A A A A A

स्वर्गदूत और राक्षस: [संरक्षक एन्जिल्स]


১ কৰিন্থীয়া 4:9
কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ।

১ যোহন 4:1
হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।

পাঁচনি 8:26
পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) ৷

পাঁচনি 12:15
তেতিয়া তেওঁলোকে তাইক কলে, “তই পাগলি হৈছ৷” কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে৷ তেওঁলোকে কলে, “তেনেহলে সেই জন তেওঁৰ দূতহে হব৷”

কলচীয়া 2:18
কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।

দানিয়েল 9:21
এনে কি, গধুলীৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্রাৰ্থনা কৰি আছিলোঁ, সেই সময়ত আগেয়ে দৰ্শনত দেখা মানুহ যি গাব্ৰিয়েল তেওঁ মোৰ ওচৰলৈ বেগেৰে উড়ি আহিল।

হোসেয়া 10:13
কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা, অন্যায়ৰ শস্য চপালা, ছলনাৰ ফল ভোগ কৰিলা; তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভাৰসা কৰিছা।

হোসেয়া 12:1
ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।

ইব্ৰী 1:14
সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?

ইব্ৰী 13:2
আপোনালোকে অতিথি সেৱা নাপাহৰিব; কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজনাকৈয়ে স্বৰ্গৰ দূত সকলকেই আলহী সুধিলে।

যিহূদা 1:6-9
[6] আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে।[7] এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ’ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে।[8] তথাপি এইদৰে এই লোক সকলে সপোন দেখি তেওঁলোকৰ শৰীৰক অশুচি কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু মহিমাৰ অধিকাৰী সকলৰ বিৰুদ্ধে নিন্দা কৰে।[9] কিন্তু প্ৰধান স্বৰ্গৰ দূত মীখায়েলে যেতিয়া মোচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাগযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ দোষাৰোপ বা অপমান নকৰিলে; কিন্তু তাৰ পৰিৱর্তে তেওঁ ক’লে, “প্রভুৱে তোমাক ডবিয়াওক৷”

লূক 16:22
কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হ’ল৷

মথি 18:10
সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।

সামসঙ্গীত 34:7
যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।

সামসঙ্গীত 91:11
কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব।

সামসঙ্গীত 103:20
হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;

প্ৰকাশিত বাক্য 5:11
তেতিয়া মই চাওতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা 20,00,00,000 আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷

প্ৰকাশিত বাক্য 19:10
তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলো। কিন্তু তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মই তোমাৰ সহদাস আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাই সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীচুৰ সাক্ষ্যই ভাববাণীৰ আত্মা।”

জাখারিয়া 5:9
তেতিয়া মই চকু তুলি চাই দেখিলোঁ যে, দুগৰাকী মহিলা মোৰ ফালে আহি আছিল আৰু সেই দুগৰাকীৰ ডেউকাত বায়ু আছিল; সিহঁতৰ ডেউকা বৰটোকোলাৰ ডেউকাৰ নিচিনা আছিল। সেই দুগৰাকীয়ে পৃথিৱী আৰু আকাশৰ মাজেদি ঐফা-পাত্ৰটো তুলি লৈ গৈছিল।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions