A A A A A

बुरा चरित्र: [अनुमान]


১ কৰিন্থীয়া 4:5
এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।

১ কৰিন্থীয়া 11:31
কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন।

২ কৰিন্থীয়া 5:10
কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব।

২ পিতৰ 2:4
স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে।

পাঁচনি 17:31
কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই পৃথিৱীক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।

উপদেশক 12:14
ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ৰে সৈতে সকলো কৰ্মকে বিচাৰ স্থানলৈ আনিব।

ইব্ৰী 9:27
আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,

যোহন 12:48
যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।

মথি 12:36
কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।

মথি 24:36
কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবোৰ বা পুত্ৰ বা আন কোনেও সেইদিন আৰু সময় নাজানে।

সামসঙ্গীত 50:4
তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।

সামসঙ্গীত 96:13
যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।

প্ৰকাশিত বাক্য 21:4
তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।

ৰোমীয়া 2:16
আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, সেইদিনা এনে ঘটিব৷

এজেকিয়েল 7:7-8
[7] তোমালোকৰ যি সকলে দেশত নিবাস কৰি আছে, তোমাৰ বিনাশ তোমালৈ আহি আছে। সেই সময় উপস্থিত হ’ল; বিনাশৰ দিন ওচৰ চাপি আহিছে আৰু পৰ্ব্বতবোৰৰ ওপৰত কেতিয়াও আনন্দ-ধ্বনিৰ দিন নহ’ব, কোলাহলৰহে দিন হ’ব![8] এতিয়া মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু তোমাৰ অহিতে মোৰ কোপ তোমাৰ ওপৰত সম্পূৰ্ণ কৰিম, মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম আৰু তোমাৰ সকলো ঘিণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম।

প্ৰকাশিত বাক্য 20:11-15
[11] তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।[12] সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত আৰু এখন পুস্তক মেলা হ’ল- জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।[13] তেতিয়া সাগৰে নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; তাতে সেই মৃত লোক সকলক নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।[14] পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু;[15] আৰু জীৱন পুস্তকত যি কোনো জনৰ নাম পোৱা নগ’ল, তেওঁলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions