1 |
হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে। |
2 |
আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয়, ইয়াক আমি জানো। |
3 |
কিন্তু বিবেচনা কৰকচোন, আপোনালোক যি সকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে, তাতে নিজেও একে কৰ্ম কৰি, ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছে নে? |
4 |
নে আপুনি তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে? |
5 |
কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে, ন্যায়ৱান ঈশ্বৰৰ সোধ-বিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে। |
6 |
তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব; |
7 |
যি সকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷ |
8 |
কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব; |
9 |
তাতে সকলো মানুহৰ প্ৰাণৰ, প্ৰথমতে ইহুদী, পাছত গ্ৰীকলোকৰো, তেনে কুকৰ্ম সাধন কৰা সকলোৰে, ক্লেশ আৰু সঙ্কট ঘটিব৷ |
10 |
কিন্তু প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ সৎকৰ্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যদা, আৰু শান্তি হ’ব; |
11 |
কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷ |
12 |
সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হ’ব আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধ-বিচাৰ হ’ব। |
13 |
কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয়, কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হ’ব; |
14 |
কাৰণ যেতিয়া বিধানহীন অনা-ইহুদী সকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধানহীন সকলৰ বিধান তেওঁলোকেই হয়। |
15 |
এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে, |
16 |
আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, সেইদিনা এনে ঘটিব৷ |
17 |
আপুনি যদি নিজকে ইহুদী বুলি কয়, তেনেহলে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰক, |
18 |
আৰু বিধানৰ পৰা শিক্ষা পোৱাত, তেওঁৰ ইচ্ছা জানক আৰু সেই বিষয়ে পৃথক হ’লে সেইবোৰক পৰীক্ষা কৰক; |
19 |
নিজকে অন্ধ সকলৰ পথদৰ্শক বুলি বিশ্ৱাস কৰি আন্ধাৰত থকা সকললৈ পোহৰ হওক, |
20 |
অজ্ঞানক জ্ঞান দিওঁতা, শিশু সকলৰ গুৰু আৰু বিধানত থকা সকলো জ্ঞান আৰু সত্যতাৰ বিষয়ে আপুনি জানক৷ |
21 |
তেনেহলে হে লোকক শিক্ষা দিওঁতা, অাপুনি নিজকে শিক্ষা নিদিয়ে নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, আপুনি চুৰ নকৰে নে? |
22 |
হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, আপুনি ব্যভিচাৰ নকৰে নে? হে মূৰ্তিপূজাবোৰক ঘিণ কৰা জন, মন্দিৰবোৰৰ পৰা আপুনি লুট নকৰে নে? |
23 |
হে বিধানত গৌৰৱ কৰা জন, আপুনি বিধান উলঙ্ঘন কৰি ঈশ্বৰৰ অসন্মান নকৰে নে? |
24 |
কিয়নো “ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-ইহুদী সকলৰ মাজত নিন্দিত হৈছে,” ঠিক এনেদৰে লিখাও আছে৷ |
25 |
কাৰণ আপুনি যদি বিধান পালন কৰে, তেনেহলে প্ৰকৃততে আপোনাৰ চুন্নতৰ লাভ হয়; কিন্তু আপুনি যদি বিধান-উলঙ্ঘনকাৰী হয়, তেনেহলে আপুনি চুন্নৎ নোহোৱাৰ সমান হ’ল। |
26 |
এতেকে চুন্নৎ নোহোৱা জনে যদি বিধানৰ বিধিবোৰ পালন কৰে, তেনেহলে অচুন্নৎ জনো চুন্নৎ বুলি গণিত নহ’ব নে? |
27 |
আৰু বিধান পালনকাৰী স্বাভাৱিক অচুন্নৎ জনে, চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি আপুনি, অাপোনাৰ সোধ-বিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে? |
28 |
কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হলেই প্ৰকৃত ইহুদী হব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ সেই জনো চুন্নৎ নহয়; |
29 |
কিন্তু যি জন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়। |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
ৰোমীয়া 2:1 |
ৰোমীয়া 2:2 |
ৰোমীয়া 2:3 |
ৰোমীয়া 2:4 |
ৰোমীয়া 2:5 |
ৰোমীয়া 2:6 |
ৰোমীয়া 2:7 |
ৰোমীয়া 2:8 |
ৰোমীয়া 2:9 |
ৰোমীয়া 2:10 |
ৰোমীয়া 2:11 |
ৰোমীয়া 2:12 |
ৰোমীয়া 2:13 |
ৰোমীয়া 2:14 |
ৰোমীয়া 2:15 |
ৰোমীয়া 2:16 |
ৰোমীয়া 2:17 |
ৰোমীয়া 2:18 |
ৰোমীয়া 2:19 |
ৰোমীয়া 2:20 |
ৰোমীয়া 2:21 |
ৰোমীয়া 2:22 |
ৰোমীয়া 2:23 |
ৰোমীয়া 2:24 |
ৰোমীয়া 2:25 |
ৰোমীয়া 2:26 |
ৰোমীয়া 2:27 |
ৰোমীয়া 2:28 |
ৰোমীয়া 2:29 |
ৰোমীয়া 1 / ৰোমী 1 |
ৰোমীয়া 2 / ৰোমী 2 |
ৰোমীয়া 3 / ৰোমী 3 |
ৰোমীয়া 4 / ৰোমী 4 |
ৰোমীয়া 5 / ৰোমী 5 |
ৰোমীয়া 6 / ৰোমী 6 |
ৰোমীয়া 7 / ৰোমী 7 |
ৰোমীয়া 8 / ৰোমী 8 |
ৰোমীয়া 9 / ৰোমী 9 |
ৰোমীয়া 10 / ৰোমী 10 |
ৰোমীয়া 11 / ৰোমী 11 |
ৰোমীয়া 12 / ৰোমী 12 |
ৰোমীয়া 13 / ৰোমী 13 |
ৰোমীয়া 14 / ৰোমী 14 |
ৰোমীয়া 15 / ৰোমী 15 |
ৰোমীয়া 16 / ৰোমী 16 |
|
|
|
|
|