1 |
প্রিয় ভাই আৰু ভনী সকল, মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক ক’ব পৰা নাই, বৰং খ্রীষ্টত আপোনালোক শিশু হোৱাত, আপোনালোকৰ ওচৰত মাংসিক লোকক কোৱাৰ দৰে ক’লো। |
2 |
মই আপোনালোকক টান আহাৰ নুখুৱাই, গাখীৰ খুৱাইছিলোঁ; কিয়নো তেতিয়া আপোনালোকে খাব নোৱাৰিছিল; এনে কি, এতিয়াও নোৱাৰে; |
3 |
কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে। কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয়? মানুহৰ দৰেই আচাৰ-ব্যৱহাৰ নকৰে নে? |
4 |
কিয়নো কোনোৱে “মই পৌলৰ লোক” আৰু আন কোনোৱে “মই আপল্লোৰ লোক” বুলি কোৱাত আপোনালোকে জানো জাগতিক মানুহৰ দৰেই ব্যৱহাৰ কৰা নাই? |
5 |
তেনেহলে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে; |
6 |
মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে। |
7 |
এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতা জনো একো নহয়; কিন্তু ঈশ্বৰ, যি জনে বৃদ্ধি কৰে, তেৱেঁই সকলো। |
8 |
যি জনে ৰুৱে আৰু যি জনে পানী দিয়ে, দুয়ো এক। তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব। |
9 |
কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী। আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ, ঈশ্বৰে সজা গৃহস্বৰূপ। |
10 |
ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়। |
11 |
কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল। |
12 |
এই ভিত্তিমূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যবান ৰত্ন, কাঠ, খেৰ বা নৰাৰে যদি কোনোৱে সাজে, |
13 |
তেনেহলে তেওঁৰ কর্ম প্রকাশিত হ’ব; কিয়নো সেই দিনৰ পোহৰে তাক প্রকাশ কৰিব। কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ’ব; তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব। |
14 |
তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয়, তেনেহলে তেওঁ পুৰস্কাৰ পাব। |
15 |
আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে, তেনেহলে তেওঁৰ হানি হ’ব; অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব, যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব। |
16 |
আপোনালোক যে ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে, ইয়াক আপোনালোকে নাজানে নে? |
17 |
কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেনেহলে ঈশ্বৰে তেওঁকো নষ্ট কৰিব; কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে পবিত্র। |
18 |
কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহলে তেওঁ জ্ঞানী হ’বলৈ মূৰ্খ হওক। |
19 |
কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে, ‘তেওঁ জ্ঞানী সকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে’। |
20 |
পুনৰায়, “জ্ঞানী সকলৰ তৰ্ক-বিতৰ্ক অসাৰ বুলি প্ৰভুৱে জানে।” |
21 |
এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো আপোনালোকৰেই; |
22 |
পৌল, আপল্লো বা কৈফাই হওক নাইবা এই জগত, জীৱন বা মৃত্যুয়েই হওক, বৰ্তমান বা ভবিষ্যতৰ সকলো বিষয়, এই সকলো আপোনালোকৰ; |
23 |
আপোনালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ।
|
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
|
|
|
|
|
|
|
|
|
|
১ কৰিন্থীয়া 3:1 |
১ কৰিন্থীয়া 3:2 |
১ কৰিন্থীয়া 3:3 |
১ কৰিন্থীয়া 3:4 |
১ কৰিন্থীয়া 3:5 |
১ কৰিন্থীয়া 3:6 |
১ কৰিন্থীয়া 3:7 |
১ কৰিন্থীয়া 3:8 |
১ কৰিন্থীয়া 3:9 |
১ কৰিন্থীয়া 3:10 |
১ কৰিন্থীয়া 3:11 |
১ কৰিন্থীয়া 3:12 |
১ কৰিন্থীয়া 3:13 |
১ কৰিন্থীয়া 3:14 |
১ কৰিন্থীয়া 3:15 |
১ কৰিন্থীয়া 3:16 |
১ কৰিন্থীয়া 3:17 |
১ কৰিন্থীয়া 3:18 |
১ কৰিন্থীয়া 3:19 |
১ কৰিন্থীয়া 3:20 |
১ কৰিন্থীয়া 3:21 |
১ কৰিন্থীয়া 3:22 |
১ কৰিন্থীয়া 3:23 |
|
|
|
|
|
|
১ কৰিন্থীয়া 1 / ১কৰি 1 |
১ কৰিন্থীয়া 2 / ১কৰি 2 |
১ কৰিন্থীয়া 3 / ১কৰি 3 |
১ কৰিন্থীয়া 4 / ১কৰি 4 |
১ কৰিন্থীয়া 5 / ১কৰি 5 |
১ কৰিন্থীয়া 6 / ১কৰি 6 |
১ কৰিন্থীয়া 7 / ১কৰি 7 |
১ কৰিন্থীয়া 8 / ১কৰি 8 |
১ কৰিন্থীয়া 9 / ১কৰি 9 |
১ কৰিন্থীয়া 10 / ১কৰি 10 |
১ কৰিন্থীয়া 11 / ১কৰি 11 |
১ কৰিন্থীয়া 12 / ১কৰি 12 |
১ কৰিন্থীয়া 13 / ১কৰি 13 |
১ কৰিন্থীয়া 14 / ১কৰি 14 |
১ কৰিন্থীয়া 15 / ১কৰি 15 |
১ কৰিন্থীয়া 16 / ১কৰি 16 |