A A A A A
×

ইণ্ডিয়ান ৰিভাইচ ভাৰচন

১ কৰিন্থীয়া 13

1
যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।
2
মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।
3
আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।
4
প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,
5
ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷
6
ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,
7
প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
8
প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব।
9
কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ;
10
কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব।
11
যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ।
12
কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।
13
কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
১ কৰিন্থীয়া 13:1
১ কৰিন্থীয়া 13:2
১ কৰিন্থীয়া 13:3
১ কৰিন্থীয়া 13:4
১ কৰিন্থীয়া 13:5
১ কৰিন্থীয়া 13:6
১ কৰিন্থীয়া 13:7
১ কৰিন্থীয়া 13:8
১ কৰিন্থীয়া 13:9
১ কৰিন্থীয়া 13:10
১ কৰিন্থীয়া 13:11
১ কৰিন্থীয়া 13:12
১ কৰিন্থীয়া 13:13
১ কৰিন্থীয়া 1 / ১কৰি 1
১ কৰিন্থীয়া 2 / ১কৰি 2
১ কৰিন্থীয়া 3 / ১কৰি 3
১ কৰিন্থীয়া 4 / ১কৰি 4
১ কৰিন্থীয়া 5 / ১কৰি 5
১ কৰিন্থীয়া 6 / ১কৰি 6
১ কৰিন্থীয়া 7 / ১কৰি 7
১ কৰিন্থীয়া 8 / ১কৰি 8
১ কৰিন্থীয়া 9 / ১কৰি 9
১ কৰিন্থীয়া 10 / ১কৰি 10
১ কৰিন্থীয়া 11 / ১কৰি 11
১ কৰিন্থীয়া 12 / ১কৰি 12
১ কৰিন্থীয়া 13 / ১কৰি 13
১ কৰিন্থীয়া 14 / ১কৰি 14
১ কৰিন্থীয়া 15 / ১কৰি 15
১ কৰিন্থীয়া 16 / ১কৰি 16