A A A A A

स्वर्गदूत और राक्षस: [एन्जिल्स]


আদিপুস্তক 2:1
এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নির্ম্মাণ কৰা হ’ল; আৰু উভয়কে সকলোৰে পৰিপূর্ণ কৰা হ’ল ।

কলচীয়া 1:16
কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷

যোব 38:1-7
[1] তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে,[2] “যিজনে এই জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন?[3] তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা; কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা।[4] যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।[5] কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে? বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা।[6] সেই কালত তাৰ মুলবোৰ কিহৰ ওপৰত বহুওৱা হল? বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে?[7] যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, তেতিয়া ঈশ্বৰৰ সন্তান সকলে জয়ধ্বনি কৰিছিল নে?

লূক 20:35-36
[35] কিন্তু যি সকলে সেই যুগৰ আৰু মৃত লোক সকলৰ মাজৰ পৰা পুনৰুত্থান পাবৰ যোগ্য বুলি গণ্য হয়, তেওঁলোকে বিয়া নকৰাই আৰু বিয়া দিয়াও নহয়।[36] তেওঁলোকৰ মৃত্যু হ’ব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়।

প্ৰকাশিত বাক্য 4:8
সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছয় খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰেই পৰিপূৰ্ণ আছিল৷ তেওঁলোকে অবিৰাম দিনে-ৰাতিয়ে এই বুলি কৈ থাকে, ‘পবিত্ৰ, পবিত্ৰ, পবিত্ৰ প্ৰভু পৰমেশ্বৰ, সকলোৰে ওপৰত শাসনকৰ্তা, যি জন আছিল, এতিয়াও আছে আৰু আহিবলগীয়া জন৷’

মথি 22:30
কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।

২ সামুয়েল 14:17
তেতিয়া আপোনাৰ দাসীয়ে প্ৰার্থনা কৰিলে বোলে, ‘হে যিহোৱা, মোৰ প্ৰভু মহাৰাজৰ বাক্য মোলৈ যেন অৱশ্যে শান্ত্বনাদায়ক হয়, কিয়নো ভাল-বেয়া বিবেচনা কৰাত মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য।’ আপোনাৰ ঈশ্বৰ যিহোৱা যেন আপোনাৰ লগত থাকক।”

লূক 15:10
সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”

প্ৰকাশিত বাক্য 14:6
পাছত আকাশৰ মাজত আন এজন স্বৰ্গৰ দূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিৱীত বসতি কৰা লোক সকলৰ ওচৰত, পৃথিৱীৰ সকলো জাতি, ফৈদ, ভাষা আৰু সাধাৰণ লোক সকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল৷

যোব 4:15-18
[15] যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল; তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।[16] সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।[17] “ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে? বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে?[18] চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে, নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;

ইসাইয়া 14:12-14
[12] তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা![13] তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।[14] মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’

যিহূদা 1:6
আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে।

১ পিতৰ 3:21-22
[21] সেই জল বাপ্তিস্মৰ প্ৰতীক, যাৰ যোগে আপোনালোকে ৰক্ষা পালে৷ সেই বাপ্তিস্মৰ যোগেদি শৰীৰৰ ময়লা আতৰোৱা নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সৎ বিবেক বজায় ৰখাৰ কাৰণে এক আবেদন৷ যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদিহে আপোনালোকে ৰক্ষা পালে৷[22] তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷

১ পিতৰ 1:12
এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷

ইব্ৰী 12:22
কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷

প্ৰকাশিত বাক্য 5:11-12
[11] তেতিয়া মই চাওতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা 20,00,00,000 আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷[12] তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেৰ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”।

সামসঙ্গীত 78:25-49
[25] মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে; তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে।[26] তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে; তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে।[27] তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে, সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে;[28] তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালে তেওঁ সেইবোৰক পৰিবলৈ দিলে।[29] তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল; তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে।[30] কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই, এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই[31] ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল; তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে, ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে।[32] তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল, তেওঁৰ আচৰিত কৰ্মত বিশ্বাস নকৰিলে।[33] সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে ছুটি কৰিলে, তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে।[34] তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে; তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে।[35] তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা, সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা।[36] কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে, জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,[37] তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল, তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল।[38] তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।[39] তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে; তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুনৰ ঘূৰি নাহে।[40] মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে! সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে![41] বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক অসন্তুষ্ট কৰিলে।[42] তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে, মনত নাৰাখিলে সেই দিনৰ কথা- যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল;[43] যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল।[44] সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল, যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে।[45] তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল, সেইবোৰে তেওঁলোকক গ্রাস কৰিলে; তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।[46] তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে।[47] তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে, আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে।[48] তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে, বজ্রপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শোধাই দিলে।[49] তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে; সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।

সামসঙ্গীত 91:11
কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব।

সামসঙ্গীত 103:20
হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ; যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল, তোমালোকে তেওঁৰ ধন্যবাদ কৰা;

মথি 4:6-11
[6] আৰু যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে নিজকে তললৈ পেলাই দিয়ক; কিয়নো শাস্ত্রত এইদৰে লিখা আছে, তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।”[7] যীচুৱে তাক ক’লে, “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এই বুলিও শাস্ত্রত লিখা আছে।”[8] তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ’ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে।[9] চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।”[10] তেতিয়া যীচুৱে তাক ক’লে, “গুচি যা চয়তান! কিয়নো শাস্ত্রত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”[11] তেতিয়া চয়তানে তেওঁক এৰি গুচি গ’ল আৰু স্বৰ্গৰ দূত সকল আহি যীচুৰ শুশ্রূষা কৰিলে।

মথি 16:27
কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”

মথি 18:10
সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।

মথি 24:31-35
[31] তেতিয়া তূৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূত সকলক পঠাব; তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোক সকলক আনি গোটাব।[32] ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা৷ যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।[33] সেইদৰে যেতিয়া এই সকলোকে দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।[34] মই তোমালোকক সঁচাকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ মানুহবোৰ লুপ্ত নহ’ব।[35] আকাশ আৰু পৃথিৱী লুপ্ত হ’ব, কিন্তু মোৰ বাক্য হলে কেতিয়াও লুপ্ত নহ’ব।

লূক 4:10
কিয়নো শাস্ত্রত এনেদৰে লিখা আছে: ‘তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব ’ আৰু

যোহন 20:11-12
[11] কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ মূৰ দোৱাই চকু ফুৰালে,[12] যীচুৰ দেহ শুৱাই থোৱা ঠাইৰ মূৰ-শিতানত এজন আৰু ভৰি-পথানত এজন, এনেদৰে দুজন শুক্ল বস্ত্ৰ পৰিধান কৰা স্বৰ্গৰ দূতক বহি থকা দেখিলে।

কলচীয়া 2:18
কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।

ইব্ৰী 1:14
সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?

ইব্ৰী 2:6-13
[6] কিন্তু ইয়াৰ পৰিৱর্তে, কোনো এজনে কোনো এঠাইত এই সাক্ষ্য দি কৈছে, “মানুহনো কি, তুমি যে তেওঁক সোঁৱৰণ কৰা? অথবা মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলৈ দৃষ্টি কৰা?[7] তুমি স্বর্গৰ দূত সকলতকৈ মানুহক অলপহে সৰু কৰিলা; কিন্তু তুমি তেওঁকেই মহিমা আৰু সন্মানৰ মুকুটেৰে বিভূষিত কৰিলা;[8] আৰু সকলো বস্তু তুমি তেওঁৰ ভৰিৰ তলত ৰাখিলা।” কিয়নো ঈশ্বৰে সকলোকে মানুহৰ অধীন কৰিলে। তেওঁৰ কর্ত্তৃত্বৰ বাহিৰত তেওঁ একোৱেই নাৰাখিলে। অৱশ্যে আমি এতিয়ালৈকে সকলো তেওঁৰ অধীনত দেখা নাই।[9] তথাপি আমি যীচুক দেখিছোঁ, যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হ’ল; তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ’ল। সেয়েহে, ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল’লে।[10] সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ’ল। সেই বাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে আৰু তেওঁলোকৰ পৰিত্রাণৰ অর্থে যীচুক কষ্টভোগৰ মাজেদি সিদ্ধ কৰি তোলা কার্য ঈশ্বৰৰ সঠিক কার্য আছিল।[11] যি জনে পবিত্ৰ কৰে আৰু যি সকলক পবিত্ৰ কৰা হয়, সেই সকলোৱে একে জন ঈশ্বৰৰ পৰিয়ালৰ লোক। সেই কাৰণে যি জনে পবিত্র কৰে সেই যীচুৱে লোক সকলক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায়।[12] যীচুৱে কৈছে, “মোৰ ভাই সকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগীতাৰ মাজত তোমাৰ গুণ কীৰ্ত্তন কৰিম।”[13] তেওঁ আকৌ কৈছে, “মই তেওঁতহে ভাৰসা কৰিম।” তেওঁ আকৌ ইয়াকো কৈছে, “চোৱা, এয়া মই আৰু মোৰ সন্তান সকল, ঈশ্বৰে যি সকলক মোক দিছে।”

ইব্ৰী 13:2
আপোনালোকে অতিথি সেৱা নাপাহৰিব; কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজনাকৈয়ে স্বৰ্গৰ দূত সকলকেই আলহী সুধিলে।

২ পিতৰ 2:4
স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions