1 |
সেই সময় খমিৰ নোহোৱা পর্বৰ ওচৰ হোৱাত, এই পর্বক নিস্তাৰ-পৰ্ব বোলা হয়, |
2 |
তেতিয়া প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক বধ কৰিব পাৰে, তাৰে উপায় বিচাৰিলে; কিয়নো তেওঁলোকে লোক সকলক ভয় কৰিছিল। |
3 |
তেতিয়া বাৰ জন পাঁচনিৰ মাজৰ যিহূদা, যাৰ উপনাম ঈষ্কৰিয়োতীয়া, তেওঁৰ ভিতৰত চয়তান সোমাল। |
4 |
তাতে তেওঁ গৈ, কেনেকৈ যীচুক তেওঁলোকৰ হাতত শোধাই দিব পাৰে, সেই বিষয়ে প্ৰধান পুৰোহিত আৰু সেনাপতি সকলৰ সৈতে কথা-বাৰ্ত্তা হ’ল। |
5 |
তেতিয়া তেওঁলোকে আনন্দিত হ’ল আৰু তেওঁক ধন দিবলৈ সন্মত হ’ল। |
6 |
তাতে তেওঁ মান্তি হ’ল আৰু লোক সকল নথকা সময়ত, তেওঁলোকৰ হাতত তেওঁক শোধাই দিবলৈ সুযোগ বিচাৰিলে। |
7 |
খমিৰ নোহোৱা পিঠাৰ দিন, যিদিনা নিস্তাৰপৰ্বৰ মেৰ বলি দিব লাগে, সেইদিন উপস্থিত হোৱাত, |
8 |
যীচুৱে পিতৰ আৰু যোহনক পঠিয়াই দি ক’লে, “তোমালোক যোৱা, আমি ভোজন কৰিবলৈ নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰাগৈ।” |
9 |
তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি ক’ত যুগুত কৰাতো আপুনি ইচ্ছা কৰে?” |
10 |
তেওঁ তেওঁলোকক ক’লে, “চোৱা, তোমালোকে নগৰৰ ভিতৰত সোমালেই, পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব৷ তেওঁ যি ঘৰত সোমায়, তোমালোকে তেওঁৰ পাছে পাছে গৈ সেই ঘৰত সোমাবা৷ |
11 |
তেতিয়া ঘৰৰ গৰাকীক ক’বা, ‘গুৰুৱে তোমাক কবলৈ কৈছে, বোলে মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠালি ক’ত আছে’? |
12 |
তাতে সেই মানুহে সজোৱা ওপৰ-মহলৰ এটা ডাঙৰ কোঁঠালি তোমালোকক দেখুৱাই দিব৷ তাতে তোমালোকে যুগুত কৰিবা।” |
13 |
তেতিয়া তেওঁলোক গ’ল আৰু তেওঁ কোৱাৰ দৰে তাত সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে। |
14 |
সময় হোৱাত, তেওঁ পাঁচনি সকলৰ সৈতে ভোজনত বহিল। |
15 |
তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ দুখভোগৰ আগেয়ে তোমালোকে সৈতে এই নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলোঁ। |
16 |
কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্যত এয়ে সিদ্ধ নোহোৱালৈকে, মই এই ভোজ পুনৰ নাখাওঁ।” |
17 |
পাছত যীচুৱে পান-পাত্ৰ লৈ স্তুতি কৰি ক’লে, “এইটো লোৱা আৰু তোমালোকৰ মাজত ভগাই লোৱা; |
18 |
কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য আহি নোপোৱালৈকে মই এতিয়াৰ পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ।” |
19 |
তাৰ পাছত পিঠা লৈ তেওঁ স্তুতি কৰিলে আৰু ভাঙি তেওঁলোকক দি ক’লে, “এয়ে তোমালোকৰ কাৰণে দান কৰা মোৰ শৰীৰ; মোক সুৱঁৰিবলৈ ইয়াকে কৰিবা।” |
20 |
পিঠা ভোজন কৰাৰ পাছত, সেইদৰে পান-পাত্ৰকো লৈ ক’লে, “তোমালোকৰ কাৰণে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, সেয়ে এই৷ |
21 |
কিন্তু চোৱা, মোক শত্ৰুৰ হাতত শোধাই দিওঁতা জন মোৰে সৈতে মেজতে আছে। |
22 |
কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল, তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ’ব হয়, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হব, তেওঁ সন্তাপৰ পাত্ৰ!” |
23 |
তাতে তেওঁলোকৰ মাজৰ কোনে এই কৰ্ম কৰিব, সেই বিষয়ে ইজনে সিজনে সোধা-সুধি কৰিবলৈ ধৰিলে। |
24 |
তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হ’ব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হ’ল। |
25 |
কিন্তু তেওঁ তেওঁলোকক ক’লে, “অনা-ইহুদী ৰজা সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁলোকৰ মাজত ক্ষমতা পোৱা অধিকাৰী সকলক ‘উপকাৰক’ বুলি কোৱা হয়। |
26 |
কিন্তু তোমালোক তেনেকুৱা নহবা৷ তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰু এজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক। |
27 |
কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ? ভোজনত বহা জন নে, পৰিচাৰক জন? ভোজনত বহা জন নহয় নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছোঁ৷ |
28 |
কিন্তু তোমালোক মোৰ সকলো পৰীক্ষাৰ সময়ত, মোৰ লগত থকা লোক হৈছা৷ |
29 |
মোৰ পিতৃয়ে যেনেকৈ মোক ৰাজ্য দান কৰিলে, সেইদৰে তোমালোককো মই ৰাজ্য দান কৰিলোঁ, |
30 |
মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছোঁ৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা। |
31 |
চিমোন, চিমোন, চোৱা, ধান চলাৰদৰে চালিবলৈ, চয়তানে তোমালোকক তাৰ নিজৰ কৰি ল’ব খুজিলে; |
32 |
কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰু তুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।” |
33 |
পাছত পিতৰে তেওঁক ক’লে, “হে প্ৰভু, আপোনাৰ সৈতে বন্দীশাল আৰু মৰণলৈকো যাবৰ বাবে মই যুগুত হৈ আছোঁ।” |
34 |
তেতিয়া যীচুৱে ক’লে, “হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক জানা, ইয়াকে তিনি বাৰ অস্বীকাৰ নকৰালৈকে, আজি কুকুৰাই ডাক নিদিব।” |
35 |
পাছত যীচুৱে তেওঁলোকক ক’লে, “মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?” তেওঁলোকে ক’লে, “কোনো অভাৱ হোৱা নাছিল।” |
36 |
তেতিয়া তেওঁ তেওঁলোকক ক’লে, “কিন্তু এতিয়া যাৰ ধনৰ মোনা আছে, তেওঁ তাক লওঁক; সেইদৰে জোলোঙাও লওঁক; আৰু যাৰ তৰোৱাল নাই, তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক। |
37 |
কিয়নো মই তোমালোকক কওঁ, এই যি বচন লিখা আছে, সেয়ে মোত সিদ্ধ হ’ব লাগে; ‘তেওঁ বিধানহীন সকলৰ লগত গণ্য হ’ল৷’ কিয়নো মোৰেই সম্বন্ধীয় কথা সিদ্ধ হৈ আহিছে।” |
38 |
তেতিয়া তেওঁলোকে ক’লে, “হে প্ৰভু, চাওক! ইয়াত দুখন তৰোৱাল আছে।” তেওঁ তেওঁলোকক ক’লে, “সেয়ে যথেষ্ট।” |
39 |
পাছত তেওঁ বাহিৰলৈ ওলাই, তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গ’ল; আৰু শিষ্য সকল তেওঁৰ পাছে পাছে গ’ল। |
40 |
সেই ঠাই পাই তেওঁ তেওঁলোকক ক’লে, “পৰীক্ষাত যেন নপৰা, এই কাৰণে প্ৰাৰ্থনা কৰা।” |
41 |
পাছত তেওঁ এটা শিলৰ দলি সমান আতৰ গৈ আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি ক’লে, |
42 |
“হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা; তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক।” |
43 |
তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি, শক্তি দান কৰিলে। |
44 |
পাছত তেওঁ অতি যাতনা পাই বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গ’ল। |
45 |
পাছত তেওঁ প্ৰাৰ্থনা কৰি উঠি, শিষ্য সকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক শোকত ভাগৰি শুই যোৱা দেখি ক’লে, |
46 |
“তোমালোকে কিয় শুইছা? পৰীক্ষাত যেন নপৰা, এই কাৰণে উঠি প্ৰাৰ্থনা কৰা।” |
47 |
তেওঁ কথা কৈ থাকোতেই, বাৰ জন পাঁচনিৰ লগৰ যিহূদাৰ নেতৃত্বত এদল মানুহ আহি সেই ঠাইত উপস্থিত হ’ল। তাতে তেওঁ চুমা খাবলৈ যীচুৰ ওচৰ চাপি গ’ল। |
48 |
কিন্তু যীচুৱে তাক ক’লে, “হে যিহূদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শোধাই দিছা নে?” |
49 |
পাছত কি ঘটিব, তাকে দেখি তেওঁৰ সঙ্গী সকলে ক’লে, “হে প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিম নে?” |
50 |
আৰু তেওঁলোকৰ কোনো এজনে মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। |
51 |
তেতিয়া যীচুৱে সমিধান দি ক’লে, “ইয়াকো সহন কৰা।” পাছে তেওঁৰ কাণ খন চুই, তেওঁক সুস্থ কৰিলে। |
52 |
তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, মন্দিৰৰ সেনাপতি আৰু পৰিচাৰক সকলক যীচুৱে ক’লে, “যেনেকৈ ডকাইতৰ বিৰুদ্ধে ওলাই আহা, তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলা নে? |
53 |
যেতিয়া মই নিতৌ তোমালোকৰ লগত মন্দিৰত আছিলোঁ, তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা; কিন্তু এয়ে তোমালোকৰ সময় আৰু আন্ধাৰৰ অধিকাৰ।” |
54 |
পাছত তেওঁলোকে তেওঁক ধৰি নিলে, আৰু মহা-পুৰোহিতৰ ঘৰলৈ লৈ গ’ল; কিন্তু পিতৰে এক দূৰত্ব ৰাখি পাছে পাছে গ’ল। |
55 |
পাছত চোতালৰ মাজ মজিয়াত তেওঁলোকে জুই জ্বলাই একেলগে বহোতে, পিতৰেও তেওঁলোকৰ মাজত বহিল। |
56 |
তেওঁ বহি থাকোঁতে জুইৰ পোহৰত, কোনো এজনী চাকৰণীয়ে দেখা পাই, তেওঁলৈ একেথৰে চাই ক’লে, “এই মানুহ জনো তেওঁৰ লগত আছিল।” |
57 |
কিন্তু তেওঁ অস্বীকাৰ কৰি ক’লে, “হে নাৰী, মই তেওঁক চিনি নাপাও।” |
58 |
অলপ সময়ৰ পাছত, আন এজনে তেওঁক দেখা পাই ক’লে, “তুমিও তেওঁলোকৰ মাজৰ এজন।” কিন্তু পিতৰে ক’লে, “হে’ৰা, মই নহওঁ।” |
59 |
প্ৰায় এঘন্টা মানৰ পাছত, আন কোনো এজনে দৃঢ়কৈ ক’লে, “সঁচা, এই মানুহ জনেই তেওঁৰ লগত আছিল; কিয়নো তেওঁ এজন গালীলীয়া।” |
60 |
কিন্তু পিতৰে ক’লে, “হেৰা, তুমি কি কৈছা, মই তেওঁক নাজানোৱেই।” এই কথা কওঁতেই, কুকুৰাই ডাক দিলে। |
61 |
তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চাওতে, এই যি কথা প্ৰভুৱে তেওঁক কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি তিনি বাৰ মোক অস্বীকাৰ কৰিবা৷’ |
62 |
সেই কথা সুঁৱৰি তেওঁ বাহিৰলৈ গৈ, অতি শোকেৰে কান্দিবলৈ ধৰিলে। |
63 |
পাছত যি সকল লোকে যীচুক ধৰি ৰাখিছিল, তেওঁলোকে তেওঁক বিদ্ৰূপ কৰি কোবালে; |
64 |
আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, “তোমাক কোনে মাৰিলে, ইয়াক ভাববাণীৰে কোৱা?” |
65 |
আৰু নিন্দা কৰি যীচুৰ বিৰুদ্ধে আন আন বহু কথা ক’লে। |
66 |
পাছত দিন হ’লত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে, |
67 |
তেওঁলোকে ক’লে, “তুমি যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক কোৱা।” কিন্তু তেওঁ তেওঁলোকক ক’লে, “যদিও তোমালোকক কওঁ, তথাপি তোমালোকে মোক বিশ্বাস নকৰিবা, |
68 |
আৰু যদিও সুধো, তথাপি উত্তৰ নিদিবা। |
69 |
কিন্তু এতিয়াৰ পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ পৰাক্ৰমৰ সোঁ হাতে বহি থাকিব।” |
70 |
তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে তুমি ঈশ্বৰৰ পুত্ৰ নে?” যীচুৱে তেওঁলোকক ক’লে, “তোমালোকেই কোৱা যে, মই হওঁ।” |
71 |
তেতিয়া তেওঁলোকে ক’লে, “আমাৰ অন্য সাক্ষ্যৰ কি প্ৰয়োজন আছে? কিয়নো আমি নিজে এওঁৰ মুখৰ পৰাই এতিয়া শুনিলোঁ।” |
Assamese Bible |
Copyright © 2017, 2018 Bridge Connectivity Solutions |
লূক 22:1 |
লূক 22:2 |
লূক 22:3 |
লূক 22:4 |
লূক 22:5 |
লূক 22:6 |
লূক 22:7 |
লূক 22:8 |
লূক 22:9 |
লূক 22:10 |
লূক 22:11 |
লূক 22:12 |
লূক 22:13 |
লূক 22:14 |
লূক 22:15 |
লূক 22:16 |
লূক 22:17 |
লূক 22:18 |
লূক 22:19 |
লূক 22:20 |
লূক 22:21 |
লূক 22:22 |
লূক 22:23 |
লূক 22:24 |
লূক 22:25 |
লূক 22:26 |
লূক 22:27 |
লূক 22:28 |
লূক 22:29 |
লূক 22:30 |
লূক 22:31 |
লূক 22:32 |
লূক 22:33 |
লূক 22:34 |
লূক 22:35 |
লূক 22:36 |
লূক 22:37 |
লূক 22:38 |
লূক 22:39 |
লূক 22:40 |
লূক 22:41 |
লূক 22:42 |
লূক 22:43 |
লূক 22:44 |
লূক 22:45 |
লূক 22:46 |
লূক 22:47 |
লূক 22:48 |
লূক 22:49 |
লূক 22:50 |
লূক 22:51 |
লূক 22:52 |
লূক 22:53 |
লূক 22:54 |
লূক 22:55 |
লূক 22:56 |
লূক 22:57 |
লূক 22:58 |
লূক 22:59 |
লূক 22:60 |
লূক 22:61 |
লূক 22:62 |
লূক 22:63 |
লূক 22:64 |
লূক 22:65 |
লূক 22:66 |
লূক 22:67 |
লূক 22:68 |
লূক 22:69 |
লূক 22:70 |
লূক 22:71 |
লূক 1 / লূক 1 |
লূক 2 / লূক 2 |
লূক 3 / লূক 3 |
লূক 4 / লূক 4 |
লূক 5 / লূক 5 |
লূক 6 / লূক 6 |
লূক 7 / লূক 7 |
লূক 8 / লূক 8 |
লূক 9 / লূক 9 |
লূক 10 / লূক 10 |
লূক 11 / লূক 11 |
লূক 12 / লূক 12 |
লূক 13 / লূক 13 |
লূক 14 / লূক 14 |
লূক 15 / লূক 15 |
লূক 16 / লূক 16 |
লূক 17 / লূক 17 |
লূক 18 / লূক 18 |
লূক 19 / লূক 19 |
লূক 20 / লূক 20 |
লূক 21 / লূক 21 |
লূক 22 / লূক 22 |
লূক 23 / লূক 23 |
লূক 24 / লূক 24 |