A A A A A

चर्च: [ईश्वर की स्तुति करना]

ইব্ৰী 13:15
এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।

দানিয়েল 2:20
ঈশ্বৰৰ নাম যুগে যুগে চিৰকাললৈকে ধন্য হওক; কিয়নো জ্ঞান আৰু পৰাক্ৰম তেওঁৰেই।

সামসঙ্গীত 22:3
কিন্তু তুমি হলে পবিত্ৰ, ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা।

সামসঙ্গীত 34:1
মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা মোৰ মুখত থাকিব।

২ সামুয়েল 22:50
এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম।

সামসঙ্গীত 100:4
তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।

ইফিচীয়া 1:6
ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়।

ইফিচীয়া 5:19
ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক।

সামসঙ্গীত 150:6
শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions