1 |
যিহোৱাৰ দাস মোচিৰ মৃত্যুৰ পাছত, যিহোৱাই মোচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহোচূৱাক ক’লে, |
2 |
“মোৰ দাস মোচিৰ মৃত্যু হ’ল; এতেকে তুমি এতিয়া উঠা আৰু এই লোকসকলৰ সৈতে, মই যি দেশ ইস্ৰায়েলৰ সন্তানসকলক দিছোঁ, সেই দেশলৈ যৰ্দ্দন নদী পাৰ হৈ যোৱা। |
3 |
যি যি ঠাইত তোমালোকে ভৰি দিবা, মই মোচিক কোৱাৰ দৰে সেইবোৰ ঠাই তোমালোকক দিলোঁ৷ |
4 |
সেই মৰুপ্ৰান্তৰ পৰা লিবানোন হৈ মহানদী ফৰাৎ নদীলৈকে, সূৰ্য অস্ত যোৱা ফালৰ পৰা মহা-সমুদ্ৰ লৈকে হিত্তীয়াসকলৰ গোটেই দেশ তোমালোকৰ অঞ্চল হ’ব। |
5 |
তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ। |
6 |
তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো এই লোকসকলক যি দেশ দিবলৈ মই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, তাক তুমিহে এই লোকসকলক অধিকাৰ প্ৰাপ্ত কৰাবা। |
7 |
মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা। |
8 |
এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা। |
9 |
মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।” |
10 |
তেতিয়া যিহোচূৱাই লোকসকলৰ বিষয়াসকলক আজ্ঞা দি ক’লে, |
11 |
“তোমালোকে চাউনিৰ মাজেদি গৈ লোকসকলক এই আজ্ঞা কৰা, ‘তোমালোক প্ৰত্যেকে নিজৰ কাৰণে বাটৰ সম্বল যুগুত কৰা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ বাবে তিনি দিনৰ ভিতৰত তোমালোকে সেই যৰ্দ্দন নদী পাৰ হৈ যাব লাগিব’।” |
12 |
তাৰ পাছত যিহোচূৱাই ৰূবেণীয়া আৰু গাদীয়াসকলক আৰু মনচিৰ ফৈদৰ আধাভাগ লোকক ক’লে, |
13 |
“যিহোৱাৰ দাস মোচিয়ে দিয়া আজ্ঞাত কোৱা বাক্য তোমালোকে সোঁৱৰা যে, ‘তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক জিৰণি ল’বলৈ তোমালোকক এই দেশ দিছে।’ |
14 |
মোচিয়ে তোমালোকক দিয়া দেশত তোমালোকৰ ল’ৰা, তিৰোতা আৰু তোমালোকৰ পশুবোৰ যৰ্দ্দনৰ পূব পাৰে থাকিব৷ কিন্তু তোমালোকৰ আটাই পৰাক্ৰমী বীৰপুৰুষসকলে সাজু হৈ তেওঁলোকৰ আগে আগে গৈ, |
15 |
যিহোৱাই তোমালোকক দিয়াৰ দৰে তোমালোকৰ ভাইসকলক জিৰণি নিদিয়া পৰ্য্যন্ত, তোমালোকৰ ভাইসকলক সাহাৰ্য আগবঢ়াব লাগিব; আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া দেশ, তেওঁলোকেও অধিকাৰ কৰিব৷ তেতিয়া যৰ্দ্দন নদীৰ পূব পাৰে সূৰ্যোদয় হোৱা যি দেশ যিহোৱাৰ দাস মোচিয়ে তোমালোকক দিলে, তোমালোকৰ আধিপত্যৰ দেশলৈ উভটি আহি তাক ভোগ কৰিবা৷” |
16 |
তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “আপুনি আমাক যি যি আজ্ঞা দিছে, আমি সেই আজ্ঞা পালন কৰিম আৰু আপুনি আমাক য’লৈকে পঠিয়ায়, তা’লৈকে আমি যাম৷ |
17 |
আমি সকলো বিষয়তে যেনেকৈ মোচিৰ আদেশ মানি চলিছিলোঁ, তেনেকৈ আপোনাৰো আদেশ মানি চলিম৷ কেৱল, মোচিৰ লগত থকাৰ দৰে, আপোনাৰ লগতো আপোনাৰ ঈশ্বৰ যিহোৱা থাকক৷ |
18 |
যদি কোনোৱে আপোনাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰে আৰু আপুনি দিয়া আজ্ঞাৰ কোনো কথা নুশুনে, তেনেহলে সেই জনৰ প্ৰাণদণ্ড হ’ব৷ কেৱল আপুনি বলৱান আৰু সাহিয়াল হওঁক।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোশুয়া 1:1 |
যোশুয়া 1:2 |
যোশুয়া 1:3 |
যোশুয়া 1:4 |
যোশুয়া 1:5 |
যোশুয়া 1:6 |
যোশুয়া 1:7 |
যোশুয়া 1:8 |
যোশুয়া 1:9 |
যোশুয়া 1:10 |
যোশুয়া 1:11 |
যোশুয়া 1:12 |
যোশুয়া 1:13 |
যোশুয়া 1:14 |
যোশুয়া 1:15 |
যোশুয়া 1:16 |
যোশুয়া 1:17 |
যোশুয়া 1:18 |
যোশুয়া 1 / যোশু 1 |
যোশুয়া 2 / যোশু 2 |
যোশুয়া 3 / যোশু 3 |
যোশুয়া 4 / যোশু 4 |
যোশুয়া 5 / যোশু 5 |
যোশুয়া 6 / যোশু 6 |
যোশুয়া 7 / যোশু 7 |
যোশুয়া 8 / যোশু 8 |
যোশুয়া 9 / যোশু 9 |
যোশুয়া 10 / যোশু 10 |
যোশুয়া 11 / যোশু 11 |
যোশুয়া 12 / যোশু 12 |
যোশুয়া 13 / যোশু 13 |
যোশুয়া 14 / যোশু 14 |
যোশুয়া 15 / যোশু 15 |
যোশুয়া 16 / যোশু 16 |
যোশুয়া 17 / যোশু 17 |
যোশুয়া 18 / যোশু 18 |
যোশুয়া 19 / যোশু 19 |
যোশুয়া 20 / যোশু 20 |
যোশুয়া 21 / যোশু 21 |
যোশুয়া 22 / যোশু 22 |
যোশুয়া 23 / যোশু 23 |
যোশুয়া 24 / যোশু 24 |
|
|
|
|
|