A A A A A

परमेश्वर: [विषाणु / रोग]


ইসাইয়া 26:20
হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।

যেরেমিয়া 25:32-33
[32] বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, এক জাতিৰ পৰা আন জাতিলৈ অমঙ্গল ওলাব, আৰু পৃথিৱীৰ অন্ত ভাগৰ পৰা বৰ ধুমুহা আহিব।[33] সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।

২ বংশাবলি 7:13-14
[13] মই যদি আকাশ এনেকৈ বন্ধ কৰোঁ, যে, বৰষুণ নহ’ব বা দেশ গ্ৰাস কৰিবলৈ কাকতি ফৰিঙক আজ্ঞা কৰোঁ বা নিজ প্ৰজাসকলৰ মাজলৈ মহামাৰী পঠাওঁ,[14] তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।

প্ৰকাশিত বাক্য 6:3-8
[3] যেতিয়া সেই মেৰ-পোৱালিয়ে দ্বিতীয় ছাবটো মেলিলে, তেতিয়া মই দ্বিতীয় জীৱিত প্ৰাণীটোক কোৱা শুনিলোঁ, “আহা”![4] তেতিয়া আৰু এটা ঘোঁৰা ওলাল, সি জুইৰ দৰে ৰঙা আৰু মানুহবোৰে পৰস্পৰে যাতে বধ কৰিব সেই কাৰণে তাত উঠা জনক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ’ল; এই অশ্বাৰোহী জনক এখন বৃহৎ আকাৰৰ তৰোৱাল দিয়া হ’ল।[5] যেতিয়া তেওঁ তৃতীয় ছাবটো মেলিলে, তেতিয়া তৃতীয় প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ “আহা”! তেতিয়া মই এটা ক’লা ঘোঁৰা দেখিলোঁ; আৰু তাত উঠা জনৰ হাতত এখন পাল্লা আছিল।[6] পাছত সেই চাৰি জীৱিত প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে, এই কথা মই শুনিলো, বোলে, “এসেৰ ঘেঁহু ধানৰ মূল্য এক আধলি; তিনি সেৰ যৱ ধানৰ মূল্য এক আধলি; কিন্তু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা”।[7] যেতিয়া তেওঁ চতুৰ্থ ছাবটো মেলিলে, তেতিয়া চতুৰ্থ প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ, “আহা”![8] তেতিয়া মই এটা অনুজ্জ্ৱল বৰণৰ ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনৰ নাম মৃত্যু; আৰু পৰলোক তাৰ পাছে পাছে আহি আছিল। তেওঁলোকক দিয়া তৰোৱালেৰে আকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীৰ চাৰিভাগৰ এভাগৰ ওপৰত সেই উভয়ক ক্ষমতা দিয়া হ’ল।

১ সামুয়েল 5:6
অচ্‌দোদীয়া লোক সকলৰ ওপৰত যিহোৱাৰ হাত ভাৰযুক্ত আছিল, আৰু তেওঁ তেওঁলোকক ধংস কৰিলে, আৰু অচদোদৰ সীমালৈকে অনেক লোকক বিহ ফোঁহোৰাৰে আঘাত কৰিলে।

২ কৰিন্থীয়া 4:7
শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে;

যাত্রাপুস্তক 20:3
মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক।

যাকোব 4:10
প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব।

মথি 6:24
কোনেও দুজন গৰাকীৰ ওচৰত সেৱাকৰ্ম কৰিব নোৱাৰে; কিয়নো তেওঁ এজনক ঘিণ কৰি আন জনক প্ৰেম কৰিব; নাইবা এজনত আসক্ত হৈ, আন জনক হেয়জ্ঞান কৰিব৷ তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে কৰ্ম কৰিব নোৱাৰা।

ফিলিপীয়া 4:6
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।

সামসঙ্গীত 103:2-3
[2] হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।[3] যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে,

গণনা পুস্তক 11:31-33
[31] পাছত যিহোৱাৰ ওচৰৰ পৰা বায়ু ওলাই সমুদ্ৰৰ পৰা ইমান বটা চৰাই আনি ছাউনিৰ ওপৰত পেলালে, যে, ছাউনিৰ চাৰিওফালে ইকাষে-সিকাষে এদিনৰ বাটলৈকে, সেইবোৰ দুহাত ওখ হৈ মাটিৰ ওপৰত পৰিল।[32] তাতে তেওঁলোকে সেই ওৰে দিন ওৰে ৰাতি আৰু পিছদিনাও গোটেই দিন উঠি সেই বটা চৰাইবোৰ গোটালে। তেওঁলোকৰ মাজত যেয়ে সকলোতকৈ তাকৰকৈ গোটালে, তাৰো দহ হোমৰ আছিল। পাছত তেওঁলোকৰ ছাউনিৰ চাৰিওফালে নিজৰ বাবে, তাক শুকাবলৈ মেলি দিলে।[33] কিন্তু তেওঁলোকে দুই দাঁতৰ মাজত মঙহ কামোৰ মাৰি ধৰোঁতেই, চোবোৱাৰ আগেয়ে লোকসকললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল। তাতে যিহোৱাই লোকসকলক অতিশয় মহামাৰীৰ দ্বাৰাই আঘাত কৰিলে।

যাত্রাপুস্তক 9:8-11
[8] তাৰ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে মুঠি ভৰাই অগ্নিকুণ্ডৰ পৰা ছাঁই লোৱা, কিন্তু মোচি, তুমি ফৰৌণে চাই থকা সময়ত সেই ছাঁই ওপৰ ফাললৈ ছটিয়াই দিবা।[9] তাতে, সেই ছাঁই গোটেই মিচৰ দেশখনতে মিহি ধূলি হৈ পৰিব। এই ধূলিৰ কাৰণে গোটেই মিচৰ দেশৰ মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোহাঁ উঠিব।”[10] সেয়ে তেওঁলোকে অগ্নিকুণ্ডৰ পৰা ছাঁই লৈ, ফৰৌণৰ আগত থিয় হ’ল। মোচিয়ে সেই ছাঁই ওপৰলৈ ছটিয়াই পঠিয়ালে, আৰু সেই ছাঁইৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোঁহা উঠিল।[11] শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল।

যাকোব 1:2-6
[2] হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;[3] কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে।[4] এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷[5] কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞান ৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।[6] কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।

প্ৰকাশিত বাক্য 9:15-19
[15] তেতিয়া লোক সকলৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ, যি চাৰি দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল, তেওঁলোকক মেলি দিয়া হ’ল।[16] আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুই হাজাৰ লাখ আছিল৷ তেওঁলোকৰ সংখ্যা মই শুনিলোঁ;[17] আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকা সকল, যি সকলে চলাইছিল, এইৰূপে দৰ্শন পালোঁ: তেওঁলোকৰ বুকুবৰি অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়৷ আৰু ঘোঁৰাবোৰৰ মুৰ, সিংহৰ মুৰৰ নিচিনা; সেইবোৰৰ মুখৰ পৰা জুই, ধুঁৱা আৰু গন্ধক ওলায়।[18] সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধুঁৱা আৰু গন্ধক, এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ বধ কৰা হ’ল।[19] কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা, সিহঁতৰ মুখত আৰু নেজত আছে; কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মুৰ থকা; তাৰে সিহঁতে আঘাত কৰি যাতনা দিয়ে।

মাৰ্ক 13:32-37
[32] কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনো এজনে নাজানে, সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷[33] সেই বিষয়ে সাৱধান হোৱা! পৰ দি প্ৰাৰ্থনা কৰি থাকা; কিয়নো সেই সময় কেতিয়া আহিব, এই বিষয়ে তোমালোকে নাজানা।[34] সেইদিন এনেদৰে আহিব, যেনেকৈ কোনো লোক নিজৰ ঘৰ এৰি বিদেশলৈ যায় আৰু নিজৰ দাসবোৰক তেওঁ অধিকাৰ দি প্ৰতিজনৰ কাম ভাগ কৰি দিয়ে, আৰু ঘৰৰ দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিয়ে৷[35] এই হেতুকে তোমালোকেও পৰ দি থাকা; কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়া পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা৷[36] তেওঁ অকস্মাতে আহি তোমালোকক যেন টোপনিত থকা নেদেখে।[37] মই তোমালোকক কি কি কব লাগে, সেই সকলোবোৰকে কলোঁ, পৰ দি থাকা৷”

সামসঙ্গীত 91:2-14
[2] তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”[3] তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব।[4] তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।[5] তুমি ৰাতিৰ আতঙ্কলৈ; আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা।[6] অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা।[7] হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক, আৰু তোমাৰ সোঁফালে অযুত অযুত; কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব।[8] তুমি কেৱল নিজ চকুৰে দেখা পাবা; দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা।[9] ‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’ তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা।[10] সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব।[11] কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব।[12] তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায়[13] তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা।[14] কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।

লূক 21:5-38
[5] পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভূষিত’ বুলি কোৱাত, তেওঁ ক’লে,[6] “এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ’ব।”[7] তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, তেনেহলে এইবোৰ কেতিয়া হ’ব? আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?”[8] তাতে যীচুৱে ক’লে, “তোমালোক যেন ভ্ৰান্ত নোহোৱা, এই কাৰণে সাৱধান হোৱা। কিয়নো অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’ আৰু ‘কাল ওচৰ’, এই বুলি যেতিয়া ক’ব; তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা।[9] যেতিয়া তোমালোকে ৰণ আৰু হুৰামুৰাৰ বাৰ্তা শুনা, তেতিয়া ভয়াতুৰ নহ’বা; কিয়নো এই সকলোবোৰ ঘটিবই লাগিব; কিন্তু তেতিয়াই শেষ নহয়।”[10] তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক’লে, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব;[11] আৰু বৰ বৰ ভূমিকম্প হ’ব, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ’ব; আকাশৰ পৰা ভয়ঙ্কৰ লক্ষণ আৰু মহৎ চিন ওলাব।[12] কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব।[13] সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব।[14] এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা;[15] কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।[16] আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব।[17] তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা।[18] কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব।[19] তোমালোকে নিজ ধৈৰ্যৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।[20] যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা।[21] তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভূৱেঁ থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক।[22] এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব।[23] সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হ’ব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হ’ব।[24] তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।[25] তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷[26] পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।[27] তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব।[28] কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।”[29] পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “ডিমৰু আদি সকলো গছ চোৱা;[30] সেইবোৰ কুঁহিপাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা।[31] সেইদৰে, যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা।[32] মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব।[33] স্বৰ্গ আৰু পৃথিৱী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব।[34] কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।[35] কিয়নো সেইদিন পৃথিৱীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব।[36] কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”[37] সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল; আৰু ৰাতি বাহিৰলৈ গৈ, জৈতুন নামেৰে পৰ্বতত কটাইছিল।[38] সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।

মথি 24:1-35
[1] যীচু ধৰ্মধামৰ পৰা ওলাই যাওঁতে, তেওঁৰ শিষ্য সকলে তেওঁক মন্দিৰৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল।[2] কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে এই সকলোকে নেদেখিছা নে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত ৰখা নহ’ব।”[3] পাছত তেওঁ যেতিয়া জৈতুন পৰ্বতৰ ওপৰত বহিল, তেতিয়া শিষ্য সকলে গুপুতে তেওঁৰ ওচৰলৈ আহি সেই বিষয়ে সুধিলে, “এইবোৰ কেতিয়া হ’ব? আপোনাৰ আগমণ আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? সেই বিষয়েও আমাক কওক।”[4] তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা।[5] কিয়নো অনেকে মোৰ নামেৰে আহি, ‘মই খ্ৰীষ্ট’ বুলি অনেকক ভুলাব।[6] তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা৷ সাৱধান হোৱা, ব্যাকুল নহ’বা; কিয়নো এইদৰে ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নহব।[7] জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যৰ উঠিব, ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ’ব৷[8] এই সকলো মাথোন প্ৰসৱ যাতনাৰ আৰম্ভণিহে।[9] সেই কালত ক্লেশভোগ কৰিবলৈ মানুহবোৰে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব৷ মোৰ নামৰ কাৰণে তোমালোকে সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ’বা।[10] তেতিয়া অনেকে বিশ্বাসত বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘিণ কৰিব।[11] বহুতো মিছা-কোৱা ভাববাদী ওলাই অনেকক ভুলাব৷[12] কাৰণ অধৰ্ম অধিক হোৱাত, অনেকৰ প্ৰেম চেঁচা হৈ যাব।[13] কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।[14] সকলো জাতিৰ আগত সাক্ষ্য হবৰ বাবে স্বৰ্গৰাজ্যৰ এই শুভবাৰ্তা যেতিয়া গোটেই জগতত ঘোষণা কৰা হ’ব; তেতিয়াহে শেষ সময় উপস্থিত হ’ব।[15] এই হেতুকে যি অৱহেলিত ধ্বংসকাৰী ঘিণলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্ৱাৰাই কোৱা হৈছিল, তাক তেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা৷ এই বিষয়ে যি জনে পঢ়ে, তেওঁ বুজক৷[16] তেতিয়া যিহুদীয়াত থকা মানুহবোৰ পৰ্বতলৈ পলাই যাওঁক;[17] ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ নানামক;[18] পথাৰত থকা জনে, তেওঁৰ কাপোৰ খন লবলৈ উলটি নাযাওঁক।[19] কিন্তু সেই কালত গৰ্ভৱতী আৰু নিজৰ কেচুৱাক প্ৰতিপালন কৰি থকা তিৰোতা সকলৰ সন্তাপ হ’ব।[20] তোমালোকৰ পলোৱা সেইদিন যেন জাৰকালি বা বিশ্ৰামবাৰে নহয়, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰা।[21] কিয়নো সেই কালত মহাক্লেশ হ’ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহবও।[22] সেই দিনৰ সংখ্যা কম নকৰা হ’লে কোনো মানুহৰ ৰক্ষা নহলহেঁতেন; কিন্তু মনোনীত লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হ’ব।[23] তেতিয়া যদিও তোমালোকক কোনোৱে কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে’ বা ‘তাত আছে’! তথাপি বিশ্বাস নকৰিবা।[24] কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।[25] চোৱা, এই কথা মই আগেয়ে তোমালোকক কলোঁ।[26] এই হেতুকে কোনো মানুহে আহি যদি তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট মৰুপ্ৰান্তত আছে’; তেনেহলে ওলাই নাযাবা; নাইবা, ‘চোৱা, তেওঁ ভিতৰ-কোঠালীত আছে’ বুলিলেও বিশ্বাস নকৰিবা।[27] কিয়নো বিজুলীয়ে যেনেকৈ পূবৰ পৰা ওলাই পশ্চিমলৈ চমকনি মাৰে, তেনেকৈ মানুহৰ পুত্ৰৰো আগমণ হ’ব।[28] য’ত মৰা শ থাকে, সেই ঠাইত শগুনো গোট খায়।[29] কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব; আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।[30] যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব; তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব।[31] তেতিয়া তূৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।[32] ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা৷ যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।[33] সেইদৰে যেতিয়া এই সকলোকে দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।[34] মই তোমালোকক সঁচাকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ মানুহবোৰ লুপ্ত নহ’ব।[35] আকাশ আৰু পৃথিৱী লুপ্ত হ’ব, কিন্তু মোৰ বাক্য হলে কেতিয়াও লুপ্ত নহ’ব।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions