সামসঙ্গীত 144:14 |
আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে; দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়; আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়। |
|
নেহেমিয়া 8:1 |
জল-দুৱাৰৰ আগত থকা মুকলি ঠাইত এটা উদ্দেশ্যৰ কাৰণে সকলো লোকে নিজকে একগোট কৰিলে। ইস্ৰায়েলৰ বাবে যিহোৱাই আদেশ কৰা মোচিৰ ব্যৱস্থা পুস্তক আনিবলৈ তেওঁলোকে ইজ্ৰা অধ্যাপকক ক’লে। |
|
ইসাইয়া 24:11 |
দ্ৰাক্ষাৰসৰ কাৰণে লোকসকলে বাটত কান্দিছে; সকলো আনন্দ মাৰ গ’ল, দেশত আনন্দ ধ্বনি নাইকিয়া হ’ল। |
|
যেরেমিয়া 14:2 |
“যিহূদাক শোক কৰিবলৈ দিয়া; আৰু তাৰ বৰদুৱাৰ কেইখনে বিলাপ কৰ’ক। তেওঁলোকে ক’লা কাপোৰ পিন্ধি মাটিত বহিছে; আৰু যিৰূচালেমৰ চিঞঁৰ ওপৰলৈ উঠিছে। |
|
প্রবচন 23:29 |
কাৰ দুৰ্দশা আছে? কাৰ দুখ আছে? কোনে কাজিয়া কৰে? কোনে অভিযোগ কৰে? কোনে অকাৰণে মাৰ খায়? কাৰ চকু ৰঙা হয়? |
|
ফিলিপীয়া 4:6-7 |
[6] আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।[7] তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব। |
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |