A A A A A

बुरा चरित्र: [घमंड]

উপদেশক 2:1-21
[1] মই মোৰ হৃদয়ক ক’লোঁ, “আহাঁ, মই আমোদ-প্রমোদেৰে তোমাক পৰীক্ষা কৰি চাম; সেয়ে, এতিয়া সুখ উপভোগ কৰা।” কিন্তু দেখিলোঁ, ইও কেৱল এক অস্থায়ী বতাহৰ দৰে অসাৰ আছিল।[2] মই হাঁহিৰ বিষয়ে ক’লো, “ই বলিয়ালি,” আনন্দৰ বিষয়ত “ই কি কৰিব পাৰে?[3] আকাশৰ তলত, মানুহৰ কিছুদিনৰ জীৱনকালত তেওঁলোকৰ কাৰণে কি ভাল, তাক মই দেখা নোপোৱালৈকে কেনেকৈ দ্রাক্ষাৰসেৰে মোৰ শৰীৰক আনন্দিত কৰিম; কেনেকৈ মোৰ মনক অবিৰামে পৰিচালিত কৰা প্রজ্ঞাৰে সৈতে অজ্ঞানতাক ধৰি ৰাখি উল্লাসিত হ’ম, মই মনতে অন্বেষণ কৰি চালোঁ।[4] মই কিছুমান মহৎ কাৰ্য কৰিলোঁ; মই নিজৰ কাৰণে অনেক ঘৰ সাজিলোঁ আৰু দ্ৰাক্ষাবাৰী পাতিলো;[5] মই ঠায়ে ঠায়ে অনেক বাগিছা আৰু উদ্যান তৈয়াৰ কৰি তাত সকলো ধৰণৰ ফল ধৰা গছ ৰুলোঁ;[6] গছ উৎপন্ন হোৱা বাৰীত পানী দিবলৈ মই ঠায়ে ঠায়ে পুখুৰী খান্দিলোঁ;[7] মই অনেক দাস আৰু দাসীক কিনি ল’লো; মোৰ ৰাজপ্রাসাদতো অনেক দাস-দাসীৰ জন্ম হৈছিল; মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, তেওঁলোক সকলোতকৈ মোৰ অনেক বেছি গৰু-ছাগলী আৰু মেৰ-ছাগ আদি পশুধনৰ জাক আছিল;[8] মই অনেক ৰূপ আৰু সোণ, অন্যান্য ৰজাসকলৰ আৰু বিভিন্ন প্ৰদেশৰ ধন-সম্পদ আনি নিজৰ কাৰণে জমা কৰিলোঁ; মোৰ কাৰণে অনেক গায়ক-গায়িকা আৰু মাংসক সন্তোষ দিওঁতা অনেক উপপত্নী আছিল।[9] মোৰ আগেয়ে যিৰূচালেমত যিসকল আছিল, তেওঁলোকতকৈ মই অনেক বেচি মহান আৰু ঐশ্বর্যশালী হ’লো। তেতিয়াও প্রজ্ঞা মোৰ লগত আছিল।[10] মোৰ চকুত যি ভাল লাগে, মই সেইবোৰৰ পৰা আতৰাই নাৰাখিলোঁ; মই মোৰ মনক কোনো আমোদ-প্রমোদৰ পৰা আটক নকৰিলোঁ, কিয়নো মোৰ সকলো কার্যত মোৰ মনে আনন্দ কৰে; আৰু আনন্দই মোৰ সকলো পৰিশ্ৰমৰ পুৰস্কাৰ আছিল।[11] তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে, আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ, তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়; সূৰ্যৰ তলত একোতেই লাভ নাই।[12] পাছত মই প্রজ্ঞা, বলিয়ালি আৰু অজ্ঞানতাৰ কথা চিন্তা কৰিলোঁ; ৰজাৰ পাছত যিজন পৰৱর্তী ৰজা আহিব, তেওঁ কি কৰিব পাৰে? কেৱল ইতিমধ্যে যি যি কৰা হৈছে, তাকেই কৰিব।[13] মই দেখিলোঁ, অন্ধকাৰতকৈ পোহৰ যেনেকৈ উত্তম, তেনেকৈ অজ্ঞানতকৈ প্রজ্ঞা উত্তম।[14] জ্ঞানী মানুহৰ মূৰত চকু থাকে; কিন্তু অজ্ঞান লোকে হ’লে অন্ধকাৰত ভ্ৰমণ কৰে; তথাপি মই এটাই বুজিলো যে, সকলোৰে শেষ দশা একে হয়।[15] তেতিয়া মই মনতে ক’লোঁ, অজ্ঞানলৈ যেনে দশা হয়, মোলৈকোতো তেনে দশাই হ’ব; তেনেহ’লে অধিক জ্ঞানী হৈ মোৰ কি লাভ হ’ল? মই মনতে ক’লোঁ, “ইও অসাৰ।”[16] মানুহে অজ্ঞানীক যেনেদৰে মনত নাৰাখে, তেনেদৰে জ্ঞানীকো বেছি দিন মনত নাৰাখে; ভবিষ্যতে তেওঁলোক দুয়োকে মানুহে পাহৰি যাব। অজ্ঞানীজন মৰাৰ দৰে জ্ঞানীও মৰে।[17] এই হেতুকে জীৱনলৈ মোৰ ঘৃণা উপজিল। কাৰণ সূৰ্যৰ তলত যি কৰা হয়, সেই সকলো কাৰ্য মোৰ পক্ষে দুখজনক; কিয়নো সকলোৱেই অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।[18] সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো পৰিশ্ৰমত মোৰ এতিয়া ঘিণ লাগিছে; কিয়নো মোৰ পাছত যিজন আহিব, তেওঁৰ বাবেইতো তাৰ ফল থৈ যাব লাগিব।[19] সেই লোক জ্ঞানী নে অজ্ঞানী হ’ব, তাক কোনে জানে? তথাপি তেৱেঁই মোৰ সকলো কার্যৰ ফল ভোগ কৰিব, কিয়নো তেওঁৰ বাবেই মই সূৰ্যৰ তলত পৰিশ্ৰম কৰিছোঁ আৰু জ্ঞানৰ পৰিচয় দিলোঁ। ইও অসাৰ।[20] এই হেতুকে সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, তাৰ বাবে মোৰ মন নিৰাশ হবলৈ ধৰিলে।[21] কিয়নো কোনো মানুহে প্ৰজ্ঞা, জ্ঞান, আৰু দক্ষতাৰে পৰিশ্ৰম কৰিব পাৰে; কিন্তু পাছত তেওঁৰ সকলোখিনি এনে এজনৰ কাৰণে ৰাখি যাব লগা হয়, যি মানুহে তাৰ বাবে কোনো পৰিশ্ৰমেই কৰা নাই। ইও অসাৰ আৰু এক অতি দুখৰ কথা।

উপদেশক 4:4
তাৰ পাছত মই দেখিলোঁ, সকলো পৰিশ্রমৰ কার্য আৰু সকলো দক্ষ কার্যক্ষম এজন লোকৰ প্রতি আন জনৰ হিংসাভাৱ থকাৰ পৰাই হয়। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়।

উপদেশক 5:10
যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়; যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়। ইও অসাৰ।

উপদেশক 6:2
ঈশ্বৰে কোনো কোনোক ইমান ধন-সম্পত্তি আৰু সন্মান দান কৰে যে, তেওঁৰ অভিলাষৰ একো বস্তুৰে অভাৱ নাথাকে; তথাপিও ঈশ্বৰে তেওঁক ভোগ কৰিবৰ ক্ষমতা নিদিয়ে; আন লোকে তেওঁৰ বস্তুবোৰ ভোগ কৰে। ইও অসাৰ আৰু ভীষণ দুঃখজনক।

যেরেমিয়া 2:5
যিহোৱাই কি কৈছে, সেই বাক্য শুনা: “যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলে কি অন্যায় পালে, যে, তেওঁলোক মোৰ পৰা আঁতৰ হৈ গৈ, অসাৰৰ পাছত চলি অসাৰ হল?

যেরেমিয়া 4:30
এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।

প্রবচন 31:30
সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন, কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়।

সামসঙ্গীত 39:5-6
[5] চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)[6] বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে; তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে; তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।

সামসঙ্গীত 119:37
অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।

ৰোমীয়া 12:2
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷

১ সামুয়েল 16:7
কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”

১ তীমথিয় 4:8
কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।

উপদেশক 1:1-2
[1] দায়ুদৰ পুত্ৰ, যিৰূচালেমত থাকি ৰাজত্ব কৰা উপদেশকৰ কথা।[2] উপদেশকে কৈছে, “অসাৰৰ অসাৰ! সকলোৱেই অসাৰ।

গালাতীয়া 5:16-26
[16] কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব।[17] কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।[18] কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চালিত হয়, তেনেহলে আপোনালোক বিধানৰ অধীন নহয়।[19] এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ,[20] মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা,[21] হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।[22] কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,[23] মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।[24] আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে৷[25] আমি যদি আত্মাৰে জীয়াই থাকো, তেনেহলে আত্মাৰে চলোহঁক।[26] সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি, অনৰ্থক অহংকাৰ নকৰোঁহক।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions