A A A A A

बुरा चरित्र: [विश्वासघात]


মথি 27:3-4
[3] তেতিয়া তেওঁক শত্ৰুৰ হাতত অৰ্পণ কৰা যিহূদাই তেওঁক দোষী কৰি দণ্ডাজ্ঞা দিয়া দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলক সেই ত্ৰিশ টা ৰূপৰ মুদ্ৰা ওভোতাই দিলে;[4] আৰু ক’লে, “নিৰ্দোষীৰ তেজ শোধাই দি মই পাপ কৰিলোঁ”; কিন্তু তেওঁলোকে ক’লে, ‘তাতনো আমাৰ কি কাম? তুমিয়েই তোমাৰ বিষয়ে চাবা’।

মথি 6:14-15
[14] কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;[15] কিন্তু তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।

মাৰ্ক 11:25
আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমা কৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কবলগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।

মথি 7:12
এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।

ইব্ৰী 4:15
কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।

আদিপুস্তক 12:3
যিসকলে তোমাক আশীৰ্ব্বাদ কৰে, মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম আৰু যিসকলে তোমাক শাও দিয়ে, মই তেওঁলোকক শাও দিম। তোমাৰ দ্বাৰায়েই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।”

ৰোমীয়া 3:23
কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ’ল,

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions