A A A A A

परमेश्वर: [समय]

২ কৰিন্থীয়া 6:2
কিয়নো তেওঁ কৈছে, “মই গ্ৰাহ্য-কালত তোমাৰ প্ৰাৰ্থনা শুনিলো; আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ।” চাওক, এতিয়া পৰমগ্ৰাহ্য কাল; এতিয়াই পৰিত্রাণৰ দিন৷

১ যোহন 2:17
জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।

উপদেশক 3:11
নিজ নিজ উপযুক্ত সময়ৰ বাবে ঈশ্বৰে সকলোবোৰ ঠিক কৰি ৰাখিছে। তেওঁ মানুহৰ হৃদয়বোৰত অনন্ত কাল ৰাখিছে। তথাপিও আদিৰ পৰা অন্তলৈকে ঈশ্বৰে যি যি কাম কৰিছে মানুহে তাক বুজিব পৰা নাই।

যেরেমিয়া 29:11
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।

যোহন 3:16
কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।

যোহন 9:4
আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।

প্রবচন 16:9
মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে।

প্রবচন 21:5
পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে।

প্রবচন 27:1
কাইলৈৰ বিষয়ে অহংকাৰ নকৰিবা; কাৰণ দিনটোত কি হ’ব, সেই বিষয়ে তুমি নাজানা।

সামসঙ্গীত 31:15
তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।

সামসঙ্গীত 90:12
সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা; যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।

ৰোমীয়া 13:11
এই কাৰণে আপোনালোকে এই কাল জানে যে, এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ’ল; কিয়নো প্ৰথমে যেতিয়া আমি বিশ্বাস কৰিলোঁ, তেতিয়াতকৈ এতিয়া পৰিত্রাণ আমাৰ ওচৰ হ’ল।

এস্থার 4:14
যদি তুমি এই সময়ত নিজম দি থকা, তেনেহলে যিহুদী লোকসকলক সহায় আৰু উদ্ধাৰ কৰিবলৈ আন কোনো ঠাইৰ পৰা কোনো এজন আহিব; কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশ বিনষ্ট হ’ব। কোনে জানে এই বিপদৰ সময়ৰ বাবেই হয়তু তুমি ৰাণী পদ পাইছা?”

মাৰ্ক 13:32-33
[32] কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনো এজনে নাজানে, সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷[33] সেই বিষয়ে সাৱধান হোৱা! পৰ দি প্ৰাৰ্থনা কৰি থাকা; কিয়নো সেই সময় কেতিয়া আহিব, এই বিষয়ে তোমালোকে নাজানা।

২ পিতৰ 3:8-9
[8] কিন্তু, প্ৰিয় সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা।[9] প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷

কলচীয়া 4:5-6
[5] বাহিৰা লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিব আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিব।[6] আপোনালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহযুক্ত হৈ থাকক আৰু আস্বাদযুক্ত লোণৰদৰে, কোন জনক কেনেকৈ উত্তৰ দিব লাগে, সেই বিষয়ে যেন আপোনালোকে জানি লওঁক৷

ইফিচীয়া 5:15-17
[15] এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক;[16] সুসময়ক কিনি লব; কিয়নো এই কাল মন্দ।[17] এই হেতুকে আপোনালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক।

১ থিচলনীকীয়া 5:1-3
[1] হে ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্রয়োজন নাই;[2] কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটোও তেনেকৈয়ে আহিব।[3] যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।

প্রবচন 6:6-8
[6] হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।[7] সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,[8] তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।

যাকোব 4:13-17
[13] শুনক, আপোনালোকে কয় যে, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম;[14] কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ৷[15] তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।”[16] কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ।[17] এতেকে যিজনে সৎ কৰ্ম কৰিবলৈ জানিও, উচিত ভাবে নকৰে, সেই জনে পাপ কৰে।

উপদেশক 3:1-8
[1] প্ৰত্যেক বিষয়ৰ কাৰণে এক এক সময় আছে; আকাশৰ তলত প্ৰত্যেকটো কার্যৰ একোটা নির্দিষ্ট সময় আছে।[2] জন্মৰ যেনেকৈ এক সময় আছে, মৃত্যুৰো তেনেকৈ সময় আছে; ৰোপণৰ সময় আছে আৰু উঘালি পেলাবৰো সময় আছে।[3] বধ কৰা আৰু সুস্থ কৰাৰ এক নির্দিষ্ট সময় আছে। ভাঙি পেলোৱাৰ যেনেকৈ সময় আছে, তেনেকৈ গঢ়িবৰো সময় আছে।[4] কান্দিবৰ সময় আৰু হাঁহিবৰ সময় আছে; শোক কৰাৰ সময় আৰু নাচিবৰ সময় আছে।[5] শিল দলিয়াবৰ আৰু শিল গোটাবৰো সময় আছে। আঁকোৱালি লোৱাৰ সময় আৰু আঁকোৱালি ধৰাৰ পৰা আতৰি থকাৰ সময় আছে।[6] বস্তু বিচাৰিবৰ সময় আছে, পুনৰ নিবিচৰাৰো এক সময় আছে। বস্তু ৰাখি থোৱা আৰু পেলাবৰো এক এক সময় আছে।[7] কাপোৰ ফালিবৰ সময় আৰু চিলাই কৰাৰ সময় আছে; মনে মনে থকাৰ সময় আৰু কথা মৈদাম সময় আছে।[8] ভালপোৱাৰ সময় আৰু ঘৃণা কৰাৰ সময় আছে; যুদ্ধ কৰাৰ এক সময় আছে আৰু শান্তি ৰক্ষা কৰাৰো সঠিক সময় আছে।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions