A A A A A

बुरा चरित्र: [मूढ़]

মথি 5:22
কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰ ওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব।

প্রবচন 1:7
যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।

প্রবচন 3:35
জ্ঞানীসকল সন্মানৰ অধিকাৰী হয়; কিন্তু অজ্ঞানী সকল তেওঁলোকৰ লাজতেই উর্ধ্বমুখী হ’ব।

প্রবচন 10:8
যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।

প্রবচন 10:23
দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।

প্রবচন 12:16
অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই; কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়।

প্রবচন 13:20
জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব।

প্রবচন 17:28
এনেকি অজ্ঞানী লোকে নিমাতে থাকিলে জ্ঞানী বুলি ভবা যায়; তেওঁ যেতিয়া মুখ বন্ধ কৰি ৰাখে, তেতিয়া তেওঁ বুধিয়ক বুলি গণিত হয়।

প্রবচন 18:2-7
[2] অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়, কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে।[3] যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে; আৰু অপমানৰ লগত নিন্দাও আহে।[4] মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে; প্রজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা।[5] দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়, আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়।[6] অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে, আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই।[7] অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে, আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই।

প্রবচন 20:3
বিবাদৰ পৰা দূৰত থকাই মানুহৰ সন্মান; কিন্তু প্ৰত্যেক অজ্ঞানী লোকে বিতৰ্কত সোমায়।

প্রবচন 23:9
অজ্ঞানী লোকে শুনি থকাকৈ কথা নকবা; কিয়নো তেওঁ তোমাৰ প্রজ্ঞাৰ কথা তুচ্ছ কৰিব।

প্রবচন 26:19
নিজৰ চুবুৰীয়াক প্ৰতাৰণা কৰা জনো তেনে, আৰু তেওঁ কয়, “মই জানো ধেমালি কৰা নাই?”

প্রবচন 28:26
যিজনে নিজৰ হৃদয়ত ভাৰসা কৰে, তেওঁ অজ্ঞানী হ’য়; কিন্তু যি মানুহে প্ৰজ্ঞাৰ পথত চলে, তেওঁ বিপদৰ পৰা ৰক্ষা পায়।

প্রবচন 29:9
যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়, তেতিয়া তেওঁ ক্রোধিত হৈ হাঁহে, আৰু কোনো শান্তি লাভ নকৰে।

প্রবচন 29:11
অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে; কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে।

সামসঙ্গীত 14:1
এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;

প্রবচন 14:16
জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে; কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে।

প্রবচন 15:18
ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে; কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে।

প্রবচন 15:20-21
[20] জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে।[21] জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে; কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে।

প্রবচন 14:7-9
[7] অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা; কাৰণ তেওঁৰ মুখত জ্ঞানৰ কথা বিচাৰি নাপাবা।[8] নিজৰ পথ বুজি পোৱাই দূৰদৰ্শীসকলৰ প্রজ্ঞা; কিন্তু অজ্ঞানীলোকৰ অজ্ঞানতাই প্ৰবঞ্চনা মাথোন।[9] দোষাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানীলোকে নিন্দা কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ মাজত অনুগ্ৰহ থাকে।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions