1 |
যি আদিৰে পৰা আছিল, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্ৰসংগ আমি লিখিলোঁ, |
2 |
আৰু সেই জীৱন প্ৰকাশিত আছিল, আমি দেখিছিলোঁ, সাক্ষ্য বহন কৰিছিলোঁ আৰু আপোনালোকলৈ সেই অনন্ত জীৱন ঘোষণা কৰোঁ, যি অনন্ত জীৱন পিতৃৰ সৈতে আছিল আৰু আমাৰ আগত প্ৰকাশিত হ’ল; |
3 |
সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা। |
4 |
আৰু আপোনালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেই কাৰণে আমি এইবোৰ কথা লিখিছোঁ। |
5 |
আমি যি বাৰ্তা তেওঁৰ পৰা শুনি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, সেই বার্তাই হ’ল, ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ অকণ মানো নাই। |
6 |
সেয়েহে আমি যদি তেওঁৰে সৈতে সহভাগিতাত আছোঁ বুলি কওঁ আৰু আমি আন্ধাৰত চলোঁ, তেনেহলে আমি মিছলীয়া আৰু সত্যৰ আচৰণ আমাৰ নাই৷ |
7 |
কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। |
8 |
আমাৰ পাপ নাই বুলি যদি কওঁ, তেনেহলে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই। |
9 |
কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। |
10 |
আমি পাপ কৰা নাই বুলি যদি কওঁ, তেনেহলে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
১ যোহন 1:1 |
১ যোহন 1:2 |
১ যোহন 1:3 |
১ যোহন 1:4 |
১ যোহন 1:5 |
১ যোহন 1:6 |
১ যোহন 1:7 |
১ যোহন 1:8 |
১ যোহন 1:9 |
১ যোহন 1:10 |
১ যোহন 1 / ১যো 1 |
১ যোহন 2 / ১যো 2 |
১ যোহন 3 / ১যো 3 |
১ যোহন 4 / ১যো 4 |
১ যোহন 5 / ১যো 5 |
|
|
|
|
|