1 |
এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত, আৰু একেদৰে দয়া লাভ কৰাত, কেতিয়াও আমি নিৰুৎসাহ নহওঁ; |
2 |
কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ। |
3 |
কিন্তু আমাৰ শুভবাৰ্তা যদি ঢকা হয়, তেনেহলে বিনাশৰ পাত্ৰ সকললৈহে ঢকা হয়; |
4 |
ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে। |
5 |
কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্রচাৰ কৰোঁ। |
6 |
যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে। |
7 |
শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে; |
8 |
আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ; |
9 |
তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ; |
10 |
আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ, যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হয়। |
11 |
কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হ’বলৈ, আমি যীচুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছোঁ। |
12 |
এইদৰে মৃত্যুৱে আমাৰ জীৱনত, কিন্তু জীৱনে আপোনালোকত নিজ কাৰ্য সাধন কৰিছে। |
13 |
কিন্তু যেনেকৈ লিখা আছে, বোলে “মই বিশ্বাস কৰিলোঁ, এই হেতুকে কথা ক’লোঁ”; তেনেকৈ আমিও সেই একেই বিশ্বাসজনক আত্মা পোৱাত, বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ৷ |
14 |
কাৰণ যি জনে প্ৰভু যীচুক তুলিলে তেৱেঁই যে যীচুৰ লগত আমাকো তুলিব আৰু তেওঁলোকে সৈতে আমাকো উপস্থিত কৰিব, সেই বিষয়ে আমি জানো। |
15 |
কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে। |
16 |
এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে। |
17 |
আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়। |
18 |
এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
২ কৰিন্থীয়া 4:1 |
২ কৰিন্থীয়া 4:2 |
২ কৰিন্থীয়া 4:3 |
২ কৰিন্থীয়া 4:4 |
২ কৰিন্থীয়া 4:5 |
২ কৰিন্থীয়া 4:6 |
২ কৰিন্থীয়া 4:7 |
২ কৰিন্থীয়া 4:8 |
২ কৰিন্থীয়া 4:9 |
২ কৰিন্থীয়া 4:10 |
২ কৰিন্থীয়া 4:11 |
২ কৰিন্থীয়া 4:12 |
২ কৰিন্থীয়া 4:13 |
২ কৰিন্থীয়া 4:14 |
২ কৰিন্থীয়া 4:15 |
২ কৰিন্থীয়া 4:16 |
২ কৰিন্থীয়া 4:17 |
২ কৰিন্থীয়া 4:18 |
২ কৰিন্থীয়া 1 / ২কৰি 1 |
২ কৰিন্থীয়া 2 / ২কৰি 2 |
২ কৰিন্থীয়া 3 / ২কৰি 3 |
২ কৰিন্থীয়া 4 / ২কৰি 4 |
২ কৰিন্থীয়া 5 / ২কৰি 5 |
২ কৰিন্থীয়া 6 / ২কৰি 6 |
২ কৰিন্থীয়া 7 / ২কৰি 7 |
২ কৰিন্থীয়া 8 / ২কৰি 8 |
২ কৰিন্থীয়া 9 / ২কৰি 9 |
২ কৰিন্থীয়া 10 / ২কৰি 10 |
২ কৰিন্থীয়া 11 / ২কৰি 11 |
২ কৰিন্থীয়া 12 / ২কৰি 12 |
২ কৰিন্থীয়া 13 / ২কৰি 13 |
|
|
|
|
|