মথি 11:27-30 |
[27] কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।[28] হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম।[29] মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।[30] কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।” |
|
যোহন 6:63-65 |
[63] আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।[64] কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব।[65] তেওঁ পুনৰ ক’লে, “এই কাৰণে মই তোমালোকক কৈছিলোঁ যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।” |
|
মথি 11:28 |
হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম। |
|
ইসাইয়া 1:18 |
যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব। |
|
ইসাইয়া 55:1-3 |
[1] “হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।[2] যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।[3] মনোযোগ দিয়া আৰু মোৰ ওচৰলৈ আহাঁ! শুনা, তাৰ দ্বাৰাই তোমালোকৰ প্ৰাণ যেন সজীব হয়! মই নিশ্চয় তোমালোকৰ সৈতে অনন্তকলীয়া চুক্তি, দায়ূদক দিয়া বিশ্ৱাসযোগ্য নিয়মৰ চুক্তি স্থাপন কৰিম। |
|
মথি 15:7-9 |
[7] আপোনালোক কপটীয়া! যিচয়া ভাৱবাদীয়ে আপোনালোকৰ বিষয়ে ঠিকেই ভাববাণী কৰিলে,[8] “এই মানুহবোৰে ওঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে;[9] তেওঁলোকে অনর্থকৰূপে মোৰ আৰাধনা কৰে। কাৰণ তেওঁলোকে মানুহৰ ৰীতি নীতিবোৰ, আজ্ঞাৰ দৰে শিকায়।” |
|
মাৰ্ক 10:13-16 |
[13] পাছত লোক সকলে শিশুবোৰক স্পর্শ কৰাৰ আশাৰে তেওঁৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁৰ শিষ্য সকলে তেওঁলোকক ডবিয়ালে।[14] তেতিয়া যীচুৱে দেখা পাই তেওঁলোকৰ ওপৰত কুপিত হৈ ক’লে, “শিশু সকলক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে।[15] মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ কোনোমতে তাত প্রৱেশ কৰিব নোৱাৰিব।”[16] পাছত তেওঁ সিহঁতক কোলাত ল’লে আৰু সিহঁতৰ গাত হাত দি আশীৰ্বাদ কৰিলে। |
|
যাকোব 4:6-8 |
[6] কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”[7] এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।[8] ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক। |
|
২ কৰিন্থীয়া 5:17 |
এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল। |
|
যোহন 5:24 |
মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল। |
|
ৰোমীয়া 12:1-2 |
[1] এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।[2] আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷ |
|
ইব্ৰী 12:1 |
এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক, |
|
লেবীয় পুস্তক 25:44 |
তোমাৰ বন্দী আৰু বেটী, তুমি তোমালোকৰ চাৰিওফালে থকা জাতি সমূহৰ মাজৰ পৰা তেওঁলোকক কিনিব পাৰিবা। |
|
সামসঙ্গীত 32:8-10 |
[8] মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।[9] তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা, সিহঁতৰ বুজন শক্তি নাই; মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়, নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব।[10] দুষ্টলোকৰ যাতনা অধিক; কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে। |
|
ইসাইয়া 29:13 |
যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা। |
|
যোহন 5:40 |
তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ, মোৰ ওচৰলৈ আহিব নিবিচাৰে। |
|
যোহন 6:44-45 |
[44] যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।[45] ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, ‘তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।’ যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে। |
|
যোহন 7:37-39 |
[37] পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।[38] যি কোনোৱে মোত বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰত কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।”[39] যীচুক বিশ্বাস কৰা সকলে যে আত্মা পাব, সেই বিষয়ে তেওঁ এই কথা ক’লে। কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীচু মহিমান্বিত হোৱা নাছিল। |
|
ইব্ৰী 4:14-16 |
[14] স্বৰ্গবোৰৰ মাজেদি যোৱা আমাৰ এজন মহান মহা-পুৰোহিত আছে। তেওঁ ঈশ্বৰৰ পুত্র যীচু খ্রীষ্ট। গতিকে আহক, আমি আমাৰ বিশ্বাস দৃঢ়কৈ ধৰি ৰাখোহঁক।[15] কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।[16] এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ। |
|
প্ৰকাশিত বাক্য 22:16-17 |
[16] মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা।”[17] আত্মা আৰু কন্যাই কয় “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক। |
|
যোহন 6:37 |
পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম। |
|
প্ৰকাশিত বাক্য 22:17 |
আত্মা আৰু কন্যাই কয় “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক। |
|
ইসাইয়া 13:6-8 |
[6] যিহোৱাৰ সোধবিচাৰৰ দিন অতি ওচৰ; সৰ্ব্বশক্তিমান জনাৰ পৰা সৰ্ব্বনাশ আহিছে।[7] সেই কাৰণে সকলো হাত দুৰ্ব্বল হ’ব, আৰু প্ৰত্যেক হৃদয় দ্ৰৱ হ’ব;[8] প্রসৱ কৰা মহিলাৰ দৰে তেওঁলোকে ভয় খাব, যন্ত্ৰণা পাব আৰু বেদনাই তেওঁলোকক গ্রাস কৰিব। তেওঁলোক ইজনে সিজনক দেখি আচৰিত হ’ব, তেওঁলোকৰ মুখ উজ্বলি উঠিব। |
|
প্ৰকাশিত বাক্য 12:9 |
সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল। |
|
ফিলিপীয়া 1:6 |
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷ |
|
প্ৰকাশিত বাক্য 21:4 |
তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল। |
|
ইব্ৰী 10:19-22 |
[19] এতেকে, হে ভাই সকল, সেই মহা-পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে৷ যীচুৰ তেজৰ গুণত আমি নিৰ্ভিকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ৷[20] তেওঁ আমাৰ কাৰণে সেই আঁৰ-কাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথে মুকলি কৰি দিলে, সেই পথ নতুন আৰু জীৱনময়৷[21] আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত,[22] সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূর্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক, |
|
যোয়েল 2:32 |
যিকোনোৱে যিহোৱাৰ নাম ল’ব, তেওঁ উদ্ধাৰ পাব। কিয়নো যিহোৱাই এইদৰে কৈছে, ‘পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা যিহোৱাই যিসকলক আহ্বান কৰিলে। |
|
সামসঙ্গীত 104:9 |
এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে। |
|
আদিপুস্তক 6:12 |
ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে। |
|
আদিপুস্তক 8:9 |
কিন্তু তেতিয়াও গোটেই পৃথিৱীত পানী আছিল আৰু সেয়ে কপৌজনীয়ে নিজৰ ভৰি থ’বলৈ ঠাই বিচাৰি নাপাই জাহাজলৈ নোহৰ ওচৰলৈ উভটি আহিল। তেতিয়া নোহে হাত মেলি তাক ধৰি জাহাজত নিজৰ ওচৰলৈ সুমুৱাই আনিলে। |
|
আদিপুস্তক 9:11 |
মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।” |
|
আদিপুস্তক 7:20 |
পাহাৰ-পর্ব্বতবোৰ ডুব গৈ পোন্ধৰ হাত ওপৰলৈকে পানী উঠিল। |
|
আদিপুস্তক 8:5 |
তাৰ পাছতো পানী ক্রমে কমি কমি গৈ থাকিল আৰু দশম মাহৰ প্ৰথম দিনা পৰ্ব্বতশ্রেণীৰ টিংবোৰ দেখা গ’ল। |
|
প্রবচন 31:30 |
সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন, কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়। |
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |