1 |
মই ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত, যি জন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকৰ্তা, তেওঁৰ আবির্ভাৱ আৰু ৰাজ্যৰ শপত দি, মই তোমাক এই দৃঢ় আজ্ঞা দিওঁ - |
2 |
তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা। |
3 |
কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব। |
4 |
তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব। |
5 |
কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা। |
6 |
কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে। |
7 |
মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ। |
8 |
মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব। |
9 |
মোৰ ওচৰলৈ সোনকালে আহিবলৈ তুমি যত্ন কৰা; |
10 |
কিয়নো দীমাই এই বর্তমান সংসাৰৰ প্ৰেমত পৰি, মোক ত্যাগ কৰি থিচলনীকীলৈ গ’ল; ক্ৰীষ্কেন্ত গালাতীয়ালৈ আৰু তীত দালমাতিয়ালৈ গ’ল। |
11 |
একমাত্ৰ লূকহে মোৰ লগত আছে। তুমি মাৰ্কক লগত লৈ আহিবা; কিয়নো পৰিচর্যা কর্মত তেওঁ মোৰ বাবে উপকাৰী। |
12 |
তুখিকক ইফিচলৈ পঠালোঁ। |
13 |
ত্রোৱা নগৰত মই যি বৰ চোলাটো কার্পৰ হাতত এৰি আহিলোঁ, তুমি আহোতে সেই চোলাটো আৰু পুস্তকবোৰ, বিশেষকৈ ছালত লেখা পুস্তক আৰু সামগ্ৰীবোৰ লৈ আহিবা। |
14 |
আলেকজেন্দাৰ কঁহাৰে মোৰ অপকাৰ কৰিলে; তেওঁৰ কর্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব। |
15 |
তেওঁলৈ তুমিও সাৱধান হবা; কিয়নো তেওঁ অতিশয়ৰূপে আমাৰ বাক্যৰ প্ৰতিৰোধ কৰিছিল। |
16 |
মই প্ৰথম বাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত, কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহল; সকলোৱে মোক ত্যাগ কৰিলে; এয়ে তেওঁলোকলৈ গনিত নহওক। |
17 |
কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহ ৰ মুখৰ পৰা উদ্ধাৰ পালোঁ। |
18 |
প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন। |
19 |
তুমি প্ৰিষ্কা, আক্কিলাক আৰু অনীচিমৰ ঘৰ লোক সকলক মঙ্গলবাদ দিবা। |
20 |
ইৰাস্তচ কৰিন্থত থাকিল, কিন্তু ত্ৰফিম নৰিয়া পৰাত মই তেওঁক মিলীতত থৈ আহিলোঁ। |
21 |
তুমি জাৰ-কালিৰ আগেয়ে আহিবলৈ যত্ন কৰিবা। উবুল, পূদেন্ত, লীন, ক্লৌদিয়া ভনী আৰু সকলো ভাইয়ে তোমাক মঙ্গলবাদ কৰিছে। |
22 |
প্ৰভু তোমাৰ আত্মাৰ লগত থাকক। তোমালোকৰ সৈতে তেওঁৰ অনুগ্ৰহ থাকক। আমেন৷
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
২ তীমথিয় 4:1 |
২ তীমথিয় 4:2 |
২ তীমথিয় 4:3 |
২ তীমথিয় 4:4 |
২ তীমথিয় 4:5 |
২ তীমথিয় 4:6 |
২ তীমথিয় 4:7 |
২ তীমথিয় 4:8 |
২ তীমথিয় 4:9 |
২ তীমথিয় 4:10 |
২ তীমথিয় 4:11 |
২ তীমথিয় 4:12 |
২ তীমথিয় 4:13 |
২ তীমথিয় 4:14 |
২ তীমথিয় 4:15 |
২ তীমথিয় 4:16 |
২ তীমথিয় 4:17 |
২ তীমথিয় 4:18 |
২ তীমথিয় 4:19 |
২ তীমথিয় 4:20 |
২ তীমথিয় 4:21 |
২ তীমথিয় 4:22 |
|
|
|
|
|
|
২ তীমথিয় 1 / ২তীম 1 |
২ তীমথিয় 2 / ২তীম 2 |
২ তীমথিয় 3 / ২তীম 3 |
২ তীমথিয় 4 / ২তীম 4 |