A A A A A

स्वर्गदूत और राक्षस: [लूसिफ़ेर]

১ পিতৰ 5:8
সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।

২ কৰিন্থীয়া 4:4
ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে।

২ কৰিন্থীয়া 11:14
এই কথা আচৰিত নহয়, কিয়নো চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে।

২ পিতৰ 1:19
ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্রভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব।

ইফিচীয়া 6:11-12
[11] ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে।[12] কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে।

যাকোব 4:7
এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।

যোহন 8:44
চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।

যিহূদা 1:6-9
[6] আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে।[7] এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ’ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে।[8] তথাপি এইদৰে এই লোক সকলে সপোন দেখি তেওঁলোকৰ শৰীৰক অশুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু মহিমাৰ অধিকাৰী সকলৰ বিৰুদ্ধে নিন্দা কৰে।[9] কিন্তু প্ৰধান স্বৰ্গৰ দূত মীখায়েলে যেতিয়া মোচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাগযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ দোষাৰোপ বা অপমান নকৰিলে; কিন্তু তাৰ পৰিৱর্তে তেওঁ ক’লে, “প্রভুৱে তোমাক ডবিয়াওক৷”

মথি 4:3
তেতিয়া চয়তানে আহি তেওঁক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।”

মথি 12:24
ফৰীচী সকলে যীচুৰ এই আচৰিত কার্যৰ কথা শুনি ক’লে, “এই মানুহে ভূতবোৰৰ ৰজা বেলচবূবৰ সহায় অবিহনে ভূতক নেখেদায়।”

প্ৰকাশিত বাক্য 3:9
চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।

প্ৰকাশিত বাক্য 20:10
আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ’ল যত সেই পশু আৰু ভাঁৰি-কোৱা ভাববাদীও আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব।

ৰোমীয়া 16:20
আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।

এজেকিয়েল 28:16-17
[16] তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে তুমি পাপ কৰিলা! মই তোমাক অশুচি বুলি ঈশ্বৰৰ পৰ্ব্বতৰ পৰা বাহিৰ কৰিলোঁ; আৰু হে ঢাকি ধৰোঁতা কৰূব, জুইৰ দৰে চক্‌মকীয়া পাথৰবোৰৰ মাজৰ পৰা মই তোমাক লুপ্ত কৰিলোঁ।[17] তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা! মই তোমাক মাটিৰ সমান কৰিলোঁ! ৰজাসকলে তোমাক দেখা পাবলৈ তোমাক তেওঁলোকৰ সন্মূখত ৰাখিলোঁ।

প্ৰকাশিত বাক্য 12:7-9
[7] এতিয়া স্বৰ্গত যুদ্ধ হ’ল৷ মীখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে৷[8] কিন্তু সেই ড্ৰেগন যথেষ্ট শক্তিশালী নোহোৱাত বলে নোৱাৰিলে; সেয়েহে স্বৰ্গত সি আৰু তাৰ দূত সকলে অধিক সময় থাকিবৰ বাবে ঠাই নাপালে।[9] সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।

লূক 10:18-20
[18] যীচুৱে তেওঁলোকক ক’লে, “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ।[19] চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব।[20] তথাপি ভূতৰ আত্মাবোৰ যে তোমালোকৰ বশীভূত হ’ল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, সেই বাবেহে অধিক আনন্দ কৰা।”

ইসাইয়া 14:12-15
[12] তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা![13] তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।[14] মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’[15] তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ’ল।

প্ৰকাশিত বাক্য 13:1-18
[1] তেতিয়া মই সাগৰৰ পৰা এটা পশুক উঠা দেখিলোঁ৷ তাৰ দহোটা শিং, সাতোটা মূৰ আছিল৷ তাৰ শিঙত দহোটা কিৰীটি আৰু মূৰত ঈশ্বৰক নিন্দা কৰা কিছুমান নাম লিখা আছিল।[2] সেই যি পশু মই দেখিলোঁ, সি নাহৰফুটুকী বাঘৰ নিচিনা আছিল৷ তাৰ ভৰি ভালুকৰ নিচিনা আৰু সিংহৰ মুখৰ নিচিনা তাৰ মুখ৷ সেই ড্ৰেগনে নিজৰ শক্তি সেই পশুক দিলে, আৰু তাৰ নিজৰ সিংহাসন আৰু ক্ষমতা চলাবলৈ অধিকাৰো তাক দিলে৷[3] পাছত পশুৰ মূৰবোৰৰ মাজৰ এটা মূৰত মৰাকৈ কটা এটা ঘা যেন দেখিলোঁ; কিন্তু সেই মৃত্যুজনক ঘা সুস্থ কৰা হ’ল, ইয়াকে দেখি গোটেই জগত খনে সেই পশুৰ কথাত আচৰিত মানিলে আৰু তাক অনুসৰণ কৰিলে।[4] তাতে সকলোৱে সেই ড্ৰেগনকো প্ৰণিপাত কৰিলে, কিয়নো সি পশুক নিজৰ ক্ষমতা দিলে, আৰু তেওঁলোকে পশুকো প্ৰণিপাত কৰি ক’লে, “এই পশুৰ তুল্য কোন আছে, আৰু ইয়াৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে?”[5] সেই পশুক বৰ বৰ কথা কবলৈ আৰু ঈশ্বৰক নিন্দা কৰা বাক্য কোৱা মুখ দিয়া হ’ল৷ বিয়াল্লিশ মাহলৈকে কাৰ্য কৰিবলৈ তাক ক্ষমতা দিয়া হ’ল।[6] তাতে সেই পশুৱে নিজ মুখ মেলি ঈশ্বৰৰ বিৰুদ্ধে নিন্দা কৰিব ধৰিলে, তেওঁৰ নাম, তেওঁৰ বাসস্থান আৰু তেওঁৰ সৈতে নিবাস কৰা স্বৰ্গনিবাসী সকলোকে নিন্দা কৰিবলৈ ধৰিলে।[7] সেই পশুক পবিত্ৰ লোকৰ সৈতে যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয় কৰিবলৈ তাক শক্তি দিয়া হ’ল। ইয়াৰ উপৰি সকলো ফৈদ, লোক, ভাষা আৰু সকলো জাতিৰ ওপৰত তাক অধিকাৰ দিয়া হ’ল।[8] তাতে জগত স্থাপনৰ পুৰ্ব্বৰে পৰা হত হোৱা সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব।[9] কাৰোবাৰ যদি কাণ আছে, তেওঁ শুনক।[10] কোনোৱে যদি বন্দী অৱস্থাৰ কাৰণে হয়, তেওঁ বন্দী অৱস্থালৈ যাব৷ কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেৱোঁ তৰোৱালেৰে হত হ’ব লাগিব। ইয়াত পবিত্ৰ লোক সকলৰ ধৈৰ্য আৰু বিশ্বাস আছে।[11] তাৰ পাছত মই আন এটা ড্ৰেগনক পৃথিৱীৰ পৰা উঠা দেখিলোঁ। তাৰ মেৰ-পোৱালিৰ নিচিনা দুটা শিং আছে আৰু সি ড্ৰেগনৰ দৰে কথা কয়৷[12] সি এই প্ৰথম পশুটোৰ সকলো অধিকাৰ, প্ৰথম পশুটোৰ উপস্থিতে পালন কৰে আৰু যি প্ৰথম পশুৰ মৃত্যুজনক ঘা সুস্থ কৰা হ’ল, সেই পশুক পৃথিৱী আৰু তাত নিবাস কৰা সকলোকে প্ৰণিপাত কৰিবলৈ বাধ্য কৰালে।[13] সি নানা আলৌকিক চিন দেখুৱায়; এনে কি, লোক সকলৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়৷[14] এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবলৈ তাক ক্ষমতা দিয়া হ’ল, তাৰ দ্বাৰাই সি পৃথিৱীত বাস কৰা সকলক ভ্ৰান্তি জন্মায়; বিশেষকৈ, যি পশু তৰোৱালৰ আঘাতৰ ঘা পায়ো জীয়াই উঠিল, সেই পশুৰ এটা প্ৰতিমূৰ্তি নিৰ্ম্মাণ কৰিবলৈ পৃথিৱী নিবাসী সকলক ক’লে।[15] তাক সেই পশুৰ প্ৰতিমূৰ্তিত প্ৰাণ-বায়ু দিবলৈ ক্ষমতা দিয়া হ’ল, যাতে সেই প্ৰতিমূৰ্তিয়ে কথা ক’ব পাৰে আৰু সেই পশুৰ প্ৰতিমূৰ্তিক প্ৰণিপাত নকৰা সকলক যেন বধ কৰাৰ আদেশ দিব পাৰে৷[16] তাতে সি গুৰুত্বহীন আৰু ক্ষমতাশালী, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস, প্ৰত্যেকৰে সোঁ হাতত বা কপালত এটা বিশেষ চিহ্নৰ ছাব লবলৈ বাধ্য কৰালে;[17] যি সকলৰ সেই পশুৰ ছাব, অৰ্থাৎ সেই পশুৰ নাম, বা তাৰ নামৰ সংখ্যা নাই, তাক এনে কৰিলে যে, তেওঁ কিনা-বেচা কৰাতো অসম্ভৱ হ’ল৷[18] ইয়াত জ্ঞানৰ কথা আছে; যদি কাৰোবাৰ বুদ্ধি আছে, তেওঁ সেই পশুৰ সংখ্যা গণনা কৰক; কিয়নো এইটো এজন মানুহৰ সংখ্যা৷ তেওঁৰ সংখ্যা হ’ল ছয় শ ছয়ষষ্টি।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions