1 |
মোৰ প্ৰথম নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক৷ |
2 |
ইয়াৰ বাবে ৰজা আৰু অধিকাৰী সকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমি সকলো ঈশ্বৰভক্তই সততাত থাকি ক্ষান্ত আৰু শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ; |
3 |
এয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ দৃষ্টিত উত্তম আৰু গ্ৰহণীয়৷ |
4 |
তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। |
5 |
কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু; |
6 |
তেওঁ সকলো মানুহৰ কাৰণে মুক্তিৰ মূল্য হিচাবে নিজৰ জীৱন দান কৰিলে৷ যীচুৰ এই কাৰ্যই সঠিক সময়ত সকলোকে সাক্ষ্য দিলে৷ |
7 |
এই সাক্ষ্য দিবৰ কাৰণে মোক এজন ঘোষণাকাৰী আৰু পাঁচনি ৰূপে নিযুক্ত কৰিলে৷ মই বিশ্বাস আৰু সত্যত অনা-ইহুদী সকলৰ শিক্ষক হলোঁ৷ মই সঁচা কথা কওঁ; মই মিছা নকওঁ৷ |
8 |
মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷ |
9 |
সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়; |
10 |
কিন্তু ঈশ্বৰভক্তি স্বীকাৰ কৰা বিষয়ত হ’লে, সৎ কার্যৰ দ্ৱাৰাই ঈশ্ৱৰভক্তৰ পৰিচয় দিয়াই মহিলা সকলৰ উপযুক্ত ভূষণ হওক৷ |
11 |
মহিলা সকলে সম্পূৰ্ণ বাধ্যতা আৰু নীৰৱতাৰে বশৱৰ্ত্তী হৈ শিক্ষা গ্ৰহন কৰক। |
12 |
শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অধিকাৰ নিদিওঁ; কিন্তু শান্তভাবে থাকিবলৈহে কওঁ। |
13 |
কিয়নো প্ৰথমে আদমক পাছতহে হাৱাক নিৰ্ম্মাণ কৰা হৈছিল; |
14 |
আৰু আদমক ভুলুউৱা নহ’ল কিন্তু মহিলা গৰাকীক সম্পূর্ণভাৱে ভুলাই অপৰাধত পেলালে; |
15 |
তথাপি যদি সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকি তেওঁলোকে জীৱন-যাপন কৰে, তেনেহলে মহিলাই সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব৷ |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
১ তীমথিয় 2:1 |
১ তীমথিয় 2:2 |
১ তীমথিয় 2:3 |
১ তীমথিয় 2:4 |
১ তীমথিয় 2:5 |
১ তীমথিয় 2:6 |
১ তীমথিয় 2:7 |
১ তীমথিয় 2:8 |
১ তীমথিয় 2:9 |
১ তীমথিয় 2:10 |
১ তীমথিয় 2:11 |
১ তীমথিয় 2:12 |
১ তীমথিয় 2:13 |
১ তীমথিয় 2:14 |
১ তীমথিয় 2:15 |
১ তীমথিয় 1 / ১তীম 1 |
১ তীমথিয় 2 / ১তীম 2 |
১ তীমথিয় 3 / ১তীম 3 |
১ তীমথিয় 4 / ১তীম 4 |
১ তীমথিয় 5 / ১তীম 5 |
১ তীমথিয় 6 / ১তীম 6 |
|
|
|
|
|