1 |
কোনোৱে যদি অধ্যক্ষ পদৰ বাবে আকাংক্ষা কৰে, তেনেহলে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাসযোগ্য। |
2 |
এতেকে অধ্যক্ষ নিৰ্দোষী, এজনী তিৰোতাৰ স্বামী, পৰিমিত ভোগী, বিবেচক, পৰিপাটি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুন |
3 |
আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷ |
4 |
সেই লোক জনে যেন নিজৰ ঘৰৰ লোক সকলক উত্তমৰূপে শাসন কৰে আৰু তেওঁৰ সন্তানবোৰে যেন সকলো সন্মানেৰে তেওঁক মানি চলে৷ |
5 |
কিয়নো এজন লোকে যদি নিজৰ ঘৰৰ লোক সকলকেই শাসন কৰিব নোৱাৰে তেনেহলে তেওঁ কেনেকৈ ঈশ্ৱৰৰ মণ্ডলীৰ তত্ত্ৱাৱধান কৰিব? |
6 |
তেওঁ নতুন শিষ্য হব নালাগে, কিয়নো তেওঁ যেন গর্ব-অহংকাৰত নপৰে আৰু চয়তানৰ দ্ৱাৰা যেন দণ্ড পোৱা নহয়৷ |
7 |
ইয়াৰ ওপৰিও তেওঁ বাহিৰত থকা লোক সকলৰ মাজত সুখ্যাতিযুক্ত হোৱা দৰকাৰ, যাতে তেওঁ নিন্দিত নহয় আৰু চয়তানৰ ফান্দত নপৰে; এই কাৰণে সুখ্যাতি থকা লোক হব লাগে৷ |
8 |
সেইদৰে পৰিচাৰক সকল ধীৰ, শ্ৰদ্ধাৰ যোগ্য হব লাগে; তেওঁলোক দুতলীয়া, কথকী, দ্ৰাক্ষাৰসত অতি আসক্ত থকা আৰু কুচ্ছিত লাভ বিচৰা লোক হব নালাগে৷ |
9 |
তেওঁলোকে সদায় নিৰ্মল বিবেকত বিশ্বাসৰ নিগূঢ়-তত্ত্ব সাঁচি ৰখা উচিত৷ |
10 |
প্ৰথমে তেওঁলোকে নিজকে পৰীক্ষা কৰক, পাছত নিৰ্দোষী হলেহে পৰিচাৰকৰ কাৰ্য কৰক। |
11 |
পৰিচাৰিকা মহিলা সকলো সন্মানৰ যোগ্য হব লাগে৷ তেওঁলোক যেন অপবাদ দিওতা নহয়, কিন্তু নিজক সংযম কৰি ৰখা, ধীৰ, আৰু সকলো বিষয়তে তেওঁলোক যেন বিশ্বাসযোগ্য হয়৷ |
12 |
পৰিচাৰক সকলে এগৰাকী মহিলাৰ স্বামী হৈ নিজ নিজ সন্তান আৰু নিজ ঘৰ খন উত্তমৰূপে শাসন কৰক। |
13 |
কিয়নো যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচাৰকৰ কাৰ্য কৰে, তেওঁলোকে নিজলৈ সুনাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীচুত তেওঁলোক বিশ্বাসত সাহসী হয়৷ |
14 |
মই তোমাৰ বাবে এইবোৰ কথা লিখিলোঁ আৰু সোনকালে মই তোমাৰ তালৈ যাবলৈ আশা কৰি আছোঁ৷ |
15 |
কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷ |
16 |
আৰু একেলগে আমি একমত হৈ কওঁ যে, “ভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত বিশ্বাস কৰা হ’ল, প্ৰতাপত তুলি নিয়া হ’ল।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
১ তীমথিয় 3:1 |
১ তীমথিয় 3:2 |
১ তীমথিয় 3:3 |
১ তীমথিয় 3:4 |
১ তীমথিয় 3:5 |
১ তীমথিয় 3:6 |
১ তীমথিয় 3:7 |
১ তীমথিয় 3:8 |
১ তীমথিয় 3:9 |
১ তীমথিয় 3:10 |
১ তীমথিয় 3:11 |
১ তীমথিয় 3:12 |
১ তীমথিয় 3:13 |
১ তীমথিয় 3:14 |
১ তীমথিয় 3:15 |
১ তীমথিয় 3:16 |
১ তীমথিয় 1 / ১তীম 1 |
১ তীমথিয় 2 / ১তীম 2 |
১ তীমথিয় 3 / ১তীম 3 |
১ তীমথিয় 4 / ১তীম 4 |
১ তীমথিয় 5 / ১তীম 5 |
১ তীমথিয় 6 / ১তীম 6 |
|
|
|
|
|