1 |
আৰু সেয়ে, আমি খ্ৰীষ্টৰ সহকাৰী হৈ, এই মিনতিও কৰিছোঁ যে, আপোনালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহ’ব৷ |
2 |
কিয়নো তেওঁ কৈছে, “মই গ্ৰাহ্য-কালত তোমাৰ প্ৰাৰ্থনা শুনিলো; আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ।” চাওক, এতিয়া পৰমগ্ৰাহ্য কাল; এতিয়াই পৰিত্রাণৰ দিন৷ |
3 |
সেই পৰিচৰ্যা পদ যেন কলঙ্কিত নহয়, এই কাৰণে আমি কোনো কথাত বিঘিনি নজন্মাও। |
4 |
বৰং, আমি নিজক ঈশ্বৰৰ পৰিচাৰক হিচাপে, আমাৰ এই সকলো কৰ্মৰ দ্বাৰাই যোগ্য-পাত্ৰ দেখুৱাইছোঁ; সেয়েহে অনেক প্ৰকাৰ ধৈৰ্য, ক্লেশ, দুখ, সঙ্কট, |
5 |
কোব, বন্দীশালত থকা, হুৰামুৰা, পৰিশ্ৰম, পৰ দিয়া, লঘোন, |
6 |
শুদ্ধতা, জ্ঞান, চিৰসহিষ্ণুতা, মৰম, পবিত্ৰ আত্মাত, অকপট প্ৰেম অৰ্থাৎ স্নেহ; |
7 |
সত্যৰ বাক্যত, ঈশ্বৰৰ শক্তিত, সোঁ আৰু বাওঁফালে ধাৰ্মিকতাৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে, যোগ্য-পাত্ৰ দেখুৱাইছোঁ ৷ |
8 |
আমি মৰ্যদা আৰু অমৰ্য্যাদা, কু-যশ আৰু সু-যশ, প্ৰবঞ্চকৰ নিচিনা, কিন্তু সত্যবাদী; |
9 |
অবিদিতৰ নিচিনা, কিন্তু সুবিদিত; মৰো মৰো হোৱাৰ নিচিনা, কিন্তু চাওক জীয়াই আছোঁ; শাস্তি পোৱাৰ নিচিনা, কিন্তু হত হোৱা নাই৷ |
10 |
শোক কৰাৰ নিচিনা, কিন্তু সদায় আনন্দিত; দৰিদ্ৰৰ নিচিনা, কিন্তু অনেকক ধনৱন্ত কৰোঁতা; একো নথকাৰ নিচিনা, কিন্তু আমাৰ সকলো আছে। |
11 |
কৰিন্থীয়া সকল, আমি আপোনালোকৰ বাবে, আমাৰ সকলো সত্যতাৰ বিষয়ে ক’লো আৰু আমাৰ হৃদয়ো বহল। |
12 |
আপোনালোকৰ হৃদয় আমাৰ জীৱনত সঙ্কুচিত হোৱা নাই, কিন্তু নিজ নিজ অন্তৰতহে সঙ্কুচিত হৈ আছে৷ |
13 |
কিন্তু একে প্ৰকাৰৰ প্ৰতিদান কৰিবলৈ, সান্ত্বনাত থকা সকলক কোৱাৰ দৰে কৈছোঁ, আপোনালোকৰ হৃদয় বহলভাৱে মুকলি কৰক। |
14 |
অবিশ্বাসী সকলৰ সৈতে আপোনালোক অসমানভাবে সংযুক্ত নহব; কিয়নো ধাৰ্মিকতা আৰু অধৰ্মৰ মাজত পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সহভাগিতা? |
15 |
বেলিয়ালে সৈতে খ্ৰীষ্টৰ কি মিলন? অবিশ্বাসী জনৰ লগত বিশ্বাস কৰা জনৰ কি সম্পৰ্ক? |
16 |
আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি বিধান আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।” |
17 |
এতেকে, প্ৰভুৱে কৈছে, “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহা আৰু পৃথক হোৱা, আৰু কোনো অশুচি বস্তুক নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম, |
18 |
আৰু তোমালোকৰ পিতৃ হ’ম আৰু তোমালোকো মোৰ পো-জী হ’বা, ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে”। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
২ কৰিন্থীয়া 6:1 |
২ কৰিন্থীয়া 6:2 |
২ কৰিন্থীয়া 6:3 |
২ কৰিন্থীয়া 6:4 |
২ কৰিন্থীয়া 6:5 |
২ কৰিন্থীয়া 6:6 |
২ কৰিন্থীয়া 6:7 |
২ কৰিন্থীয়া 6:8 |
২ কৰিন্থীয়া 6:9 |
২ কৰিন্থীয়া 6:10 |
২ কৰিন্থীয়া 6:11 |
২ কৰিন্থীয়া 6:12 |
২ কৰিন্থীয়া 6:13 |
২ কৰিন্থীয়া 6:14 |
২ কৰিন্থীয়া 6:15 |
২ কৰিন্থীয়া 6:16 |
২ কৰিন্থীয়া 6:17 |
২ কৰিন্থীয়া 6:18 |
২ কৰিন্থীয়া 1 / ২কৰি 1 |
২ কৰিন্থীয়া 2 / ২কৰি 2 |
২ কৰিন্থীয়া 3 / ২কৰি 3 |
২ কৰিন্থীয়া 4 / ২কৰি 4 |
২ কৰিন্থীয়া 5 / ২কৰি 5 |
২ কৰিন্থীয়া 6 / ২কৰি 6 |
২ কৰিন্থীয়া 7 / ২কৰি 7 |
২ কৰিন্থীয়া 8 / ২কৰি 8 |
২ কৰিন্থীয়া 9 / ২কৰি 9 |
২ কৰিন্থীয়া 10 / ২কৰি 10 |
২ কৰিন্থীয়া 11 / ২কৰি 11 |
২ কৰিন্থীয়া 12 / ২কৰি 12 |
২ কৰিন্থীয়া 13 / ২কৰি 13 |
|
|
|
|
|