A A A A A

अतिरिक्त: [प्रचुरता]


১ তীমথিয় 5:8
কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।

২ কৰিন্থীয়া 9:8
ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷

দ্বিতীয় বিবরণ 29:12
আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সৈতে কৰা প্রতিজ্ঞা আৰু নিয়ম স্থাপন কৰিবৰ কাৰণে আজি আপোনালোক সকলো ইয়াত আছে।

ইফিচীয়া 3:20
আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।

যাত্রাপুস্তক 34:6
যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;

যাকোব 1:17
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতি বোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷

যোহন 10:10
চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।

লূক 6:38
দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।

লূক 6:45
ভাল মানুহে নিজৰ হৃদয়ৰ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু দুষ্ট লোকে মন্দ হৃদয়ৰ পৰা মন্দ বিষয় উলিয়ায়। কিয়নো মানুহৰ হৃদয়ত যি থাকে, তেওঁৰ মুখে তাকে কয়।

মথি 6:33
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।

ফিলিপীয়া 4:19
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।

প্রবচন 3:5-10
[5] তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।[6] তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।[7] তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।[8] ই তোমাৰ শৰীৰ সুস্থ কৰিব, আৰু তোমাৰ দেহলৈ সতেজতা আনিব।[9] আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।[10] সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।

সামসঙ্গীত 23:5
তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে ।

সামসঙ্গীত 36:8
তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।

সামসঙ্গীত 37:11
কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব।

সামসঙ্গীত 65:11
তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা; আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।

সামসঙ্গীত 72:16
পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।

ৰোমীয়া 15:13
এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।

সামসঙ্গীত 66:8-12
[8] হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা, আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা;[9] যি জনাই আমাক জীয়াই ৰাখে, যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে।[10] কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।[11] তুমি আমাক জালেৰে মেৰিয়াই আনিলা; তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা।[12] তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।

Assamese Bible
Copyright © 2017, 2018 Bridge Connectivity Solutions