1 |
তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ’ল; সমুদ্ৰও নাছিল। |
2 |
আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ নতুন যিৰূচালেমক, ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ। |
3 |
পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশ-বাণী শুনিলোঁ, “সৌৱা চোৱা!” লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব ৷ |
4 |
তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল। |
5 |
পাছত সিংহাসনৰ ওপৰত বহা জনে কলে, “চোৱা! মই সকলোকে নতুন কৰোঁ।” তেওঁ পুনৰ কলে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।” |
6 |
পাছত তেওঁ মোক কলে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম। |
7 |
যি জনে জয় কৰে, তেওঁ এইবোৰৰ অধিকাৰী হ’ব; মই তেওঁৰ ঈশ্বৰ হ’ম আৰু তেওঁ মোৰ পুত্ৰ হ’ব। |
8 |
কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।” |
9 |
তেতিয়া শেষৰ সাত উৎপাতেৰে পৰিপূৰ্ণ সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল, আৰু মোৰ ওচৰলৈ আহি কলে, “ইয়ালৈ আহা৷ মই তোমাক সেই কন্যা, অৰ্থাৎ মেৰ-পোৱালিৰ ভাৰ্যাক দেখুৱাম।” |
10 |
তাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে, আৰু ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ-যুক্ত সেই পবিত্ৰ যিৰূচালেম নগৰ দেখুৱালে। |
11 |
সেই নতুন যিৰূচালেম ঈশ্ৱৰৰ মহিমাৰে পূৰ্ণ আছিল আৰু তাৰ জ্যোতি বহুমূলীয়া মণি, অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্ম্মল সূৰ্য্যকান্ত মণিৰ নিচিনা আছিল৷ |
12 |
তাত ওখ আৰু ডাঙৰ গড় আৰু বাৰ খন দ্ৱাৰ আছিল; সেই বাৰ খন দ্ৱাৰত বাৰ জন দূত থাকে আৰু সেই দ্ৱাৰত ইস্ৰায়েলৰ সন্তান সকলৰ বাৰ ফৈদৰ নাম লিখা আছিল৷ |
13 |
তাৰে তিনি খনৰ দ্ৱাৰ পূব ফালে, তিনি খন দ্ৱাৰ উত্তৰ ফালে, তিনি খন দ্ৱাৰ দক্ষিণ ফালে আৰু তিনি খন দুৱাৰ পশ্চিম ফালে। |
14 |
আৰু নগৰৰ গড়ৰ বাৰটা ভিত্তিমূল; তাত মেৰ-পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম আছে। |
15 |
আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে, মোৰে সৈতে কথা হোৱা জনৰ সোণৰ নলৰ এডাল জোখ আছিল। |
16 |
সেই নগৰ চাৰি-চুকীয়া, তাৰ দীঘে-পথালিয়ে সমান। পাছত তেওঁ নলেৰে নগৰ খনৰ জোখ লৈ পোন্ধৰ শ মাইল পালে; দীঘে-পথালিয়ে আৰু উচ্চতাত সমান। |
17 |
পাছত গড় জুখি, মানুহৰ অৰ্থাৎ দূতৰ জোখ ডালেৰে এশ চৌৱাল্লিশ হাত হ’ল। |
18 |
সেই গড়ৰ গাঁঠনি সূৰ্য্যকান্ত মণিৰ আৰু নগৰ খন শুদ্ধ সোণৰ পৰিষ্কাৰ দৰ্পণৰ নিচিনা। |
19 |
নগৰৰ গড়ৰ ভিত্তিমূলবোৰ আটাইবিধ বহুমূলীয়া মণিৰে বিভূষিত আছিল। |
20 |
প্ৰথম মূল সূৰ্য্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় তাম্ৰমণিৰ, চতুৰ্থ মৰকতৰ, পঞ্চম বৈদুৰ্য্যৰ, ষষ্ঠ চাৰ্দ্দীয় মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গোমেদকৰ, নৱম পদ্মৰাগৰ, দশম লশুনীয়ৰ, একাদশ পেৰোজৰ, দ্বাদশ কটাহেলাৰ আছিল। |
21 |
সেই বাৰটা দ্ৱাৰত বাৰটা মুকুতা আছিল, আৰু প্ৰত্যেকটো দ্ৱাৰে এটা এটা মুকুতাৰে সজা হৈছিল৷ নগৰৰ আলিবাট শুদ্ধ সোণৰ আৰু পৰিষ্কাৰ দৰ্পণৰ নিচিনা আছিল। |
22 |
তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ-পোৱালি জনে তাৰ মন্দিৰ। |
23 |
সেই নগৰত দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই; কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে, আৰু মেৰ-পোৱালি জন তাৰ প্ৰদীপ স্বৰূপ। |
24 |
জাতিবোৰে সেই দীপ্তিত অহা-যোৱা কৰিব; আৰু পৃথিৱীৰ ৰজা সকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনিব। |
25 |
তাৰ দ্ৱাৰবোৰ দিনত কেতিয়াও বন্ধ নহব; কিয়নো তাত ৰাতি নহব; |
26 |
তেওঁলোকে জাতি সকলৰ প্ৰতাপ আৰু মৰ্যদা তাৰ ভিতৰলৈ আনিব। |
27 |
আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷ |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
প্ৰকাশিত বাক্য 21:1 |
প্ৰকাশিত বাক্য 21:2 |
প্ৰকাশিত বাক্য 21:3 |
প্ৰকাশিত বাক্য 21:4 |
প্ৰকাশিত বাক্য 21:5 |
প্ৰকাশিত বাক্য 21:6 |
প্ৰকাশিত বাক্য 21:7 |
প্ৰকাশিত বাক্য 21:8 |
প্ৰকাশিত বাক্য 21:9 |
প্ৰকাশিত বাক্য 21:10 |
প্ৰকাশিত বাক্য 21:11 |
প্ৰকাশিত বাক্য 21:12 |
প্ৰকাশিত বাক্য 21:13 |
প্ৰকাশিত বাক্য 21:14 |
প্ৰকাশিত বাক্য 21:15 |
প্ৰকাশিত বাক্য 21:16 |
প্ৰকাশিত বাক্য 21:17 |
প্ৰকাশিত বাক্য 21:18 |
প্ৰকাশিত বাক্য 21:19 |
প্ৰকাশিত বাক্য 21:20 |
প্ৰকাশিত বাক্য 21:21 |
প্ৰকাশিত বাক্য 21:22 |
প্ৰকাশিত বাক্য 21:23 |
প্ৰকাশিত বাক্য 21:24 |
প্ৰকাশিত বাক্য 21:25 |
প্ৰকাশিত বাক্য 21:26 |
প্ৰকাশিত বাক্য 21:27 |
প্ৰকাশিত বাক্য 1 / প্ৰকবা 1 |
প্ৰকাশিত বাক্য 2 / প্ৰকবা 2 |
প্ৰকাশিত বাক্য 3 / প্ৰকবা 3 |
প্ৰকাশিত বাক্য 4 / প্ৰকবা 4 |
প্ৰকাশিত বাক্য 5 / প্ৰকবা 5 |
প্ৰকাশিত বাক্য 6 / প্ৰকবা 6 |
প্ৰকাশিত বাক্য 7 / প্ৰকবা 7 |
প্ৰকাশিত বাক্য 8 / প্ৰকবা 8 |
প্ৰকাশিত বাক্য 9 / প্ৰকবা 9 |
প্ৰকাশিত বাক্য 10 / প্ৰকবা 10 |
প্ৰকাশিত বাক্য 11 / প্ৰকবা 11 |
প্ৰকাশিত বাক্য 12 / প্ৰকবা 12 |
প্ৰকাশিত বাক্য 13 / প্ৰকবা 13 |
প্ৰকাশিত বাক্য 14 / প্ৰকবা 14 |
প্ৰকাশিত বাক্য 15 / প্ৰকবা 15 |
প্ৰকাশিত বাক্য 16 / প্ৰকবা 16 |
প্ৰকাশিত বাক্য 17 / প্ৰকবা 17 |
প্ৰকাশিত বাক্য 18 / প্ৰকবা 18 |
প্ৰকাশিত বাক্য 19 / প্ৰকবা 19 |
প্ৰকাশিত বাক্য 20 / প্ৰকবা 20 |
প্ৰকাশিত বাক্য 21 / প্ৰকবা 21 |
প্ৰকাশিত বাক্য 22 / প্ৰকবা 22 |
|
|
|
|
|