Instagram
English
A A A A A

बुरा चरित्र: [गौरव]


গালাতীয়া 6:4
প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।

ইসাইয়া 2:12
কিয়নো গৰ্ব্বী, অহংকাৰী, আৰু উন্নত হোৱা সকলোৰে বিৰুদ্ধে বাহিনীসকলৰ যিহোৱা এদিন আহিব, আৰু সকলোকে নত কৰিব;

ইসাইয়া 23:9
বাহিনীসকলৰ যিহোৱাই তেওঁৰ অহংকাৰ অমৰ্যাদা কৰিবলৈ, আৰু তেওঁৰ সকলো গৌৰৱ, আৰু পৃথিৱীৰ মান্যৱন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে।

যাকোব 4:6
কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”

যাকোব 4:10
প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব।

যেরেমিয়া 9:23
যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।

মথি 2:3
এই কথা শুনাত হেৰোদ ৰজাৰ লগতে গোটেই যিৰূচালেমত উগুল-থুগুল লাগিল।

প্রবচন 8:13
যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।

প্রবচন 11:2
যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে।

প্রবচন 13:10
অহঙ্কাৰে কেৱল বিবাদ জন্মায়; কিন্তু যিসকলে সুপৰামৰ্শ শুনে, তেওঁলোকৰ লগত প্রজ্ঞা থাকে।

প্রবচন 16:5
অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব।

প্রবচন 16:18-19
[18] বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।[19] অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল।

প্রবচন 18:12
পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।

প্রবচন 21:4
অহংকাৰী দৃষ্টি আৰু দাম্ভিক হৃদয়; দুষ্ট লোকৰ প্রদীপ পাপেৰে পৰিপূৰ্ণ।

প্রবচন 21:24
গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়; তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে।

প্রবচন 25:27
অধিককৈ মৌ খোৱা ভাল নহয়, সেয়া সন্মানৰ ওপৰি সন্মান বিচৰা দৰে হয়।

প্রবচন 26:12
নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে? তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে।

প্রবচন 27:2
আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক।

প্রবচন 29:23
মানুহৰ অহঙ্কাৰে তেওঁক নত কৰায়; কিন্তু যিজনৰ নম্ৰ গুণ থাকে, তেওঁক সন্মান দিয়া হ’ব।

সামসঙ্গীত 10:4
দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”

সামসঙ্গীত 138:6
কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।

ৰোমীয়া 12:3
কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।

ৰোমীয়া 12:16
আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক ৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।

১ কৰিন্থীয়া 13:4
প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,

দানিয়েল 5:20
যেতিয়া তেওঁৰ হৃদয় অহংকাৰী আৰু তেওঁৰ মন কঠিন হৈছিল, আৰু তেওঁ গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া তেওঁক ৰাজ সিংহাসনৰ পৰা নমোৱা হৈছিল, আৰু তেওঁলোকে তেওঁৰ পৰা তেওঁৰ ঐশ্বৰ্য কাঢ়ি লৈছিল।

গালাতীয়া 6:1-3
[1] হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷[2] আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।[3] কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions