1 |
“ময়েই প্ৰকৃত দ্ৰাক্ষালতা; মোৰ পিতৃ খেতিয়ক |
2 |
গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰ ডালত পুনৰ অধিক গুটি ধৰিবলৈ তেওঁ পৰিষ্কাৰ কৰি দিয়ে। |
3 |
মই তোমালোকক কোৱা শিক্ষাৰ যোগেদি তোমালোক এতিয়া পৰিষ্কৃত হৈছা। |
4 |
তোমালোক মোত সংযুক্ত হৈ থাকা, ময়ো তোমালোকৰ সৈতে সংযুক্ত হৈ থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে, ডালত যেনেকৈ গুটি ধৰিব নোৱাৰে, তেনেকৈ মোৰ লগত নাথাকিলে, তোমালোকে ফলবন্ত হব নোৱাৰিবা। |
5 |
ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকোঁ, সেই জন বহু ফলৱান হয়; কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। |
6 |
কোনোৱে যদি মোৰ লগত নাথাকে, তেনেহ’লে তেওঁক শুকান ডালৰ দৰে বাহিৰলৈ পেলোৱাত, সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে সেইবোৰ পোৰা যায়। |
7 |
তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেনেহ’লে যি ইচ্ছা কৰা, তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হব। |
8 |
ইয়াতে মোৰ পিতৃ মহিমান্বিত হয়, তোমালোকে অধিক ফল ধৰি নিজকে প্ৰমাণ কৰা যে, তোমালোক মোৰ প্ৰকৃত শিষ্য। |
9 |
পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, ময়ো তোমালোকক তেনেকৈ প্ৰেম কৰিলোঁ; তোমালোকে মোৰ প্ৰেমতে থাকা। |
10 |
যদি মোৰ আজ্ঞা পালন কৰা, তেনেহলে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি, তেওঁৰ প্ৰেমত থাকোঁ; তোমালোকো তেনেকৈ তেওঁৰ প্ৰেমতে থাকিবা। |
11 |
মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে তোমালোকক এইবোৰ কথা মই ক’লোঁ। |
12 |
এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা। |
13 |
বন্ধুৰ বাবে নিজৰ প্ৰাণ দিয়াৰ দৰে শ্ৰেষ্ঠ প্ৰেম আন ক’তো নাই। |
14 |
তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেনেহলে তোমালোক মোৰ বন্ধু। |
15 |
এতিয়াৰ পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ; সেই বিষয়বোৰ তোমালোকক জনালোঁ। |
16 |
তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ। |
17 |
মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ, তোমালোকে পৰস্পৰে ইজনে সিজনক প্ৰেম কৰিবা। |
18 |
জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহলে জানিব লাগে যে তোমালোকক ঘৃণা কৰাৰ পূর্বে মোকেই ঘৃণা কৰিলে। |
19 |
তোমালোক জগতৰ হোৱা হ’লে, জগতে তোমালোকক নিজৰ লোকৰ দৰে প্ৰেম কৰিলেহেঁতেন; কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘৃণা কৰে। |
20 |
মই তোমালোকক যি শিক্ষা দিলোঁ সেই বিষয়ে সোঁৱৰণ কৰা, ‘এজন দাস তেওঁৰ গৰাকীতকৈ ডাঙৰ নহয়৷’ তেওঁলোকে যদি মোক তাড়না কৰিলে, তেনেহলে তোমালোককো তাড়না কৰিব; মোৰ বাক্য যদি পালন কৰে, তেনেহলে তোমালোকৰ বাক্যও পালন কৰিব। |
21 |
কিন্তু যি জনে মোক পঠিয়ালে, তেওঁক তেওঁলোকে নজনাৰ কাৰণে, মোৰ নামৰ কাৰণে তোমালোকক এইদৰে কৰিব। |
22 |
মই আহি তেওঁলোকক কথা নোকোৱা হ’লে, তেওঁলোকৰ পাপ নহ’লহেঁতেন; কিন্তু এতিয়া পাপৰ বিষয়ে আপত্তি দৰ্শাবলৈ তেওঁলোকৰ কোনো উপায় নাই। |
23 |
যি জনে মোক ঘৃণা, সেই জনে মোৰ পিতৃকো ঘৃণা কৰে। |
24 |
যি কর্ম আন কোনোৱে কেতিয়াও কৰা নাই, মই তেওঁলোকৰ মাজত তেনে কৰ্ম নকৰা হ’লে, তেওঁলোকৰ পাপ নহলহেঁতেন; কিন্তু এতিয়া মোক আৰু মোৰ পিতৃৰ কর্মবোৰক তেওঁলোকে দেখিলে, তথাপি তেওঁলোকে আমাক ঘৃণা কৰিলে। |
25 |
বিধান-শাস্ত্ৰৰ এই বাক্য পূর্ণ হবলৈ, এই সকলো ঘটিল; যেনেদৰে তেওঁলোকৰ শাস্ত্রত লিখা আছে, ‘কোনো কাৰণ নোহোৱাতো তেওঁলোকে মোক ঘৃণা কৰিলে’। |
26 |
কিন্তু পিতৃৰ পৰা ওলোৱা সেই সহায়কর্তা আহিব, সেই অগ্রসৰ হোৱা সত্যৰ আত্মাক মই যেতিয়া তোমালোকলৈ পঠাম, তেতিয়া তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব। |
27 |
তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে, তোমালোকেও সাক্ষ্য দিবা।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
যোহন 15:1 |
যোহন 15:2 |
যোহন 15:3 |
যোহন 15:4 |
যোহন 15:5 |
যোহন 15:6 |
যোহন 15:7 |
যোহন 15:8 |
যোহন 15:9 |
যোহন 15:10 |
যোহন 15:11 |
যোহন 15:12 |
যোহন 15:13 |
যোহন 15:14 |
যোহন 15:15 |
যোহন 15:16 |
যোহন 15:17 |
যোহন 15:18 |
যোহন 15:19 |
যোহন 15:20 |
যোহন 15:21 |
যোহন 15:22 |
যোহন 15:23 |
যোহন 15:24 |
যোহন 15:25 |
যোহন 15:26 |
যোহন 15:27 |
যোহন 1 / যোহ 1 |
যোহন 2 / যোহ 2 |
যোহন 3 / যোহ 3 |
যোহন 4 / যোহ 4 |
যোহন 5 / যোহ 5 |
যোহন 6 / যোহ 6 |
যোহন 7 / যোহ 7 |
যোহন 8 / যোহ 8 |
যোহন 9 / যোহ 9 |
যোহন 10 / যোহ 10 |
যোহন 11 / যোহ 11 |
যোহন 12 / যোহ 12 |
যোহন 13 / যোহ 13 |
যোহন 14 / যোহ 14 |
যোহন 15 / যোহ 15 |
যোহন 16 / যোহ 16 |
যোহন 17 / যোহ 17 |
যোহন 18 / যোহ 18 |
যোহন 19 / যোহ 19 |
যোহন 20 / যোহ 20 |
যোহন 21 / যোহ 21 |
|
|
|
|
|