1 |
হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায় কৰিবলৈ ধাৰ্মিক যীচু খ্ৰীষ্ট আছে। |
2 |
তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা; কেৱল আমাৰেই নহয়, গোটেই জগতৰে, |
3 |
আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ। |
4 |
কোনোৱে যদি কয়, ‘মই ঈশ্বৰক জানো’, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন নকৰে; তেনেহলে তেওঁ এজন মিছলীয়া আৰু সেই সত্য তেওঁৰ অন্তৰত নাই৷ |
5 |
কিন্তু যি জনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপেই সিদ্ধ হ’ল। তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ। |
6 |
‘মই তেওঁত থাকোঁ’, এই বুলি যদি কোনোৱে কয়, তেনেহলে যীচুৱে যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত। |
7 |
হে প্ৰিয়সকল, মই আপোনালোকলৈ কোনো নতুন আজ্ঞা লিখা নাই, কিন্তু আদিৰে পৰা আপোনালোকে যি পাই আহিছে, এনে পুৰণি আজ্ঞাকে লিখিছোঁ; আপোনালোকে আগেয়ে যি বাক্য শুনিলে, সেয়ে এই পুৰণি আজ্ঞা। |
8 |
এতিয়া মই আপোনালোকলৈ এটা নতুন আজ্ঞা লিখিছোঁ, এই কথা খ্ৰীষ্টত আৰু অাপোনালোকতো সত্য হয়; কাৰণ আন্ধাৰ আতৰি যাব ধৰিছে আৰু সম্প্ৰতি প্ৰকৃত পোহৰ প্ৰকাশিত হৈছে৷ |
9 |
‘মই পোহৰতে আছোঁ’, এই বুলি যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে। |
10 |
যি কোনোৱে নিজ ভাইক প্ৰেম কৰে, তেওঁ পোহৰত থাকে আৰু তেওঁৰ অন্তৰত বিঘ্নজনক একো নাই। |
11 |
কিন্তু যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ আন্ধাৰত আছে আৰু আন্ধাৰত ফুৰে; ক’লৈ যায় সেই বিষয়ে তেওঁ নাজানে; কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে। |
12 |
হে প্রিয় সন্তানসকল, যীচু খ্ৰীষ্টৰ নামৰ গুণে অাপোনালোকৰ পাপ ক্ষমা কৰা হ’ল; এই কাৰণে মই আপোনালোকলৈ লিখিছোঁ৷ |
13 |
হে পিতৃসকল, মই আপোনালোকলৈ লিখিছোঁ, কাৰণ যিজন আৰম্ভণিৰে পৰা আছে, তেওঁক আপোনালোকে জানিলে; হে যুৱকসকল, মই তোমালোকলৈ লিখিছোঁ, কাৰণ তোমালোকে চয়তানক জয় কৰিলা৷ হে শিশুসকল, মই তোমালোকলৈ লিখিলোঁ, কাৰণ তোমালোকে পিতৃ ঈশ্বৰক জানিলা৷ |
14 |
হে পিতৃসকল, যিজন আদিৰে পৰা আছে, তেওঁক আপোনালোকে জানিছে; এই কাৰণে মই অাপোনালোকলৈ লিখিলোঁ। হে ডেকাসকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে চয়তানক জয় কৰিছা; এই কাৰণে মই তোমালোকলৈ লিখিলোঁ। |
15 |
আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃ ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই। |
16 |
কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। |
17 |
জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে। |
18 |
হে শিশুসকল, শেষ-কাল উপস্থিত হৈছে৷ আৰু খ্ৰীষ্টৰ শত্রু আহিব লাগিছে, এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টৰ শত্রু আহিল; ইয়াৰ দ্বাৰাই আমি জানো যে, শেষ-কাল উপস্থিত হৈছে। |
19 |
খ্ৰীষ্টৰ এই শত্রুবোৰ আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল। |
20 |
কিন্তু আপোনালাকে পবিত্ৰ জনৰ পৰা অভিষেক পাইছে, আৰু আপোনালোকে সত্যক জানে। |
21 |
অাপোনালোকে সত্যক নাজানে বুলি যে মই এইবোৰ আপোনালোকলৈ লিখিছোঁ, এনে নহয়; কিন্তু অাপোনালোকে সত্যক আৰু সত্যত যে কোনো মিছা নাই, এই বিষয়েও জানিছে কাৰণেহে মই লিখিলোঁ৷ |
22 |
যীচু সেই অভিষিক্ত জন বুলি যিজনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে প্ৰকৃত মিছলীয়া আন কোন আছে? সেই জনেই খ্ৰীষ্টৰ শত্রু; তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে। |
23 |
যিজনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁ পিতৃক পোৱা নাই; কিন্তু যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁ পিতৃক পালে। |
24 |
আপোনালোকে আদিৰে পৰা যি যি শুনিলে, সেয়ে আপোনালোকৰ অন্তৰত থাকক। আদিৰে পৰা শুনা সেই কথা আপোনালোকৰ অন্তৰত যদি থাকে, তেনেহলে আপোনালোকে পুত্ৰত আৰু পিতৃত থাকিব, |
25 |
আৰু এয়ে আমাৰ আগত কৰা তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰতিজ্ঞা; অনন্ত জীৱন। |
26 |
যি সকলে আপোনালোকক বিপথগামী কৰে, তেওঁলোকৰ প্ৰসংগতো মই আপোনালোকলৈ এইবোৰ কথা লিখিলোঁ। |
27 |
আৰু তেওঁৰ পৰা গ্ৰহণ কৰা অভিষেক আপোনালোকৰ অন্তৰত থকাত, আপোনালোকক আন কোনোবাই শিক্ষা দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে অাপোনালোকক শিক্ষা দি আছে আৰু সেই অভিষেক সত্য, মিছা নহয় আৰু আপোনালোকে সেই শিক্ষাৰে তেওঁতে থাকক৷ |
28 |
আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে তেওঁত থাকক; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হ’ম আৰু তেওঁৰ আগমণৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহ’ম৷ |
29 |
যদি আপোনালোকে জানিছে যে, তেওঁ ধাৰ্মিক; তেনেহলে ধাৰ্মিকতাপূৰ্ণ আচৰণ কৰা প্ৰতিজন যে, তেওঁৰ পৰা জন্ম পোৱা হয়, ইয়াকো আপোনালোকে জানিব৷ |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
১ যোহন 2:1 |
১ যোহন 2:2 |
১ যোহন 2:3 |
১ যোহন 2:4 |
১ যোহন 2:5 |
১ যোহন 2:6 |
১ যোহন 2:7 |
১ যোহন 2:8 |
১ যোহন 2:9 |
১ যোহন 2:10 |
১ যোহন 2:11 |
১ যোহন 2:12 |
১ যোহন 2:13 |
১ যোহন 2:14 |
১ যোহন 2:15 |
১ যোহন 2:16 |
১ যোহন 2:17 |
১ যোহন 2:18 |
১ যোহন 2:19 |
১ যোহন 2:20 |
১ যোহন 2:21 |
১ যোহন 2:22 |
১ যোহন 2:23 |
১ যোহন 2:24 |
১ যোহন 2:25 |
১ যোহন 2:26 |
১ যোহন 2:27 |
১ যোহন 2:28 |
১ যোহন 2:29 |
১ যোহন 1 / ১যো 1 |
১ যোহন 2 / ১যো 2 |
১ যোহন 3 / ১যো 3 |
১ যোহন 4 / ১যো 4 |
১ যোহন 5 / ১যো 5 |
|
|
|
|
|