A A A A A

बुरा चरित्र: [संघर्ष]

ইব্ৰী 10:32
সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক, আপোনালোকে পোহৰ পোৱাৰ পাছত, যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল৷

প্রবচন 15:18
ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে; কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে।

প্রবচন 16:28
উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে; পৰচৰ্চ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।

প্রবচন 28:25
লুভীয়া স্বভাৱৰ লোকে বিবাদ উৎপন্ন কৰে; কিন্তু যিহোৱাত ভাৰসা কৰা লোকৰ উন্নতি হয়।

মথি 18:15
কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।

১ তীমথিয় 3:15
কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷

যোহন 8:32
আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”

মথি 5:23-24
[23] এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে,[24] তেনেহলে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভায়েৰাৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুণৰ আহি নৈবেদ্য উৎসৰ্গ কৰা।

যোহন 6:54
যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।

মাৰ্ক 6:3
ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচিৰ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।

ইফিচীয়া 5:25
হে পুৰুষ সকল, খ্ৰীষ্টে ষেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক;

ইব্ৰী 12:14
সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;

মথি 18:15-17
[15] কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।[16] কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।[17] যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।

যাকোব 5:16
এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।

গালাতীয়া 1:19
তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ।

মালাখি 1:11
কিয়নো সূৰ্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,

ফিলিপীয়া 1:30
যিহেতু আপোনালোকে আগেয়ে মোক যি ৰূপত যুদ্ধ কৰা দেখিলে, আৰু এতিয়াও কৰি থকা শুনিছে, সেইদৰে আপোনালোকেও যুদ্ধ কৰক৷

কলচীয়া 2:1
আপোনালোকক সহায় কৰাৰ কাৰণে মই কিমান কঠোৰ প্ৰতিকুল অৱস্থাৰ মূখা-মূখি হৈছোঁ, সেই বিষয়ে আপোনালোকে জনাটো মই বিচাৰো৷ যি সকল লায়দিকেয়াত আছে আৰু যিমান মানুহে মোৰ মাংসময় মুখ দেখা নাই, সেই সকলৰ বাবেও মোৰ যুজ হৈ আছে৷

ৰোমীয়া 12:18
যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক।

যোহন 14:6
যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।

প্রবচন 15:1
মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কঠোৰ কথাই খং তোলে।

ইফিচীয়া 4:26
ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক;

যাকোব 1:19
হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,

মথি 5:9
মিলনকাৰী সকল ধন্য; কিয়নো তেওঁলোক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।

যোহন 3:3-5
[3] উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”[4] নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?”[5] যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”

যাকোব 1:19-20
[19] হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,[20] কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।

গালাতীয়া 4:19
হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ৷

মথি 16:18
ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব।

মথি 18:15-18
[15] কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।[16] কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।[17] যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।[18] মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বন্ধ কৰা হ’ব আৰু পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্ৱৰ্গতো মুকলি কৰা হব।

ইফিচীয়া 1:22-23
[22] ঈশ্বৰে সকলোকে খ্রীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকেই সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে;[23] সেই মণ্ডলী তেওঁৰ শৰীৰ; তেওঁৰ পৰিপূর্ণতাই সকলো বিষয় সকলো প্রকাৰে পূর্ণ কৰে।

ইফিচীয়া 5:23-24
[23] কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰ স্বৰূপ হৈছে।[24] মণ্ডলী যেনেকৈ খ্ৰীষ্টৰ বশীভূত, তেনেকৈ সকলো বিষয়ত ভাৰ্যা সকলো নিজ নিজ স্বামীৰ বশীভূত হওক।

পাঁচনি 4:32
বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।

১ কৰিন্থীয়া 1:10
কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।

যোহন 12:48
যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।

মথি 7:12
এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।

যোহন 14:28
মই তোমালোকক যি দৰে ক’লো, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম৷ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ’লে মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান।

১ থিচলনীকীয়া 2:2
আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।

১ কৰিন্থীয়া 13:4
প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,

ৰোমীয়া 1:20
কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে;

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions