1 |
সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে, |
2 |
“নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে, লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল - আমি যিহোৱাৰ প্রশংসা গীত কৰোঁ! |
3 |
হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া! মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। |
4 |
হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, পৃথিৱী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে। |
5 |
যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল; এনেকি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে চীনয় পর্বত কঁপি উঠিল। |
6 |
চমগৰ আৰু যায়েলৰ দিনত ৰাজআলিবোৰ জনশূণ্য হৈ পৰিছিল আৰু পথিকসকলে বেঁকা বাটেদি যাতায়ত কৰিছিল। |
7 |
মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে, ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল, মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো। |
8 |
লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো। |
9 |
মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে, যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল, সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰোঁ! |
10 |
তোমালোক যিসকলে বগা গাধত উঠি, পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা, তোমালোকে এই সকলো বিষয়ে ভাৱা! |
11 |
তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকল ৰ মাত কথা শুনা, তাত তেওঁলোকে যিহোৱাৰ ধাৰ্মিকতাৰ কার্যবোৰৰ কথা পুনৰ কয়, আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল। |
12 |
সাৰ পোৱা দবোৰা, সাৰ পোৱা! সাৰ পোৱা, সাৰ পোৱা, গীতগান কৰা! হে অবীনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু যুদ্ধত যিসকলক তোমালোকে ধৰিলা, বন্দী কৰি লৈ যোৱা। |
13 |
তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল; যিহোৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল। |
14 |
কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; আৰু জবূলূনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল। |
15 |
ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল। বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ’ল। ৰূবেণৰ ফৈদৰ মাজত অনেক দৃঢ়মনৰ লোক আছিল। |
16 |
তোমালোকে মেৰ-ছাগ ৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় মেৰ-ছাগৰ জুহালৰ মাজত বহি আছিলা? যিহেতু ৰূবেণৰ বংশত অনেক দৃঢ়মনা লোক আছিল। |
17 |
গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে; আৰু দান ফৈদৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে। |
18 |
জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক। |
19 |
ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে। |
20 |
আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। |
21 |
কীচোন নদীয়ে সিহঁতক উটাই নিলে; সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে। হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া। |
22 |
তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে। |
23 |
যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল। |
24 |
কেনীয়া হেবৰৰ ভার্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা; তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা। |
25 |
চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে; এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে। |
26 |
তেওঁ তম্বু বন্ধা খুটিটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে; চীচৰাক হাতুৰীৰে আঘাত কৰি তেওঁৰ মূৰ ভাঙিলে; মূৰৰ কাষেদি খুঁটি বিন্ধাই চীচৰাৰ মূৰৰ লাওখোলা গুড়ি কৰিলে। |
27 |
তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল, আৰু য’ত পৰিছিল, তাতে পৰি থাকিল। ভৰিৰ ওচৰত যি ঠাইত পৰিছিল, সেই ঠাইতে তেওঁক নিশংসভাবে বধ কৰা হ’ল। |
28 |
চীচৰাৰ মাতৃয়ে এখন খিড়িকিয়েদি জুমি চালে - তেওঁ জালিকটা খিড়িকিৰে চাই চিঞঁৰি ক’লে, “চীচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে? তেওঁৰ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই?” |
29 |
তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেৱোঁ একে উত্তৰকে নিজকে নিজে দিলে: |
30 |
তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি? - প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; চীচৰাৰ কাৰণে খমখমীয়া ৰঙীণ পোছাক, ফুল কৰা ৰঙীণ পোছাক, মোৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক - |
31 |
হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্ৰেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
বিচারকচরিত 5:1 |
বিচারকচরিত 5:2 |
বিচারকচরিত 5:3 |
বিচারকচরিত 5:4 |
বিচারকচরিত 5:5 |
বিচারকচরিত 5:6 |
বিচারকচরিত 5:7 |
বিচারকচরিত 5:8 |
বিচারকচরিত 5:9 |
বিচারকচরিত 5:10 |
বিচারকচরিত 5:11 |
বিচারকচরিত 5:12 |
বিচারকচরিত 5:13 |
বিচারকচরিত 5:14 |
বিচারকচরিত 5:15 |
বিচারকচরিত 5:16 |
বিচারকচরিত 5:17 |
বিচারকচরিত 5:18 |
বিচারকচরিত 5:19 |
বিচারকচরিত 5:20 |
বিচারকচরিত 5:21 |
বিচারকচরিত 5:22 |
বিচারকচরিত 5:23 |
বিচারকচরিত 5:24 |
বিচারকচরিত 5:25 |
বিচারকচরিত 5:26 |
বিচারকচরিত 5:27 |
বিচারকচরিত 5:28 |
বিচারকচরিত 5:29 |
বিচারকচরিত 5:30 |
বিচারকচরিত 5:31 |
বিচারকচরিত 1 / বিচা 1 |
বিচারকচরিত 2 / বিচা 2 |
বিচারকচরিত 3 / বিচা 3 |
বিচারকচরিত 4 / বিচা 4 |
বিচারকচরিত 5 / বিচা 5 |
বিচারকচরিত 6 / বিচা 6 |
বিচারকচরিত 7 / বিচা 7 |
বিচারকচরিত 8 / বিচা 8 |
বিচারকচরিত 9 / বিচা 9 |
বিচারকচরিত 10 / বিচা 10 |
বিচারকচরিত 11 / বিচা 11 |
বিচারকচরিত 12 / বিচা 12 |
বিচারকচরিত 13 / বিচা 13 |
বিচারকচরিত 14 / বিচা 14 |
বিচারকচরিত 15 / বিচা 15 |
বিচারকচরিত 16 / বিচা 16 |
বিচারকচরিত 17 / বিচা 17 |
বিচারকচরিত 18 / বিচা 18 |
বিচারকচরিত 19 / বিচা 19 |
বিচারকচরিত 20 / বিচা 20 |
বিচারকচরিত 21 / বিচা 21 |
|
|
|
|
|