্ব্বাদ পৰিবলৈ আজ্ঞা দিব; আপোনালোকক যি দেশ দিব, তাত তেওঁ আপোনালোকক আশীৰ্ব্বাদ কৰিব।[9] আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰে আৰু তেওঁৰ পথত চলে, তেন্তে যিহোৱাই আপোনালোকৰ আগত শপত কৰাৰ দৰে, আপোনালোকক নিজৰ এক পবিত্ৰ প্ৰজা হিচাবে স্থিৰ কৰিব।[10] তাতে, পৃথিবীত থকা সকলো জাতিবোৰে দেখা পাব যে, যিহোৱাৰ নামেই আপোনালোকৰ পৰিচয় আৰু তেওঁলোকে আপোনালোকক ভয় কৰি চলিব।[11] যিহোৱাই আপোনালোকক যি দেশ দিম বুলি আপোনালোকৰ পূর্ব–পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশত তেওঁ আপোনালোকৰ গৰ্ভফল, আপোনালোকৰ পশুৰ গৰ্ভফল, আৰু ভুমিৰ ফলক প্রচুৰ ঐশ্বৰ্য্যশালী কৰিব।[12] আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব।[13] যিহোৱাই আপোনালোকক মূৰ কৰিব, নেগুৰ নকৰিব; আপোনালোকৰ স্থান কেৱল ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা মই আজি আপোনালোকক দিছো, সেইবোৰ শুনি আৰু পালন কৰি সেই মতে কাৰ্য কৰে,[14] আৰু দেৱতাবোৰৰ সেৱাপূজা কৰি সেইবোৰৰ পাছত নচলি মই আজি আপোনালোকক দিয়া আজ্ঞাবোৰৰ এটি বাক্যৰো সোঁ কি বাওঁফালে নুঘুৰিলে আপোনালোকে সেই আশীর্বাদ পাব।[15] কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব।[16] আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে শাও পাব।[17] আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো শাও পাব।[18] আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত শাও পাব।[19] ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে শাও পাব।[20] আপোনালোকে মন্দ কাৰ্য কৰি যিহোৱাক ত্যাগ কৰাৰ কাৰণে আপোনালোকে কৰা সকলো কার্যতে তেওঁ শাও দিব। যেতিয়ালৈকে আপোনালোক ধ্বংস আৰু শীঘ্ৰে বিনষ্ট হৈ নাযায়, তেতিয়ালৈকে যিহোৱাই আপোনালোকৰ মাজলৈ শাও, ব্যাকুলতা, আৰু ধমকি পঠাই থাকিব।[21] আপোনালোকৰ অধিকাৰৰ অৰ্থে যি দেশত সোমাবলৈ গৈছে সেই দেশৰ পৰা যিহোৱাই আপোনালোকক উচ্ছন্ন নকৰেমানে আপোনালোকৰ মাজত মহামাৰী লাগিয়েই থাকিব।[22] সংক্রামক ৰোগ যেনে ক্ষয় ৰোগ, জ্বৰ, জ্বলন, খৰাং, ঘামগাঁৰ, গৰম শুকান বতাহ, আৰু ককৰ্তনীয়া এইবোৰৰ দ্বাৰাই যিহোৱাই আপোনালোকক মাৰিব; আপোনালোক বিনষ্ট নোহোৱালৈকে সেইবোৰে আপোনালোকৰ লগ নেৰিব।[23] আপোনালোকৰ মূৰৰ ওপৰত থকা আকাশখন পিতল যেন টান আৰু তলত থকা পৃথিবীখন লোহা যেন টান হ’ব।[24] যিহোৱাই আপোনালোকৰ দেশত বৰষুণৰ সলনি ধুলি আৰু বালি বৰষাব; আপোনালোক বিনষ্ট নোহোৱালৈকে, সেইবোৰ আকাশৰ পৰা আপোনালোকৰ ওপৰত পৰি থাকিব।[25] যিহোৱাই আপোনালোকৰ শত্ৰুবোৰৰ আগত আপোনালোকক ঘটুৱাব; আপোনালোকে এক বাটে তেওঁলোকৰ অহিতে ওলাই যাব, কিন্তু সাত বাটেদি তেওঁলোকৰ আগৰ পৰা পলাই আহিব; পৃথিবীৰ সকলো ৰাজ্যৰ মাজত আপোনালোক সিচঁৰিত হ’ব।[26] আপোনালোকৰ মৃত শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিবীৰ জীৱ-জন্তুবোৰৰ আহাৰ হ’ব; সেইবোৰক খেদাবলৈ কোনো নাথাকিব।[27] যিহোৱাই আপোনালোকক মিচৰীয় বিহ ফোঁহোৰা, খহু, ফাপৰ, আৰু খজুলি এনেবোৰ সুস্থ কৰিব নোৱাৰা ৰোগেৰে আক্রান্ত কৰিব।[28] যিহোৱাই পাগলামি, অন্ধতা আৰু চিন্তাশক্তি নষ্ট কৰি আপোনালোকক অধিক কষ্ট দিব।[29] অন্ধই যেনেকৈ আন্ধাৰত খপিয়াই ফুৰে, তেনেকৈ আপোনালোকে দিন-দুপৰতে খপিয়াই ফুৰিব; আপোনালোকৰ কোনো কাৰ্যই সফল নহব; আপোনালোকৰ ওপৰত সদায় কেৱল উপদ্ৰৱ আৰু লুটপাত হ’ব আৰু আপোনালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।[30] আপোনালোকৰ কোনো ছোৱালী বাগদত্তা হ’ব, কিন্তু আন পুৰুষে তাইৰ লগত শয়ন কৰিব; আপোনালোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; আৰু দ্ৰাক্ষাবাৰী পাতিব, কিন্তু তাৰ গুটি ভোগ কৰিবলৈ নাপাব।[31] অন্য লোকে আপোনালোকৰ গৰু আপোনালোকৰ আগতেই বধ কৰিব, কিন্তু আপোনালোকে তাৰ মাংস খাবলৈ নাপাব; আপোনালোকৰ গাধ আপোনালোকৰ আগৰ পৰা বলপূর্বক ভাবে নিয়া হ’ব কিন্তু ওলোটাই দিয়া নাযাব; আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাক শত্ৰুবোৰক দিয়া হ’ব, কিন্তু আপোনালোকৰ পক্ষত নিস্তাৰ কৰোঁতা কোনো নাথাকিব।[32] আপোনালোকৰ ল’ৰা, ছোৱালীক আন জাতিৰ লোকসকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব; আৰু আপোনালোক ক্লান্ত হৈ পৰিব, আপোনালোকক ৰক্ষা কৰোঁতা কোনো নাথাকিব।[33] আপোনালোকে নজনা এটা জাতিয়ে আপোনালোকৰ ভূমিৰ শস্য আৰু আপোনালোকৰ পৰিশ্ৰমৰ সকলো ফল ভোগ কৰিব; আপোনালোকে সদায় কেৱল উপদ্ৰৱ আৰু লাঞ্চনা ভোগ কৰিব;[34] তেতিয়া, আপোনালোকে চকুৰে যি দেখিব, তাৰ কাৰণেই আপোনালোক মানসিক বিকাৰগ্রস্ত হ’ব।[35] যিহোৱাই আপোনালোকৰ আঠু, কৰঙন আৰু ভৰি তলুৱাৰ পৰা মূৰলৈকে, সুস্থ কৰিব নোৱাৰা বিহ ফোঁহোৰাৰে আপোনালোকক আক্রান্ত কৰিব।[36] যিহোৱাই আপোনালোকে মনোনীত কৰা ৰজাক আৰু আপোনালোকক এনে এটা জাতিৰ ওচৰলৈ লৈ যাব, যাক আপোনালোকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলেও নাজানে। সেই ঠাইত আপোনালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মুৰ্ত্তিক সেৱাপূজা কৰিব।[37] যিহোৱাই আপোনালোকক যি সকলো জাতিৰ মাজলৈ লৈ যাব, সেইসকলৰ মাজত আপোনালোক এক ত্রাস, প্রবাদ আৰু বিদ্ৰূপৰ বিষয় হ’ব।[38] আপোনালোকে খেতিলৈ অধিক বীজ লৈ যাব, কিন্তু গোটাব অলপহে; কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব।[39] আপোনালোকে দ্ৰাক্ষাবাৰী পাতিব আৰু তাৰ যত্নও ল’ব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ বা আঙুৰ চপাবলৈ নাপাব; কিয়নো পোকে তাক খাই পেলাব।[40] আপোনালোকৰ গোটেই দেশৰ সীমাৰ ভিতৰত জিত গছ হ’ব, কিন্তু আপোনালোকে তেল ঘঁহিবলৈ নাপাব; কিয়নো তাৰ ফল সৰি যাব।[41] আপোনালোকৰ ল’ৰা-ছোৱালী জন্মিব, কিন্তু তেওঁলোক আপোনালোকৰ নহ’ব; কিয়নো তেওঁলোকক বন্দী কৰি নিয়া হ’ব।[42] আপোনালোকৰ ভূমিৰ সকলো গছ-গছনি আৰু ফল জকে জাকে ফৰিঙে আহি ভোগ কৰিব।[43] আপোনালোকৰ মাজত থকা বিদেশী লোক ক্ৰমে ক্ৰমে আপোনালোকৰ ওপৰলৈ উঠি যাব, কিন্তু আপোনালোক ক্ৰমে ক্ৰমে তললৈ যাব।[44] তেওঁলোকে আপোনালোকক ধাৰ দিব, কিন্তু আপোনালোকে তেওঁলোকক ধাৰ দিব নোৱাৰিব; তেওঁলোক মূৰ হ’ব আৰু আপোনালোক নেগুৰ হ’ব।[45] এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা আৰু বিধিবোৰ পালন কৰিবলৈ কাণ নিদিয়াৰ কাৰণে এই সকলো ঘটিব। আপোনালোক বিনষ্ট নোহোৱা পর্যন্ত এই সকলোবোৰে আপোনালোকৰ পাছ নেৰিব।[46] এই শাওবোৰ আপোনালোকৰ আৰু আপোনালোকৰ বংশৰ ওপৰত চিৰকাললৈকে চিন আৰু অদ্ভুত লক্ষণ স্বৰূপে থাকিব।[47] কাৰণ, আপোনালোক যেতিয়া ঐশ্বর্য্যৰে পূর্ণ হৈ আছিল, তেতিয়া আপোনালোকে অন্তৰৰ আনন্দ আৰু উল্লাসেৰে ঈশ্বৰ যিহোৱাৰ সেৱা নকৰিলে।[48] এই কাৰণে, যি শত্ৰুবোৰক যিহোৱাই আপোনালোকৰ বিৰুদ্ধে পঠাব, আপোনালোকে ভোক, পিয়াহ, বস্ত্র আৰু দৰিদ্রতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিব আৰু তেওঁ আপোনালোকক বিনষ্ট নকৰালৈকে আপোনালোকৰ ডিঙিত লোহাৰ যুৱলি থৈ দিব।[49] যিহোৱাই দূৰৈৰ পৰা, পৃথিৱীৰ শেষ সীমাৰ পৰা, এনে এক জাতিক আপোনালোকৰ বিৰুদ্ধে লৈ আহিব, যাৰ ভাষা অাপোনালোকে বুজিব নোৱাৰিব। ঈগল চৰাইয়ে চিকাৰ ধৰাৰ দৰে সেই জাতি ছোঁ কৰি আপোনালোকৰ ওপৰলৈ নামি আহিব।[50] সেইসকল এক নিষ্ঠুৰ জাতি হ’ব। তেওঁলোকে বয়োজ্যেষ্ঠ লোকক সন্মান নকৰিব আৰু ল’ৰা-ছোৱালীবোৰক দয়া-মায়া নকৰিব।[51] আপোনালোক ধ্বংস নোহোৱালৈকে তেওঁলোকে আপোনালোকৰ পশুবোৰৰ পোৱালি আৰু খেতিৰ শস্য খাই পেলাব; শেষ পর্যন্ত আপোনালোক বিনষ্ট নোহোৱালৈকে শস্য, নতুন দ্ৰাক্ষাৰস বা তেল, আপোনালোকৰ পশুবোৰৰ বা মেৰ-ছাগৰ জাকৰ পোৱালিকো অৱশিষ্ট নাৰাখিব।[52] তেওঁলোকে আপোনালোকৰ নগৰৰ দুৱাৰবোৰ অৱৰোধ কৰি ৰাখিব, আৰু শেষত গোটেই দেশৰ যিবোৰ ওখ আৰু দৃঢ় গড়ত আপোনালোকে ভাৰসা কৰিব, সেয়ে ভাঙি পৰিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক দিবলৈ গৈছে, সেই দেশৰ সকলো নগৰৰ দুৱাৰৰ ভিতৰত সেই জাতিয়ে আপোনালোকক অৱৰোধ কৰি ৰাখিব।[53] অৱৰোধৰ কালত শত্রুবোৰে আপোনালোকক এনে কষ্টৰ অৱস্থালৈ নিব যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া নিজৰ গর্ভৰ সন্তান সকলক, নিজৰ ল’ৰা-ছোৱালীবোৰৰ গাৰ মঙহ খাব।[54] সেই অৱস্থাত আপোনালোকৰ মাজৰ যি লোক কোমল স্বভাৱৰ আৰু অতি শান্ত, তেৱোঁ নিজ ভাই, নিজৰ মৰমৰ ভার্যা আৰু তেওঁৰ বাকী থকা নিজৰ ল’ৰা-ছোৱালীবোৰৰ প্রতি এনেৰূপ নিষ্ঠুৰ হৈ উঠিব।[55] নিজৰ যি সন্তানৰ মাংস তেওঁ খাব, তাৰ অলপো তেওঁ তেওঁলোকক নিদিব। কাৰণ, যেতিয়া আপোনালোকৰ শত্রুৱে নগৰৰ দুৱাৰবোৰৰ ভিতৰত আপোনালোকক অৱৰোধ কৰি ৰাখি কষ্ট দিব, তেতিয়া সেই খিনিৰ বাহিৰে নিজৰ বাবে খাবলৈ আন একোকে নাথাকিব।[56] আপোনালোকৰ মাজৰ যি মহিলা কোমল স্বভাৱৰ আৰু অতি শান্ত; আলসুৱাৰ কাৰণে মাটিত ভৰি পেলাবলৈ ইচ্ছা নকৰা, তেৱোঁ নিজৰ প্রিয় স্বামী আৰু ল’ৰা-ছোৱালীৰ প্রতি নিষ্ঠুৰ হ’ব।[57] সন্তান জন্ম দিয়াৰ পাছতে সেই নৱজাতক, এনেকি নিজৰ দুই ভৰিৰ মাজৰ পৰা ওলোৱা পাচ-শূল আৰু নিজে প্ৰসৱ কৰা নিজ সন্তানসকললৈও তেওঁ নিষ্ঠুৰ হ’ব; আপোনালোকক অৱৰোধ কৰাৰ সময়ত আপোনালোকৰ শত্রুসকলে যেতিয়া আপোনালোকক কষ্ট দিব, তেতিয়া অভাৱত তেওঁ সেইবোৰ মনে মনে খাব।[58] ‘আপোনালোকৰ ঈশ্বৰ যিহোৱা’ বুলি তেওঁৰ এই যি গৌৰৱময় আৰু ভয়ানক নামৰ সন্মান কৰিবলৈ, এই পুস্তকত যি সকলো নিয়ম লিখা আছে, সেইবোৰ যদি আপোনালোকে যত্নেৰে সৈতে পালন নকৰে,[59] তেন্তে যিহোৱাই আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰৰ ওপৰত ভয়ঙ্কৰ মহামাৰী আনিব; সেইবোৰ অনেক দিনলৈকে বর্তি থকা মহা-মহামাৰী আৰু ভীষণ কষ্টদায়ক ৰোগ হ’ব।[60] মিচৰ দেশত যি সকলো ৰোগ দেখি আপোনালোকে ভয় কৰিছিল, তেওঁ সেই সকলোবোৰ আপোনালোকৰ ওপৰলৈ আনিব আৰু সেইবোৰে আপোনালোকক নেৰিব।[61] তাৰ বাহিৰেও, আপোনালোক বিনষ্ট নোহোৱালৈকে যিহোৱাই এনে সকলো ৰোগ আৰু মহামাৰী আপোনালোকৰ ওপৰলৈ আনিব, যি এই ব্যৱস্থা-পুস্তকত লিখা হোৱা নাই।[62] আপোনালোকৰ জনসংখ্যা আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’লেও, আপোনালোক ঈশ্বৰ যিহোৱাৰ প্রতি অবাধ্য হোৱাৰ কাৰণে তেতিয়া কেৱল কেইজনমানহে অৱশিষ্ট জীয়াই থাকিব।[63] আপোনালোকৰ মঙ্গল ও আপোনালোকক বৃদ্ধি কৰিবলৈ যেনেকৈ যিহোৱাই আনন্দ কৰিছিল, তেনেকৈ আপোনালোকক বিনষ্ট কৰি নাশ কৰিবলৈ যিহোৱাই আপোনালোকত আনন্দ কৰিব। যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশৰ পৰা আপোনালোকক উঘলা যাব।[64] তাৰ পাছত যিহোৱাই পৃথিবীৰ ইমুৰৰ পৰা সিমুৰলৈকে জাতিবোৰৰ মাজত আপোনালোকক সিচঁৰিত কৰিব; আপোনালোকে সেই ঠাইত আপোনালোকৰ বা আপোনালোকৰ পূর্ব-পুৰুষসকলৰ অজানা কাঠৰ আৰু শিলৰ আন দেৱ-মূর্তিৰ সেৱা-পূজা কৰিব।[65] সেই জাতিবোৰৰ মাজত আপোনালোকে একো সুখ নাপাব আৰু আপোনালোকৰ ভৰি-তলুৱাই জিৰণী নাপাব; কিন্তু যিহোৱাই সেই ঠাইত আপোনালোকৰ বুকু কঁপাব, চকু দুৰ্ব্বল কৰিব আৰু অন্তৰ নিৰাশাৰে ভৰাই দিব;[66] আপোনালোকৰ আগত আপোনালোকৰ জীৱন সন্দেহৰ সূতাত ছিগো-ছিগোহৈ ওলমি থাকিব আৰু দিনে-ৰাতিয়ে ভয় ভাৱেৰে থাকিব আৰু জীৱনৰ একো আশা নাথাকিব।[67] আপোনালোকে ৰাতিপুৱা ক’ব, ‘ইচ, কেতিয়া সন্ধিয়া হ’ব!’ আৰু সন্ধিয়া হ’লে ক’ব, ‘ইচ কেতিয়া ৰাতিপুৱা হ’ব!’ কাৰণ আপোনালোকৰ অন্তৰত ভয় থাকিব আৰু চকুৱে অনেক বিষয় দেখিব।[68] মিচৰ সম্বন্ধে মই আপোনালোকক কৈছিলোঁ ‘আপোনালোকে পুনৰ মিচৰৰ পথ নেদেখিব।’ কিন্তু যিহোৱাই আপোনালোকক সেই পথেদি মিচৰ দেশলৈ জাহাজেৰে পুনৰায় লৈ আনিব। সেই ঠাইত আপোনালোকে নিজক দাস আৰু দাসী হিচাবে শত্ৰুবোৰৰ ওচৰত বিক্রী কৰিবলৈ বিচাৰিব, কিন্তু কোনেও আপোনালোকক নিকিনিব।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions