1 |
ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত মীখা নামেৰে এজন মানুহ আছিল। |
2 |
তেওঁ নিজৰ মাকক ক’লে, “তোমাৰ পৰা নিয়া যি এঘাৰ শ চেকল ৰূপৰ বাবে তুমি শাও দিছিলা আৰু তাক মই শুনাকৈ কৈছিলা চোৱা, সেই ৰূপ মোৰ হাতত আছে; ময়েই তাক নিছিলোঁ।” তেতিয়া তেওঁৰ মাকে ক’লে, “যিহোৱাৰ পৰা মোৰ পুত্ৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হোৱা।” |
3 |
পাছত সেই এঘাৰ শ চেকল ৰূপ নিজ মাকক ওলোটাই দিয়াত, মাকে ক’লে, “এই ৰূপ মই যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিছোঁ; এটা কটা প্ৰতিমা আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিবৰ অৰ্থে তাক মোৰ হাতৰ পৰা মোৰ পুত্ৰই পাওক; এতেকে এতিয়া তাক তোমাক ওভোটাই দিছোঁ।” |
4 |
কিন্তু মীখাই মাকক সেই ৰূপ ওলোটাই দিলে, তাৰ মাকে তাৰে দুশ চেকল ৰূপ লৈ সোণাৰীক দিলে; তেতিয়া সোণাৰীয়ে এটা কটা মুৰ্ত্তি আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিলে, সেই মুৰ্ত্তি মীখাৰ ঘৰত ৰাখিলে। |
5 |
মীখা বুলি কোৱা সেই মানুহজনৰ এটা দেৱালয় আছিল; সি এখন এফোদ আৰু কেইবাটাও গৃহ-দেৱতা সাজিলে আৰু নিজ পুতেকহঁতৰ এজনক নিযুক্ত কৰাৰ পাছত, তেওঁ তাৰ পুৰোহিত হ’ল। |
6 |
সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল; সেয়ে যেয়ে যিহকে উচিত দেখিছিল, তেওঁ তাকেই কৰিছিল। |
7 |
সেই সময়ত যিহূদাৰ বৈৎলেহেমৰ যিহূদা ফৈদৰ এজন লেবীয়া ডেকা মানুহ গৈ সেই ঠাইত প্ৰবাস কৰিছিল। |
8 |
সেই মানুহে য’তে পাই ত’তে থাকিবৰ বাবে যিহূদাৰ বৈৎলেহেম নগৰৰ পৰা ওলাই গৈ গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা সেই মীখাৰ ঘৰ পালেগৈ। |
9 |
তেতিয়া মীখাই তাক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেতিয়া তেওঁ ক’লে, “মই যিহূদাৰ বৈৎলেহেমৰ এজন লেবীয়া মানুহ; য’তে সুবিধা পাও, তাতে থাকিবৰ বাবে ওলাই আহিছোঁ।” |
10 |
তেতিয়া মীখাই তেওঁক ক’লে, “তুমি মোৰ লগত থাকি মোৰ পিতৃ আৰু পুৰোহিত হোৱা; মই বছেৰেকত তোমাক দহ চেকল ৰূপ, এযোৰ কাপোৰ আৰু তোমাৰ খোৱা বস্তু দিম।” তেতিয়া সেই লেবীয়া মানুহজন তেওঁৰ ঘৰলৈ গ’ল আৰু তেওঁৰ লগত থাকিবলৈ সন্মত হ’ল; |
11 |
তেতিয়াৰে পৰা সেই ডেকাজন তেওঁৰ পুতেকৰ দৰে হ’ল। |
12 |
পাছত মীখাই সেই লেবীয়াক নিযুক্ত কৰিলে আৰু সেই ডেকা মীখাৰ পুৰোহিত হৈ তেওঁৰ ঘৰতে থাকিল। |
13 |
তাতে মীখাই ক’লে, “যিহোৱাই মোৰ মঙ্গল কৰিব, ইয়াক মই এতিয়া জানিলোঁ; কিয়নো সেই লেবীয়া মোৰ পুৰোহিত হ’ল।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
বিচারকচরিত 17:1 |
বিচারকচরিত 17:2 |
বিচারকচরিত 17:3 |
বিচারকচরিত 17:4 |
বিচারকচরিত 17:5 |
বিচারকচরিত 17:6 |
বিচারকচরিত 17:7 |
বিচারকচরিত 17:8 |
বিচারকচরিত 17:9 |
বিচারকচরিত 17:10 |
বিচারকচরিত 17:11 |
বিচারকচরিত 17:12 |
বিচারকচরিত 17:13 |
বিচারকচরিত 1 / বিচা 1 |
বিচারকচরিত 2 / বিচা 2 |
বিচারকচরিত 3 / বিচা 3 |
বিচারকচরিত 4 / বিচা 4 |
বিচারকচরিত 5 / বিচা 5 |
বিচারকচরিত 6 / বিচা 6 |
বিচারকচরিত 7 / বিচা 7 |
বিচারকচরিত 8 / বিচা 8 |
বিচারকচরিত 9 / বিচা 9 |
বিচারকচরিত 10 / বিচা 10 |
বিচারকচরিত 11 / বিচা 11 |
বিচারকচরিত 12 / বিচা 12 |
বিচারকচরিত 13 / বিচা 13 |
বিচারকচরিত 14 / বিচা 14 |
বিচারকচরিত 15 / বিচা 15 |
বিচারকচরিত 16 / বিচা 16 |
বিচারকচরিত 17 / বিচা 17 |
বিচারকচরিত 18 / বিচা 18 |
বিচারকচরিত 19 / বিচা 19 |
বিচারকচরিত 20 / বিচা 20 |
বিচারকচরিত 21 / বিচা 21 |
|
|
|
|
|