A A A A A

बुरा चरित्र: [अप्रसन्नता]


পাঁচনি 8:23
কিয়নো মই দেখিছোঁ, তোমাৰ মন তিতা পিত্তৰ নিচিনা আৰু তুমি পাপৰ বন্ধনত আছা।”

কলচীয়া 3:8-13
[8] কিন্তু এতিয়া ক্ৰোধ, খং, কু-অভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন, এইবোৰ দূৰ কৰক৷[9] ইজনে সিজনক মিছা কথা নক’ব; কিয়নো আপোনালোকে তাৰ কর্মৰ সৈতে সেই আগৰ পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালে;[10] আৰু যি নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্তিৰ দৰে, তত্ব জ্ঞানৰ কাৰণে নতুন কৰোঁৱা হৈ আছে, সেই নতুন পুৰুষক বস্ত্ৰ স্ৱৰূপে পিন্ধিলে৷[11] এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷[12] এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;[13] আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷

উপদেশক 7:9
তোমাৰ আত্মাক হঠাৎ খং উঠিবলৈ নিদিবা; কিয়নো খং অজ্ঞানীবোৰৰ হৃদয়ত বাস কৰে।

ইফিচীয়া 4:26
ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক;

এজেকিয়েল 3:14
এইদৰে আত্মা ই মোক দাঙি লৈ গ’ল; আৰু মোৰ আত্মাৰ আবেগত মই বেজাৰত আছিলোঁ, কিয়নো যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল।

ইসাইয়া 38:17
মই তেনে কষ্ট অনুভৱ কৰাটো মোৰ বাবে লাভজনক আপুনি মোক ধ্বংসৰ গাতৰ পৰা ৰক্ষা কৰিলে; কিয়নো আপুনি মোৰ সকলো পাপ আপোনাৰ পাছফালে দলিয়াই পেলালে।

যোব 7:11
এই হেতুকে মই মুখ জপাই নাথাকিম; মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;

যোব 10:1
মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে; মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম; মই হৃদয়ৰ বেজাৰত কথা কম।

যোব 21:25
আন কোনোৱে মনত তিতা লাগি মৰে; সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।

মাৰ্ক 11:25
আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমা কৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কবলগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।

প্রবচন 10:12
ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে।

প্রবচন 14:10
হৃদয়ে নিজৰ বেদনা নিজে বুজি পায়; কিন্তু অচিনাকী লোকে সেই আনন্দত ভাগ ল’ব নোৱাৰে।

প্রবচন 15:1
মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কঠোৰ কথাই খং তোলে।

প্রবচন 17:25
অজ্ঞানী পুত্ৰই তেওঁৰ পিতৃক বেজাৰ দিয়ে, আৰু তেওঁক জন্ম দিয়া মহিলাৰ কাৰণে তেওঁ দুখ দায়ক।

ৰোমীয়া 3:14
সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ ৷

মথি 6:14-15
[14] কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;[15] কিন্তু তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।

যাকোব 1:19-20
[19] হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,[20] কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।

ইব্ৰী 12:14-15
[14] সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;[15] পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;

ইফিচীয়া 4:31-32
[31] সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক।[32] পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions